Logo
image

ৰাষ্ট্ৰপতিক আদৰিবলৈ কাজিৰঙা সাজু

আমাৰ অসম, ৩১ মাৰ্চঃ তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে ৬ৰ পৰা ৮ এপ্ৰিললৈ কাজিৰঙাত অনুষ্ঠিত হ’ব গজ উৎসৱ৷ কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ অধীনত হস্তী প্ৰকল্পৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত অনুষ্ঠিত  হ’বলগা কাজিৰঙা গজ উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু৷ গজ উৎসৱ উপলক্ষে কাজিৰঙাত এতিয়া যুদ্ধকালিন প্ৰস্তুতি চলাইছে বন বিভাগে৷ কাজিৰঙাৰ কহঁৰাত অৱস্থিত কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ খেলপথাৰত ৰাজহুৱা সভাৰ বাবে সাজু কৰা হৈছে এক বিশাল মূল পেণ্ডেল৷ কেইবাহাজাৰ লোক বহিব পৰাকৈ এক বিশাল পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে৷ কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ উপৰিও দেশৰ বিভিন্ন ৰাজ্যৰ বন বিভাগৰ উচ্ছপদস্থ বিষয়া, হস্তী বিশেষজ্ঞ, প্ৰকৃতিপ্ৰেমী তথা ৰাইজে অংশগ্ৰহণ কৰা এই সভাতেই উপস্থিত থাকিব ৰাষ্ট্ৰপতিগৰাকী৷ আনহাতে, বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ কাষত ৰাষ্ট্ৰপতিগৰাকীৰ বাবে এক বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিব বন বিভাগে৷ য’ত কাজিৰঙাৰ ইতিহাস, ঐতিহ্যৰ লগতে কাজিৰঙাৰ এশ বছৰীয়া সংৰক্ষণৰ বিষয়ে বৰ্ণনা কৰা হ’ব৷ বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান, সৰ্বাধিক এছিয় বনৰীয়া ম’হ, দুষ্প্ৰাপ্য দল হৰিণা, ঢেকীয়াপতীয়া বাঘ, হাতী আদি বন্যপ্ৰাণীৰ লগতে প্ৰায় পাঁচ শতাধিকতকৈও অধিক বিভিন্ন প্ৰজাতিৰ পক্ষী তথা জীৱ বৈচিত্ৰ্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সফলতাৰে এশ বছৰ সংৰক্ষণ কৰাৰ এক সফল কাহিনী ৰাষ্ট্ৰৰ প্ৰধানজনৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হ’ব বুলি জানিব পৰা গৈছে৷ আনহাতে, কাজিৰঙাৰ কেন্দ্ৰস্থান কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰক্ষাগৃহত গজ উৎসৱৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰৰ আয়োজন কৰাৰ বাবেও প্ৰস্তুতি চলাইছে বন বিভাগে৷ ইফালে গজ উৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে কাজিৰঙাত উপস্থিত হয় ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ৷ বিষয়াজনে কাজিৰঙাত উপস্থিত হৈ নিজেই তদাৰক কৰিছে সমগ্ৰ কাম-কাজ৷ ইপিনে ৬ এপ্ৰিলৰ বিয়লি ভাগত কাজিৰঙা গজ উৎসৱৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ব বুলি বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য, দেশৰ ৰাষ্ট্ৰপতিগৰাকী ৭ এপ্ৰিলত কাজিৰঙাত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে৷ ইফালে কাজিৰঙা গজ উৎসৱত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো দৰ্শন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিষয়াগৰাকীয়ে৷ উল্লেখ্য, বিগত বৰ্ষতো পূৰ্বৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দ পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল৷