Logo
image

এপ্ৰিল ফুল

আমাৰ অসম, ১ এপ্ৰিলঃ পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব টোলটেক্স, বিদ্যুৎ মাচুল, জীৱনদায়িনী ঔষধৰ মূল্য৷ কিন্তু আপুনি এয়া সঁচৰাচৰ হোৱা এপ্ৰিল ফুল বুলি সপোনতো নাভাবিব৷ প্ৰতিবছৰে এপ্ৰিল মাহৰ প্ৰথম দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত এপ্ৰিল ফুল পালনৰ এক পৰম্পৰা চলি আহিছে৷ প্ৰকৃততে কোনো এক কৌতুকৰ জৰিয়তে কাৰোবাক মূৰ্খ সজোৱা পৰম্পৰাটোকে এপ্ৰিল ফুল বুলি কোৱা হয়৷ কিন্তু অসমত বিজেপিশাসিত চৰকাৰখনে ১ এপ্ৰিলৰ দিনটোত ৰাইজক স্বৰূপাৰ্থতে মূৰ্খ সজাবলৈ আগবাঢ়িছে৷  কিয়নো ৰাজ্যবাসীৰ ওপৰত চৰকাৰখনে জাপি দিবলৈ ওলাইছে একাধিক বৰ্ধিত কৰৰ বোজা৷ এয়া কোনো কাৰণতে সততে ১ এপ্ৰিলত পালন কৰা কৌতুকসৰ্বস্ব এপ্ৰিল ফুল নহয়৷ এয়া বাস্তৱ ক্ষেত্ৰতে কঠোৰ এক এপ্ৰিল ফুলৰ শাস্তি৷ কিয়নো অসমত বিজেপিশাসিত চৰকাৰখনে এই দিনটোতে সঁচা অৰ্থতে ৰাজ্যবাসীক মূৰ্খ সজাই কাৰ্যকৰী কৰিবলৈ ওলাইছে একাধিক জনবিৰোধী সিদ্ধান্ত৷ বৰ্ধিত কৰৰ বোজা জাপি দিয়াৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ অব্যাহত আছে প্ৰতিবাদ৷ কিন্তু এই প্ৰতিবাদকো আওকাণ কৰি পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুতৰ নতুন মাচুল নিৰ্ধাৰণ কৰিছে৷ পহিলা এপ্ৰিলৰ পৰা বিদ্যুৎ গ্ৰাহকে পূৰ্বৰ তুলনাত অতিৰিক্ত মাচুল আদায় দিব লাগিব৷ বিদ্যুৎ গ্ৰাহকৰ ফিক্সড চাৰ্জ প্ৰতিমাহে প্ৰতি কিলোৱাটযকেভিত ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনোৱা হৈছে৷ অৰ্থাৎ সাধাৰণ বিদ্যুৎ গ্ৰাহকে পূৰ্বতে ফিক্সড চাৰ্জৰ বাবদ অতিকমেও ১২০ টকা পৰিশোধ কৰি আহিছিল যদিও এতিয়াৰ পৰা প্ৰতি কিলোৱাটযকেভিত ১০ টকাকৈ প্ৰায় ৪০টকাকৈ অতিৰিক্ত মাচুল আদায় দিব লাগিব৷ সামগ্ৰিক ৰাজহ আদায়ৰ স্বাৰ্থতে শক্তি বিভাগে গ্ৰহণ কৰিছে মাচুল বৃদ্ধিৰ এই সিদ্ধান্ত৷ বিদ্যুৎ মাচুলৰ সমান্তৰালভাৱে ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৭খন টোলগেট ক্ৰমে সোণাপুৰৰ নাজিৰাখাট, বাইহাটাৰ মদনপুৰ, ৰহা, মান্দেৰডিছা, মিকিৰআটি হগাঁও, বালাচেৰা আৰু গলিয়া টোলপ্লাজাৰ মাচুল অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে চৰকাৰে৷ ১ এপ্ৰিলৰ পৰা পূৰ্বৰ তুলনাত প্ৰতিখন টোলপ্লাজাতে যান-বাহন পাৰ হোৱাৰ বিপৰীতে ৫১ পৰা ১০ শতাংশ অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব৷ গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ নাজিৰাখাটৰ টোলগেট ৰাজ্যৰ আটাইতকৈ ব্যয়বহুল টোলপ্লাজা হিচাপে চিহ্নিত হৈছে৷ খাদ্য-সামগ্ৰী, ইন্ধন, ৰন্ধন গেছকে ধৰি প্ৰায় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জুৰুলা হৈ পৰা সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ শোধাই ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব অত্যাৱশ্যকীয় ঔষধৰ মূল্যও৷ পেইন কিলাৰ, এণ্টিবায়’টিক, এণ্টিইনফেক্টিভ, হৃদৰোগৰ ঔষধকে ধৰি অত্যাৱশ্যকীয় বা জৰুৰী সেৱাত ব্যৱহৃত ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি পাব পহিলা এপ্ৰিলৰ পৰা৷ ৮০০বিধ জৰুৰী বা অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত সৰ্বসাধাৰণ ৰাইজৰ ওপৰত জাপি দিবলৈ ওলাইছে বিজেপি চৰকাৰে৷ বিগত বছৰতো সকলো ঔষধৰ পাইকাৰি মূল্য ১০.৭ শতাংশ বৃদ্ধি হৈছিল৷ ফলত দুবছৰত দেশৰ বজাৰত ঔষধৰ মূল্য ২২ শতাংশতকৈও অধিক বৃদ্ধি কৰিলে বিজেপি চৰকাৰে৷ ৰাজ্য চৰকাৰে শেহতীয়াভাৱে পৌৰকৰ বৃদ্ধিৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক কেন্দ্ৰ কৰি সৰ্বত্ৰ প্ৰতিবাদ অব্যাহত আছে৷ চৰকাৰী সিদ্ধান্ত অনুসৰি পৌৰসভাসমূহে নিজস্বভাৱে ১১ পৰা ২৫ শতাংশপৰ্যন্ত পৌৰকৰ বৃদ্ধিৰ ক্ষমতা লাভ কৰিছে৷ আনহাতে, ইয়াতকৈও যদি কোনো পৌৰসভাই অধিক কৰ সংগ্ৰহ কৰিব বিচাৰে, তেতিয়াহ’লে সেই সন্দৰ্ভত তেওঁলোকে চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিব লাগিব৷ এই প্ৰস্তাৱৰ ওপৰত চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব৷ দিছপুৰৰ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই ৰাজ্যৰ বিভিন্ন পৌৰসভাসমূহে ব্যাপক হাৰত পৌৰকৰ বৃদ্ধিৰ প্ৰতিযোগিতাত নামি পৰিছে৷ এতিয়াৰে পৰা পেটিএমসহ ৱালেটেৰে লেনদেনতো ভৰিব লাগিব মাচুল৷ পহিলা এপ্ৰিলৰ পৰা অনলাইন ৱালেট যেনে ফোন পে’, পেটিএম, এমাজনৰ পিপিআই মাৰ্চেণ্ট লেনদেনত গ্ৰাহকে ২ হাজাৰ টকাৰ অধিক লেনদেনত ভৰিব লাগিব ১.১ শতাংশ মাচুল৷ চৰকাৰীভাৱে মাচুল বা কৰ বৃদ্ধিৰ এই সিদ্ধান্তৰ বিপৰীতে বজাৰ আজি নিয়ন্ত্ৰণৰ বাহিৰত৷ নিত্যব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ মূল্য প্ৰতিদিনে অভাৱনীয়ভাৱে বৃদ্ধি পাই আছে৷ ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে চিমেণ্ট, ৰড আদিৰ দৰে সামগ্ৰীৰ মূল্যও৷ চৰকাৰৰ এনে চূডান্ত জনবিৰোধী সিদ্ধান্ত আজি আৰু পৰম্পৰাগত ‘এপ্ৰিল ফুল’ হৈ থকা নাই৷ পহিলা এপ্ৰিলৰ পৰা ৰাজ্যবাসীৰ মূৰত পৰিবলগীয়া একাধিক বৰ্ধিত কৰৰ বোজাৰে এয়া বাস্তৱ ক্ষেত্ৰতে নিৰ্দয় এপ্ৰিল ফুল৷

বিদ্যুতৰ ফিক্সড চাৰ্জ বৃদ্ধিঃ গ্ৰাহক সংস্থাৰ ক্ষোভ

‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু গুৱাহাটীৰ প্ৰতিবেদকঃ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বিদ্য়ুৎ নিয়ামক আয়োগে নিৰ্ধাৰণ কৰা বিদ্যুতৰ নতুন নিৰিখক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অল আছাম ইলেক্ট্ৰিচিটী কন্‌জুমাৰ্ছ এছ’চিয়েশ্বনে৷ বিদ্যুৎ গ্ৰাহক সংস্থাটোৰ উপদেষ্টা বিমল দাস আৰু আহ্বায়ক অজয় আচাৰ্য্যই এই সন্দৰ্ভত এটা বিবৃতিত কয়–অহা বিত্তীয় বৰ্ষৰ বাবে বিদ্য়ুৎ গ্ৰাহকৰ প্ৰতি ইউনিট বিদ্য়ুতৰ মাচুল প্ৰায় এটকাকৈ বৃদ্ধি কৰাৰ বাবে এপিডিচিএলৰ আবেদন বিদ্য়ুৎ নিয়ামক আয়োগে নাকচ কৰিছে৷ নিয়ামক আয়োগে বিদ্য়ুৎ গ্ৰাহকৰ ফিক্সড চাৰ্জ প্ৰতি কিলোৱাটত ১০ টকাকৈ বৃদ্ধি কৰিছে যদিও বৰ্তমানে বাহাল থকা প্ৰতি ইউনিট বিদ্য়ুৎ মাচুলৰ নিৰিখ শ্ৰেণী অনুসাৰে ক্ৰমে ১০-২০ পইচাকৈ হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷ দীৰ্ঘদিন ধৰি বিদ্য়ুতৰ মাচুল বৃদ্ধিৰ প্ৰতি ৰাইজৰ তীব্ৰ ক্ষোভ-বিক্ষোভ আৰু গ্ৰাহক আন্দোলনৰ প্ৰভাৱে এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ অল আছাম ইলেক্ট্ৰিচিটী কন্‌জুমাৰ্ছ এছ’চিয়েশ্বনে সঘনাই বিদ্য়ুত মাচুল বৃদ্ধিৰ ধাৰাবাহিক বিৰোধিতা কৰি অহাৰ লগতে বিগত ২৮ ফেব্ৰুৱাৰীত নিয়ামক আয়োগৰ ৰাজহুৱা শুনানিত এপিডিচিএলৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ বিৰুদ্ধে বলিষ্ঠ যুক্তি দাঙি ধৰি অত্যাৱশ্যকীয় সেৱা বিদ্য়ুতৰ মাচুল যাতে কোনোপধ্যেই বৃদ্ধি কৰা নহয় তাৰ বাবে আয়োগক আহ্বান জনাইছিল৷