Logo
image

দেশৰ এশ ক্ষমতাশালীৰ তালিকাত ১৭নং স্থানত হিমন্ত

আমাৰ অসম, ৩১ মাৰ্চঃ ১০০ জন শক্তিশালী ভাৰতীয়ৰ তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ এই তালিকাৰ ১৭নম্বৰ স্থানত আছে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ নাম৷ উল্লেখ্য যে, বৃহস্পতিবাৰে দা ইণ্ডিয়ান এক্সপ্ৰেছে ২০২৩ বৰ্ষৰ ১০০জন শক্তিশালী ভাৰতীয়ৰ তালিকা ৰাজহুৱা কৰে৷ এই তালিকাৰ সংখ্যাৰ শীৰ্ষত আছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম৷ ইয়াৰ উপৰিও তালিকাত স্থান লাভ কৰিছে ক্ৰমে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, বিদেশ মন্ত্ৰী এছ, জয় শংকৰ লাভ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূঙ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ৷      তালিকাৰ ষষ্ঠ স্থানত আছে আৰ এছ এছ প্ৰধান মোহন ভাগৱত৷ বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জেপি নাড্ডা আছে তালিকাৰ সপ্তম স্থানত৷ তালিকাত অষ্টম স্থান পালে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন৷ বিগত বৰ্ষৰ তালিকাত পঞ্চম স্থানত থকা মুকেশ আম্বানি এইবাৰৰ তালিকাত নৱম স্থান লাভ কৰিছে৷ দশম স্থানত আছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল৷ পূৰ্বতে ৮২ নম্বৰ ৰেংকিঙত থকা অভিনেতা শ্বাহৰুক খান এইবাৰৰ তালিকাত ৫০নং স্থান আছে৷ ৪বছৰ বিৰতিৰ মূৰত বলিউডলৈ উভতি আহিছে কিং খান৷ তালিকাত ৮৭ নম্বৰ স্থানত আছে মেগাষ্টাৰ অমিতাভ বচ্ছন৷ ৯৯ নম্বৰত আছে আলিয়াভাট আৰু ১০০নম্বৰ স্থানত আছে অভিনেতা ৰণবীৰ সিঙ৷ তালিকাৰ ৯৫ নম্বৰ স্থানত আছে চিত্ৰ পৰিচালক এছ এছ ৰাজমৌলি৷ তেওঁৰ দ্বাৰা পৰিচালিত আৰ আৰ আৰ’ ছবিৰ সংগীত ‘নাটু নাটু’ এইবাৰ অস্কাৰ লাভ কৰিছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তালিকাৰ ১৩ নম্বৰত আছে৷ ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি, ৫ মাজত চাৰি হাজাৰ কিলোমিটাৰৰো অধিক পথ যাত্ৰা কৰি তালিকাত ১৫ নম্বৰ স্থান লাভ কৰে ৰাহুল গান্ধী৷ বিগত বৰ্ষত ৰাহুল গান্ধী ৫১ নম্বৰ স্থানত আছিল৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মা ১৭ নং স্থানত থকাৰ বিপৰীতে তালিকাৰ ১৪ নম্বৰত আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ১৬ নম্বৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷