Logo
image

আত্মসমৰ্পণৰ চৰ্চাৰ মাজতে অমৃতপালৰ ভাবুকি-ভিডিঅ’

আমাৰ অসম, ৩০ মাৰ্চঃ ‘ৰাত নু জলন্ধৰ, সবেৰে দিল্লী’– হঠাৎ বতাহত উৱাদিহ নোহোৱা হোৱা পঞ্জাবৰ খালিস্তান আন্দোলনক ৰিচাৰ্জ কৰা বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙৰ আত্মসমৰ্পণৰ চৰ্চা চলিছে৷ আত্মসমৰ্পনৰ বাবে অমৃতপাল সিঙে তিনিটা চৰ্ত বান্ধি দিছে বুলিও খবৰ ওলাইছে৷ আক্কল তখটৰ মুৰব্বী জ্ঞানী হৰপিত সিঙে প্ৰশাসন আৰু অমৃতপালৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰি আছে৷ উল্লেখ্য, বিগত ১০ দিনতকৈও অধিক সময় আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি আছে পঞ্জাৱ দে নেতা অমৃতপাল সিং৷ পঞ্জাব আৰক্ষী, কেন্দ্ৰীয় এজেঞ্চিয়ে নেতাজনক বিচাৰিচলাথ কৰাৰ মাজতে নেতাজনে আত্মসমৰ্পণ কৰিবৰ বাবে পাঞ্জাবলৈ ঘূৰি অহা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ দিল্লী-পঞ্জাবৰ কোনো প্ৰান্তত অমৃতপাল সিঙে খোজকাঢ়ি থকাৰ এক ভিডিঅ’ ভাইৰেল হৈছে৷ অমৃতপাল সিঙৰ মুখ্য সহায়ক পাপলপ্ৰীত সিঙে মুকলি কৰা এই ভিডিঅ’ত স্বঘোষিত নেতাজনৰ পাগুৰি নোহোৱা আৰু মাক্স পিন্ধা ছবি দেখিবলৈ পোৱা গৈছে৷ পাঞ্জাব আৰক্ষীয়ে অমৃতপাল সিঙক ধৰিবলৈ হোচিয়াপুৰ আৰু চুবুৰীয়া গাঁওসমূহত যোৱা নিশা ঘৰে ঘৰে এক বৃহৎ তালাচী অভিযান চলায়৷ ইতিমধ্যে ১০০তকৈও অধিক খালিস্তানী সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ইফালে, বুধবাৰে এক লাইভ ভিডিঅ’ জাৰি কৰি অমৃত পাল সিঙে চৰকাৰ তথা আৰক্ষীক ভাবুকি দিছে৷ এই ভাবুকিত তেওঁ মন্তব্য কৰিছে যে– ‘তেওঁৰ ওপৰত চৰকাৰে লোৱা ব্যৱস্থা সমগ্ৰ শিখ সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ৷ মোৰ গ্ৰেপ্তাৰ ভগৱানৰ হাতত আছে৷ মই বিশ্বৰ শীৰ্ষত আছোঁ, কোনেও মোৰ একো কৰিব নোৱাৰে৷ হাজাৰ হাজাৰ আৰক্ষীৰ হাতৰ পৰা হাৰি আহিব পৰাটোৱে মোৰ বাবে ডাঙৰ আশীৰ্বাদ৷’ স্বাভাৱিকতে অমৃতপাল সিঙৰ এই বক্তব্যই এক নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াৰ মাজতে অশান্তি বিয়পাৰ আশংকাত অমৃতসৰৰ স্বৰ্ণমন্দিৰৰ চাৰিওফালে ফ্লেগ মাৰ্চ কৰিছে আৰক্ষীয়ে৷ হাজাৰ হাজাৰ আৰক্ষীৰ জোৱানক স্বৰ্ণ মন্দিৰত মোটায়েন কৰা হৈছে৷ অমৃতপাল সিঙে স্বৰ্ণ মন্দিৰতে আত্মসমৰ্পণ কৰাৰ চৰ্ত বান্ধি দিয়া বুলিও গুণাগথা চলিছে৷ অৱশ্যে অমৃতসৰৰ আৰক্ষী আয়ুক্ত নৌনহাল সিঙে এই কথা অস্বীকাৰ কৰিছে৷ উল্লেখ্য, অতদিনে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং কেনেদৰে পলাই গ’ল আৰু কোন দিশে গ’ল সেই সন্দৰ্ভত তথ্য আগবঢ়াই থকাৰ বাহিৰে তেওঁনো ক’ত আছে বা ক’ত থাকিব পাৰে তেনে সম্ভাৱ্য স্থানৰ বিষয়ে প্ৰকাশ কৰা নাই৷ ইয়াৰ বিপৰীতে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিং পলাই যোৱা একাধিক চিচিটিভি ফুটেজ প্ৰকাশ কৰিছে৷ সেই ফুটেজত দেখা গৈছে, অমৃতপাল সিঙে প্ৰথমে এখন মাৰ্ছিডিজ গাড়ীৰ পৰা নামি সংগীয়ে চলাই যোৱা মাৰুতি ব্ৰীজা গাড়ীত উঠি পলায়ন কৰে৷ ব্ৰীজা গাড়ীখনে টোলগেট পাৰ হোৱা ফুটেজ ভাইৰেল হৈ পৰিছে৷ তাৰ পাছতে তেওঁ জলন্ধৰৰ এটা গুৰুদ্বাৰত পোচাক সলনি কৰে আৰু মটৰ চাইকেলত উঠি সতীৰ্থৰ সৈতে পলায়ন কৰে৷ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধেও এন এছ এ অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষা আইন আৰোপ কৰিছে৷ আৰক্ষীয়ে সন্দেহ কৰিছে, অমৃতপাল সিঙে দাড়ি-চুলি কাটি নিজৰ চেহেৰা সলনি কৰি পেলাইছে৷ জলন্ধৰৰ গুৰুদ্বাৰত বন্দুক দেখুৱাই তেওঁ আহাৰ গ্ৰহণ কৰা বুলিও আৰক্ষীয়ে দাবী কৰিছে৷ আৰক্ষীয়ে অমৃতপাল সিঙৰ দাড়ি থকা আৰু নথকা বিভিন্ন ফটো প্ৰচাৰ কৰিছে৷ তেওঁলোকৰ আশংকা অমৃতপাল সিঙে দাড়ি কাটি মুণ্ডা পাঞ্জাৱীৰ দৰে বেশভূষা সলনি কৰি পলায়ন কৰিব পাৰে৷ পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ নৱবিবাহিতা পত্নী কিৰণদ্বীপকো জেৰা কৰিছে আৰু অমৃতপালৰ সংগঠনলৈ বিদেশৰ ক’ৰ ক’ৰ পৰা ধন আহিছে সেই সন্দৰ্ভত সোধা-পোছা কৰিছে৷ তেওঁলোকে অমৃতপালৰ অৱস্থিতিৰ সন্দৰ্ভত পত্নীৰ পৰা তথ্য জানিবলৈ চেষ্টা কৰিছে৷ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰতো ঘনঘোৰ ৰহস্যৰ আৱৰ্তত থকা অমৃতপাল সিঙৰ সহযোগী দলজিৎ সিং কালছি, বসন্ত সিং, গুৰমীত সিং ভূষণৱালা, ভগৱন্ত সিং, হৰিজিৎ সিং, গুৰিন্দৰ পাল আৰু অৰ্পিত সিঙক  বন্দী কৰি ৰখা হৈছে৷ ইয়াৰে হৰিজিৎ সিং হৈছে অমৃতপাল সিঙৰ খুৰাক আৰু অৰ্পিত সিং হৈছে তেওঁৰ গাড়ীৰ চালক৷ আনহাতে, দলজিৎ সিং পঞ্জাৱৰ এজন স্বল্পখ্যাত গায়ক তথা অভিনেতা৷ তেওঁ অমৃতপাল সিঙৰ আটাইতকৈ ঘনিষ্ঠ সহযোগী৷