Logo
image

ধুবুৰীত মেট্ৰিক পৰীক্ষাৰ্থী কঢ়িয়াই অনা ই-ৰিক্সা-ছুইফ্ট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষঃ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে আহত পৰীক্ষাৰ্থী

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে ধুবুৰী চহৰত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাঁচজন পৰীক্ষাৰ্থী আহত হয়। উল্লেখ্য যে আজি অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান পৰীক্ষা দিবলৈ ই-ৰিক্সাৰে পাঁচজন পৰীক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰলৈ গৈ আছিল। পৰীক্ষা দিবলৈ গৈ থকা অৱস্থাতে চহৰখনৰ এম কো ৰোড অঞ্চলত পৰীক্ষাৰ্থী কঢ়িয়াই অনা ই-ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এএছ০১/ই৪৭৩২ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ গাড়ীৰ। ফলত ই-ৰিক্সাত থকা পাঁচজন মেট্ৰিক পৰীক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়।

আহতসকলক ততালিকে চিকিৎসালয়লৈ নিয়ে যদিও তাৰে দুগৰাকী পৰীক্ষাৰ্থীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে পৰীক্ষাত বহাৰ পৰা বঞ্চিত হয়। উল্লেখযোগ্য যে আটাইকেইজন ধুবুৰী বিদ্যাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থী আছিল। ইয়াৰে ওৱাছিম আক্ৰাম আৰু জেনিফা খাতুন দুগৰাকী পৰীক্ষাৰ্থীৰ আঘাত গুৰুতৰ হোৱাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ফলত মেট্ৰিকৰ সাধাৰণ বিজ্ঞান পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে দুয়োগৰাকী শিক্ষাৰ্থী। আনহাতে ই-ৰিক্সাখনত অইন তিনিজন পৰীক্ষাৰ্থীয়ে প্ৰাথমিক চিকিৎসাৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হয়। ইপিনে এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনকি উত্তেজিত ৰাইজে ছুইফ্ট ডিজায়াৰ গাড়ীখন ভাঙি চুৰমাৰ কৰে। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷