Logo
image

গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত আৰম্ভ হ'ব যকৃত সংৰোপণৰ চিকিৎসা

ডিজিটেল সংবাদ, গুৱাহাটীঃ শীঘ্ৰে আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত আৰম্ভ হ'ব যকৃত সংৰোপণৰ (লিভাৰ ট্রান্সপ্লান্টেচন) চিকিৎসা। চেন্নাইৰ গ্লেনিগলছ গ্লোবেল হেল্থ চিটি হাস্পতালৰ তত্ত্বাৱধানত গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত এই চিকিৎসা কৰা হ'ব। শুকুৰবাৰে আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত আয়োজিত এক সংবাদমেলত এই বিষয়ে ঘোষণা কৰে গ্লেনিগলছ গ্লোবেল হেল্থ চিটি হাস্পতালৰ কর্পোৰেট ৰিলেশ্বনৰ মুখ্য বিষয়া বি ৰেড্ডীয়ে। ইতিমধ্যে দুয়োখন চিকিৎসালয়ৰ মাজত সম্পাদিত বুজাবুজি চুক্তি অনুসৰি এই চিকিৎসাৰ প্ৰাৰম্ভিক চিকিৎসা আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত আৰম্ভ হৈছে আৰু অংগ সংৰোপণৰ যাবতীয় অনুজ্ঞাপত্ৰৰ বাবে কাম চলি থকা বুলি মুখ্য বিষয়ে বি ৰেড্ডীয়ে উল্লেখ কৰে। 

উক্ত সংবাদমেলত উপস্থিত থকা গ্লেনিগলছ গ্লোবেল হেল্থ চিটি হাস্পতালৰ লিভাৰ সংৰোপণ চাৰ্জাৰীৰ মুখ্য চিকিৎসক ডাঃ শ্রীনিবাস ৰেড্ডীয়ে এই চিকিৎসা প্রসংগত বক্তব্য আগবঢ়ায়। তেওঁ কয় যে দেশত যকৃতজনিত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে আৰু ইয়াৰ মুখ্য কাৰণবোৰৰ ভিতৰত অন্যতম হ'ল জীৱন শৈলীৰ পৰিৱর্তন, ফেটি লিভাৰ আৰু মদ্যপান।নিয়মীয়া শাৰিৰীক শ্ৰম, ব্যয়াম, খাদ্যাভাসৰ নিয়ন্ত্রণ আৰু মদ্যপান ত্যাগে জীৱন ৰক্ষা কৰিব পাৰে। যিহেতু যকৃত সংৰোপণৰ দৰে চিকিৎসা বহু ব্যয়বহুল আৰু সহজলভ্য নহয়, আমি সাৱধান হোৱা উচিত।

আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সহযোগত আৰু গ্লেনিগলছ গ্লোবেল হেল্‌থ চিটি হাস্পতালৰ তত্ত্বাৱধানত লিভাৰ বিকল হোৱা এগৰাকী ৩৬ বছৰীয়া ৰোগীৰ লিভাৰ সংৰোপণ সফলতাৰে এবছৰ সম্পন্ন হোৱাৰ প্ৰসংগত ডাঃ শ্রীনিবাস ৰেড্ডীয়ে কয় যে এগৰাকী ৩৬ বছৰীয়া ৰোগীয়ে লিভাৰৰ জটিল ৰোগত আক্ৰান্ত হৈ আয়ুৰসুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ গেষ্টোলজি বিভাগৰ চিকিৎসক ডাঃ মায়ংক আগৰৱালাৰ তত্ত্বাৱধানত ভর্তি হৈছিল। তাৰপাছত আমাৰ চিকিৎসকে চেন্নাইৰ পৰা আহি তেওঁক আয়ুৰসূন্দ্ৰা চিকিৎসা আগবঢ়ায় কিন্তু তেওঁৰ যকৃতৰ সংৰোপণ জৰুৰী হোৱাত ডাঃ আগৰৱালাই গ্লেনিগলছ গ্লোবেল হেল্থ চিটি হাস্পতালত তেওঁক সংৰোপণৰ বাবে পৰামৰ্শ আগবঢ়ায়। তেওঁক ততালিকে ৰে'লৱে এম্বুলেন্সত গ্লেনিগলছ গ্লোবেল হেল্থ চিটি হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰা হয়। গ্লেনিগলছ গ্লোবেল হেল্থ চিটি হাস্পতালত ডাঃ শ্রীনিৱাস ৰেড্ডীৰ নেতৃত্বত এটা বিশেষজ্ঞ চিকিৎসকৰ দলে ৰোগীগৰাকীৰ তাৎক্ষণিক চিকিৎসা আৰম্ভ কৰে। লিভাৰ ট্রান্সপ্লান্টেচন আৰু এইচ পিচি ছাৰ্জাৰীৰ পৰিচালকৰ লগতে ডাঃ ৰজনীকান্ত পাচ্চা ক্লিনিকেল লিড আৰু ডাঃ চেলভা কুমাৰ এনাস্থেটিষ্টৰ লগতে জ্যেষ্ঠ পৰামৰ্শদাতা আৰু ডাঃ তায় ভাগেছ আদিৰ সহযোগত এই অস্ত্রোপচাৰ সম্পন্ন কৰা হয়। ৰোগীজনক তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে যকৃত দান কৰাত এই চিকিৎসা সুকলমে সম্পন্ন হোৱা বুলি ডাঃ ৰেড্ডীয়ে কয়। যোৱা এবছৰে তেওঁ সুস্থ জীৱন কটাইছে আৰু বৰ্তমান তেওঁ সম্পূর্ণ সুস্থ বুলি ডাঃ ৰেড্ডীয়ে কৰে।

সংবাদমেলত আয়ুৰছুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ মুখ্য প্রশাসনিক বিষয়া মনোজ কুমাৰ ডেকাই কয় যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা যাবতীয় অনুজ্ঞাপত্ৰ লাভ কৰাৰ পাছতেই আয়ুৰছুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত এই যকৃত সংৰোপণৰ চিকিৎসা আৰম্ভ কৰা হ'ব। ইতিমধ্যে এই চিকিৎসাৰ বাবে যাবতীয় আন্তঃগাঁঠনিৰ কাম সম্পূর্ণ হৈছে আৰু চিকিৎসক, নার্চ, চিকিৎসাকর্মী আদিৰ প্রশিক্ষণ দি থকা হৈছে। তেওঁ পুনৰ কয় যে প্ৰাৰম্ভিক পৰ্যায়ত এবছৰ-দুবছৰলৈকে লাভবিহীনভাৱে এই চিকিৎসা প্রদান কৰা হ'ব। একেবাৰে ন্যূনতম খৰছত এই চিকিৎসা সেৱা আগবঢ়োৱাৰ চেষ্টা কৰা হ'ব। সম্প্রতি আয়ুৰছুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত লিভাৰৰ ৰোগত আক্রান্ত ৰোগীক ডাঃ মায়ংক আগৰৱালাৰ তত্ত্বাৱধানত চিকিৎসা আগবঢ়োৱা হয় আৰু প্রতিমাহে চেন্নাইৰ গ্লেনিগলছ গ্লোবেল হেল্থ চিটি হাস্পতালৰ দল এটিয়ে গুৱাহাটীলৈ আহি তেওঁক সহায় আগবঢ়ায়।

গুৱাহাটীত যকৃতৰ সংৰোপণ আৰম্ভ হোৱাৰ লগে লগে ৰোগীৰ চিকিৎসাৰ ব্যয়ো হ্রাস পাব। তেওঁ কয় যে জটিল ৰোগত আক্রান্ত হ'লেই জীৱনৰ শেষ নহয়৷ শেষতো লুকাই থাকে আৰম্ভণিৰ নতুন সন্ধান। এই ক্ষেত্ৰত ৰাজু বৰুৱা হ'ব পাৰে এটা উদাহৰণ। সংবাদমেলখনত উপস্থিত থকা ৰাজু বৰুৱাক তেওঁ উত্তৰ-পূৰ্বাঞ্চলত লিভাৰৰ ৰোগত অসুস্থ হৈ পৰা ৰোগীসকলৰ বাবে আশা দিব পৰা এক বাটকটীয়া হ'ব পাৰে বুলি উল্লেখ কৰে। বৰুৱাই ৰাইজক লিভাৰৰ ৰোগৰ পৰা ৰক্ষা পাবলৈ কি কৰিব লাগে, কি কৰিব নালাগে আৰু ইয়াৰ চিকিৎসাৰ উপায় বা সুবিধা সম্পৰ্কে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে আগভাগ ল'ব।' -ডেকাই উল্লেল্লখ কৰে।

উক্ত সংবাদমেলত লিভাৰৰ অস্ত্রোপচাৰ কৰাৰ পিছত সুস্থ হোৱা ৰোগী তথা সাংবাদিক (ৰাজু বৰুৱা) গৰাকীয়ে তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতা সম্পর্কে ব্যাখ্যা কৰে৷ সংবাদমেলখনত ডাঃ পোৰিত শৰ্মা, চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱ বৰুৱাও উপস্থিত থাকে।