Logo
image

দলং নহয়হে নহয় অজন্তাৰ উঠিল খং

আমাৰ অসম, ২৯ মাৰ্চঃ  মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণস্থলী দক্ষিণপাটত উপস্থিত হৈ আজি মন্ত্ৰী অজন্তা নেওগে দলং নিৰ্মাণৰ কাম-কাজৰ শামুকিয়া গতি দেখি হতভম্ব হৈ পৰে৷ নিৰ্মাণকাৰী সংস্থাৰ বিষয়া-কৰ্মচাৰীক জবাবদিহি কৰি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত নীতিন গাডকাৰিক সাক্ষাৎ কৰি কোম্পানীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে৷ আৰু প্ৰয়োজনসাপেক্ষে নিৰ্মাণৰত কোম্পানীৰ পৰা কাম হস্তান্তৰ  কৰা হ’ব বুলিও ধমক দি বৰ্তমানৰ গতিৰে কাম আগবাঢ়িলে ২০২৬ত দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ নুঠিব বুলি ক্ষোভেৰে ব্যক্ত কৰে৷ উল্লেখ্য, মাজুলীবাসীৰ সপোনৰ দলংখন ২০২৬ত নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ প্ৰতিশ্ৰতি দিছিল মুখ্যমন্ত্ৰীয়ে৷ মাজুলীৰ দক্ষিণপাট নাওশালিৰ পৰা যোৰহাট হাতীশাললৈ নিৰ্মাণ হ’বলগা দলংখনৰ ইতিমধ্যে মাজুলী ফালৰ পৰা ২৩টা খুঁটাৰ নিৰ্মাণৰ কাম আগবাঢ়িছে৷ মুঠ ৯২৫.৪৭ কোটি টকা ব্যয়েৰে ৮.২৫ কি,মি দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণৰ দায়িত্বত আছে ইউ পি ষ্টেট ব্ৰিজ কন্সক্টাকচন কৰ্পৰেচন লিমিটেড৷ দুই লেনযুক্ত দলংখনে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে আহি দক্ষিণপাটত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযুক্ত হ’ব৷ চাৰিবছৰ সময়সীমাৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব লগা দলংখনৰ দহ শতাংশ কামো আগবঢ়াই নিব নোৱৰাত ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী৷ ইয়াৰ পূৰ্বে আজি পুৱা কমলাবাৰী ফেৰীঘাটেৰে আহি ১১ বজাত মাজুলীত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে মাজুলীৰ গড়মূৰত বিহু নৃত্য আখৰাৰ এটি শিবিৰ উদ্বোধন কৰে৷ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যখনৰ দহ সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ দ্বাৰা বিশ্ব অভিলেখ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত মাজুলীৰ পৰা অংশগ্ৰহণৰ বাবে যাবলগীয়া দলটোৰ বিহুনৃত্যৰ আখৰা শিবিৰ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে৷ এই উপলক্ষে গড়মূৰ সৰু সত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্টি সংঘত আয়োজন কৰা বিহু নাচৰ আখৰা শিবিৰ উদ্বোধন কৰি মন্ত্ৰী নেওগে বিশ্ব দৰবাৰত বিহুক প্ৰতিষ্ঠা কৰাৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে৷ আধ্যাত্মিক পীঠস্থান মাজুলীৰ বিহুৱা-বিহুৱতীসকলে সুন্দৰ বিহু প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বুলিও মন্তব্য কৰে৷ ভাষণত মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক ভূৱন গামৰ সহযোগত আগন্তুক দিনত মাজুলী সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিব বুলি ব্যক্ত কৰে৷ বিহু প্ৰদৰ্শনৰ বাবে যাবলগীয়া দলটোৰ সকলোকে স্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈও আহ্বান জনায়৷ প্ৰতাপ বৰুৱাই আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে৷ বিধায়ক ভূৱন গামে চৰকাৰৰ উদ্যোগৰ শলাগ লৈ শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত সহকাৰী আয়ুক্ত নেত্ৰকমল বৰা, জিলা বিজেপি সভাপতি বীৰেন শইকীয়া, প্ৰাক্তন সভাপতি দীপক গোস্বামী, কৃষ্টি সংঘৰ সভাপতি জীতেন ডেকা, এম এ চিৰ সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম উপস্থিত থাকে৷ উল্লেখ্য, মাজুলী জিলাৰ পৰা ২১০জন বিহুৱা আৰু বিহুৱতীয়ে সৰুসজাইত আয়োজন কৰা বিহুনৃত্যত অংশগ্ৰহণ কৰিব৷