Logo
image

আজি জে’লৰ পৰা ওলাব সিদ্ধু

আমাৰ অসম, ১ এপ্ৰিলঃ ৩৫ বছৰৰ পুৰণি এটা গোচৰত এবছৰৰ কাৰাদণ্ড ভোগা জাতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধুৱে কাৰাবাস সম্পূৰ্ণ হোৱাৰ পুৰ্বেই শনিবাৰে মুক্তি লাভ কৰিব৷ সম্প্ৰতি দুৰাৰোগ্য কৰ্কটৰোগত ভুগি থকা পত্নী নৱজোৎ কৌৰ আৰু সিদ্ধুৰ অনুৰাগীৰ বাবে নিঃসন্দেহে এয়া এটা সুখবৰ৷ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিকজনে    নিজৰ টুইটাৰ হেণ্ডলৰ পৰা শুকুৰবাৰে তেওঁৰ সম্ভাৱ্য মুক্তিৰ বিষয়ে প্ৰকাশ কৰিছে৷ মাথোঁ কেইদিনমান পূৰ্বে সিদ্ধুৰ পত্নীয়ে ছ’চিয়েল মিডিয়াত জনাইছিল যে তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে৷ সম্প্ৰতি তেওঁৰ এটা গুৰুতৰ অস্ত্ৰোপচাৰো সম্পন্ন কৰিবলগীয়া হৈ আছে৷ এনে সংকটৰ মুহূৰ্তত স্বামী কাৰাবন্দী হৈ থকাটোৱে তেওঁক গভীৰ বেদনা দিছে৷ নিজৰ স্বামীক নিৰ্দোষী বুলি কৈ চিকিৎসক তথা প্ৰাক্তন বিধায়িকা নৱজোৎ কৌৰে সেই বিবৃতি দিয়াৰ এসপ্তাহৰ ভিতৰতে স্বামী তথা পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী নৱজোৎ সিং সিদ্ধুৱে শনিবাৰে কাৰাবাস সম্পূৰ্ণ হোৱাৰ পূৰ্বেই মুক্তি লাভ কৰাটো নিশ্চিত হৈছে৷ যোৱা বছৰৰ ২০ মে’ত পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰা সিদ্ধুৱে অহা ১৯ মে’ত মুক্তি লাভ কৰাৰ কথা আছিল৷ কাৰাগাৰত প্ৰদৰ্শন কৰা ভাল ব্যৱহাৰৰ বাবেই তেওঁক আগতীয়াকৈ মুক্তি দিয়া হ’ব বুলি কাৰাগাৰ কতৃৰ্পক্ষই ঘোষণা কৰিছে৷

সিদ্ধু কাৰাগাৰলৈ যাবলগীয়া হৈছিল ১৯৮৮ চনত সংঘটিত এটা দুৰ্ভাগ্যজনক ঘটনাৰ বাবে৷ বন্ধু ৰুপিন্দৰ সিং সান্ধুৰ সৈতে একেলগে এখন গাড়ীত যোৱাৰ সময়ত বন্ধু সান্ধুৱে তেওঁলোকৰ গাড়ীখন মাজ ৰাস্তাতে ৰাখিছিল৷ সেই ঘটনাৰ প্ৰতিবাদ কৰিছিল গুৰনাম সিং নামৰ এজন বয়স্ক ব্যক্তিয়ে৷ অভিযোগ অনুসৰি বাক-বিতণ্ডা চলি থাকোতেই সিদ্ধুৱে গুৰনাম সিঙক প্ৰহাৰ কৰে৷ সেই প্ৰহাৰত আঘাত পোৱা গুৰনাম সিঙৰ কেইদিনমানৰ পাছত চিকিৎসালয়ত মৃত্যু হয়৷ তেওঁৰ পৰিয়ালে তৰা গোচৰৰ ভিত্তিত তেতিয়াই সিদ্ধু গ্ৰেপ্তাৰ হৈছিল৷ সেই ঘটনাত সিদ্ধুক পঞ্জাৱ-হাৰিয়ানা উচ্ছ ন্যায়ালয়ে দোষী সাব্যস্ত কৰে৷ কিন্তু পৰৱৰ্তী সময়ত উচ্ছতম ন্যায়ালয়ে সিদ্ধুক দোষমুক্ত ঘোষণা কৰে৷ নিহত পৰিয়ালে সেই ৰায়ৰ পুনৰ বিবেচনাৰ দাবী জনোৱাত উচ্ছতম ন্যায়ালয়ে সিদ্ধুক এবছৰৰ কাৰাদণ্ড দিয়ে৷ তেতিয়া সিদ্ধুৱে যোৱা বছৰ ২০ মে’ত আদালতত আত্মসমৰ্পণ কৰে আৰু তেতিয়াৰ পৰা তেওঁ কাৰাবন্দী হৈ আছে৷

জাতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু পৰৱৰ্তী সময়ত পঞ্জাৱৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী হোৱা সিদ্ধুৱে এই ঘটনাত নিজকে সদায় নিৰ্দোষী বুলি দাবী কৰি আহিছে৷ এসময়ত বিজেপি দলৰ সদস্য হৈ থকা সিদ্ধুৱে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে মনোমালিন্য ঘটাত বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিছিল৷ কংগ্ৰেছত থকাৰ সময়তে তেওঁৰ সৈতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ সৈতে সংঘাতৰ সৃষ্টি হয়৷ ৰাহুল গান্ধীয়ে সিদ্ধুৰ পক্ষ লৈ অমৰিন্দৰ সিঙক মুখ্যমন্ত্ৰিত্বৰ পৰা অপসাৰিত কৰে আৰু সিদ্ধুক ৰাজ্যিক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়ে৷ সিদ্ধুৰ নেতৃত্বত হোৱা বিধানসভাৰ নিৰ্বাচনত শাসনাধিষ্ঠিত কংগ্ৰেছ দল আপৰ হাতত পৰাজিত হয়৷ অমৰিন্দৰ সিঙে নিজে ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰি সফল নোহোৱাত বিজেপিৰ লগত জীন যায়৷ তেওঁক ৰাহুল গান্ধীয়ে বিজেপিৰ এজেণ্ট বুলি চিহ্নিত কৰিছিল৷ বহুমুখী প্ৰতিভাৰ সিদ্ধুৱে ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত দেশৰ জনপ্ৰিয়তম খেলবিধৰ ধাৰাভাষ্যকাৰ হিচাপে দায়িত্ব পালন কৰি আছিল৷ হিন্দী আৰু ইংৰাজীত সমানেই পাৰ্গত সিদ্ধুৰ ইংৰাজী শব্দৰ সমাহাৰ ইমানেই বেছি যে তেওঁৰ ধাৰাভাষ্য শুনাটোও টিভিৰ দৰ্শকৰ বাবে ক্ৰিকেট মেচ ছোৱাৰ দৰেই সমানেই উপভোগ্য৷ তদুপৰি সিদ্ধুৱে দেশৰ আটাইতকৈ জনপ্ৰিয় কৌতুক ৰিয়েলিটী অনুষ্ঠান কপিল শৰ্মা শ্ব’ৰ সূত্ৰধাৰৰ ভূমিকা পালন কৰি ইটোৰ পাছত সিটো শ্বায়েৰীৰে অভ্যাগত আৰু দৰ্শকক মুগ্ধ কৰিছিল৷