Logo
image

প্ৰধানমন্ত্ৰীক পৃথক ৰাজ্য দাবী হিমন্তবিশ্বৰ ‘সহচৰ’ তুলিৰামৰ

আমাৰ অসম, ৩০ মাৰ্চঃ  তুলিৰাম ৰংহাং৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ নেতাকেইজনৰ ভিতৰত অন্যতম এই আঢ্যৱন্ত নেতাজন৷ ৰংহাং মুখ্যমন্ত্ৰীৰ ইমানেই ঘনিষ্ঠ যে মুখ্যমন্ত্ৰীৰ  বিমানযাত্ৰাৰ সময়তো তেওঁ হয় নিকট সহযাত্ৰী৷ মুখ্যমন্ত্ৰীৰ লগত একেশাৰীতে আসনত বহি গুৰুত্বপূৰ্ণ ফাইল হাতত লৈ থাকে তুলিৰাম ৰংহাঙে৷ ৰংহাঙে দিয়া ফাইল পৰীক্ষা কৰি প্ৰয়োজন সাপেক্ষে স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ‘সহচৰ’ৰূপে সৰ্বত্ৰ পৰিচিত তুলিৰাম ৰংহাঙে বিচাৰিছে সুকীয়া ৰাজ্য৷ কেৱল ৰাজ্য বিচাৰিয়েই ক্ষান্ত থকা নাই ৰংহাং৷ স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত সদলবলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰকপত্ৰও দিছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তুলিৰাম ৰংহাঙে৷ বুধবাৰে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এটা প্ৰতিনিধি দলে সংসদৰ অধিৱেশন চলি থকাৰ সময়তে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি সংবিধানৰ ২৪৪[ক] অনুচ্ছেদৰ অধীনত স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী জনায় আৰু স্মাৰক-পত্ৰ প্ৰদান কৰে৷ স্মাৰক-পত্ৰ প্ৰদানৰ পাছত প্ৰধানমন্ত্ৰীৰে হোৱা প্ৰায় ৪৫ মিনিটজোৰা আলোচনাকালত তুলিৰাম বাহিনীয়ে ১৯৯৫, ২০১১ আৰু ২০২১ চনত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ পূৰ্ণ ৰূপায়ণ, প্ৰত্যক্ষভাৱে পুঁজি আৱণ্টন আৰু ২৪৪[ক] অনুচ্ছেদ ৰূপায়ণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সবিশেষ বৰ্ণনা কৰে৷ এই আলোচনাকালত বিটিআৰ চুক্তিৰ অষ্টম দফাত উল্লেখ থকা কাৰ্বি আংলঙৰ বড়ো জনগোষ্ঠীক পাৰ্বত্য অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰসংগ উল্লেখ কৰি তুলিৰাম বাহিনীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে৷ উল্লেখ্য, ২৩ মাৰ্চত স্বায়ত্তশাসিত ৰাজ্য দাবী সংগঠন ‘কাঞ্চাচডিকম’ৰ নেতৃত্বত তিনি শতাধিক লোকে নতুন দিল্লীত ধৰ্ণা দিছিল৷ অসম বিধানসভাতো এই সন্দৰ্ভত হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাং আদিয়ে ভাষণ দিছিল৷ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰা স্বায়ত্তশাসিত ৰাজ্যৰ দাবীদাৰ দলটোত তুলিৰাম ৰংহাঙৰ উপৰি আছিল সাংসদ হৰেনছিং বে’, তিনিজন বিধায়কৰ উপৰি স্বায়ত্তশাসিত পৰিষদৰ কেইবাজনো কাৰ্যবাহী সদস্য, পাৰিষদ আৰু বিজেপি নেতা৷