Logo
image

নিৰি নাইনৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণিঃ যতীন্দ্ৰ খনিকৰলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

ডিজিটেল সংবাদ, গুৱাহাটীঃ অ' টি টি প্লেটফৰ্ম নিৰি নাইনৰ উদ্যোগত চলিত বছৰৰ ২৫ আৰু ২৬ মাৰ্চত কলকাতাত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱত ভাৰতৰ উপৰি বাংলাদেশ, নেপাল, পাকিস্তান আদিৰ ২৯৬ খন তথ্যচিত্ৰ, চুটিছবি, পূৰ্ণদৈৰ্ঘ্যৰ ছবিয়ে অংশগ্ৰহণ কৰে৷ আনহাতে ১৯ খন চুটিছবি, ৬ তথ্যচিত্ৰ আৰু ৭ খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি এই মহোৎসৱৰ বাবে নিৰ্বাচিত হয়। কলকাতাৰ কলামন্দিৰ প্ৰেক্ষাগৃহত চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰা হয়। এই মহোৎসৱত বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাস, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, জনপ্ৰিয় শিল্পী তথা মহাৰাষ্ট্ৰৰ অধিবক্তা কালিতা মোহিনী উপস্থিত থাকে। এই মহোৎসৱত চন্দ্ৰ মুদৈ পৰিচালিত 'গ গ আই' চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে অভিনেতা যতীন্দ্ৰ নাথ খনিকৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। উল্লেখ‍্য, খনিকৰে এতিয়ালৈকে ৩২ খন ধাৰাবাহিক আৰু প্ৰায় ২০ খন চুটিছবি আৰু পূৰ্ণদৈৰ্ঘ্যৰ ছবিত অভিনয় কৰিবলৈ সক্ষম হৈছে।