Logo
image

আজিৰ পৰা আৰম্ভ শিক্ষাবৰ্ষ নাই ইউনিফৰ্ম, নাই পাঠ্যপুথি

আমাৰ অসম, ১ এপ্ৰিলঃ মাধ্যম বিতৰ্কৰ এতিয়াও অৱসান হোৱা নাই৷ ৰাজ্যৰ চৰকাৰী খণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ হাতত আজিও পৰা নাই পাঠ্যপুথি৷ ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে পোৱা নাই পাঠ্যপুথি৷ বিনামুলীয়া পাঠ্যপুথি আনুষ্ঠানিকভাৱে বিতৰণৰ শুভাৰম্ভ কৰিয়েই দায়িত্ব সামৰিছে শিক্ষা বিভাগে৷ একাংশ বিদ্যালয় কৰ্তৃপক্ষৰ হাতত পাঠ্যপুথি পৰিছে যদিও ছাত্ৰ-ছাত্ৰীৰ মাজত এতিয়াও বিতৰণ কৰিব পৰা নাই৷ বহু বিদ্যালয়ৰ কৰ্তৃপক্ষই আজিপৰ্যন্ত পোৱা নাই পাঠ্যপুথি৷ বিদ্যালয় কৰ্তৃপক্ষৰ হাতত পৰা নাই ছাত্ৰ-ছাত্ৰীৰ  ইউনিফৰ্ম৷ ৰাজ্যৰ সৰহসংখ্যক বিদ্যালয়ৰ ইউনিফৰ্ম প্ৰদানৰ বিষয়টো এতিয়াও নিবিদা আহ্বানৰ প্ৰক্ৰিয়াতে আছে৷ তাৰ মাজতে কাইলৈ অৰ্থাৎ পহিলা এপ্ৰিলত আৰম্ভ হ’ব নতুন শিক্ষাবৰ্ষ৷ শিক্ষাৰ্থীক ইউনিফৰ্ম প্ৰদানৰ বিষয়টোত দুৰ্নীতিত আশংকা কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়– ইউনিফৰ্ম যোগানৰ ক্ষেত্ৰত যিধৰণৰ স্বচ্ছতা থাকিব লাগে সেয়া নাই৷  দুৰ্নীতি থাকি গ’ল বুলি সকলোৰে সন্দেহ হৈছে৷ ইফালে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ স্পষ্ট কথা– কমিছন পোৱাৰ লোভত ইউনিফৰ্ম প্ৰদানত অযথা বিলম্ব কৰা হৈছে৷ ইউনিফৰ্ম প্ৰদানৰ ব্যৱস্থাটো যাতে কেইজনমান বেপাৰীয়ে পায়, একে ৰাতিৰ ভিতৰত ইউনিফৰ্ম প্ৰদানৰ ঠিকাটো দিব পাৰে তাৰবাবে ইউনিফৰ্ম প্ৰদানত বিলম্ব কৰা হৈছে৷ শিক্ষা বিভাগৰ এনে কাৰ্যৰ ফলত বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰী৷ 

বিজ্ঞান-গণিতৰ পাঠ্যপুথি ইংৰাজীত ছপাই ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগ কৰিছে চৰকাৰেঃ অসম জাতীয় পৰিষদৰ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভগে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত ছপা আৰু বিতৰণ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, যি সময়ত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত মাতৃভাষা তথা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানত গুৰুত্ব দিছে, তেনে সময়ত অসম চৰকাৰে মাতৃভাষা শিক্ষাৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাটো ৰহস্যজনক৷ গতিকে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে দলটোৱে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পহিলা এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শিক্ষাবৰ্ষৰ পৰা মাতৃভাষা মাধ্যমৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠদান ইংৰাজী ভাষাতে কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ ইতিপূৰ্বে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ অসম জাতীয় পৰিষদকে ধৰি ৰাজ্যৰ প্ৰায়কেইটা ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন তথা শিক্ষক সংগঠনসমূহে তাৰ তীব্ৰ বিৰোধিতা কৰিছিল৷ কিন্তু তেনে বিৰোধিতাক আওকান কৰি শিক্ষা বিভাগে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ জৰিয়তে বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথিসমূহ ইংৰাজী ভাষাতে প্ৰণয়ন আৰু মুদ্ৰণ কৰি ইতিমধ্যে চৰকাৰী বিদ্যালয়সমূহত বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ শুকুৰবাৰে অসম জাতীয় পৰিষদে চৰকাৰৰ উক্ত পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰা পত্ৰখনত দলটোৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতিত পাঠ্যক্ৰমৰ মাধ্যম হিচাপে মাতৃভাষাক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে৷ মাতৃভাষাত শিক্ষা প্ৰদান কৰাটো ছাত্ৰ-ছাত্ৰীৰ মানসিক পৰিপুষ্টি সাধনৰ উৎকৃষ্ট উপায় বুলি প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজহুৱা মঞ্চত বহুবাৰ প্ৰকাশ কৰিছে৷ সেই কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিত মাতৃভাষা কিম্বা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া বুলি প্ৰধানমন্ত্ৰীয়ে কৈ আহিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এনে স্পষ্ট নীতি থকাৰ পিছতো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰ তথা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিপৰীতে স্থিতি গ্ৰহণ কৰাটো ৰহস্যজনক৷ 

গণিত-বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজীত ছপা হোৱা কাণ্ডই চৰকাৰৰ দায়িত্বহীন মনোভাৱক উদঙাই দিছেঃ এছ এফ আই

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে চলিত বিধানসভাৰ অধিৱেশনতে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পাঠদানৰ ক্ষেত্ৰত ভিন্ন দিশ পৰ্যালোচনাৰ বাবে এখন উচ্চৰীয় সমিতি গঠন কৰা হৈছে বুলি কোৱাৰ মাজতে ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি দুখন ইংৰাজীত ছপা হোৱা কাৰ্যত এছ এফ আইৰ অসম ৰাজ্যিক কমিটী স্তম্ভিত হৈছে আৰু এই কাণ্ডই শিক্ষা বিভাগত চলি থকা অৰাজক পৰিস্থিতিক আৰু শিক্ষা ব্যৱস্থাটোৰ প্ৰতি থকা তেওঁলোকৰ বেপেৰুৱা আৰু দায়িত্বহীন মনোভাৱৰ পৰিচয় দিছে বুলি অভিহিত কৰিছে৷ এনে কাৰ্য দুৰ্ভাগ্যজনক আৰু সৰ্বোতোপ্ৰকাৰে নিন্দনীয়৷ শিক্ষা বিভাগৰ এই কাৰ্যক এছ এফ আয়ে ধিক্কাৰ জনাইছে আৰু তাৎক্ষণিকভাৱে মাতৃভাষাত এই পাঠ্যপুথি প্ৰকাশ কৰাৰ দাবী জনাইছে৷