Logo
image

ৰহাত আৰক্ষীৰ গাড়ীৰ পৰাই পলাল চোৰঃ ৰাইজে খেদি খেদি পুনৰ ধৰিলে চোৰক

ডিজিটেল সংবাদ, ৰহাঃ আৰক্ষীৰ বাহনৰ পৰাই পলাই যায় চোৰ৷ তাৰপিছত ৰাইজে খেদি খেদি পুনৰ ধৰিলে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা চোৰক৷ এই ঘটনা সংগটিত হৈছে ৰহাত৷

নিশা ৰহা আৰক্ষীয়ে দীঘলীআটিৰ পৰা চোৰটো আটক কৰি বৃহস্পতিবাৰে মেডিকেল চেকআপৰ বাবে চিকিৎসালয়লৈ নি থকা অৱস্থাতে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰে চোৰটোৱে৷ চোৰটো পলোৱা দেখি আৰক্ষীৰ লগতে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল হাজৰিকা আৰু আছুৰ নগাঁও জিলাৰ উপ সভাপতি সঞ্জয় কাকতিসহ কেইবাজনো লোকে চোৰটোক খেদি খেদি পুনৰ আটক কৰিবলৈ সক্ষম হয়৷ মোবাইল ফোনকে ধৰি বিভিন্ন চুৰিকাৰ্যৰ লগত জড়িত আছিল চোৰটো। আৰক্ষীৰ গাড়ীৰ পৰা পলায়ন কৰা চোৰটোৰ ঘৰ ৰহাৰ দীঘলীআটিত বুলি জানিব পৰা গৈছে।