Logo
image

স্কটলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান হ’ল পাকিস্তানী মূলৰ হামজা

আমাৰ অসম, ১ এপ্ৰিলঃ পশ্চিমৰ ৰাজনীতিত, বিশেষকৈ ব্ৰিটেইনত আকস্মিকভাৱে ৰাজনৈতিক পৰিৱৰ্তনৰ জোৱাৰ উঠিছে৷ এবছৰমান আগলৈকে কেতিয়াও সম্ভৱ নহ’ব বুলি ভবা কেতবোৰ ৰাজনৈতিক পৰিৱৰ্তনে ব্ৰিটেইনৰ ৰাজনীতিৰ সোঁত সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে৷ যোৱা অক্টোবৰত ৰক্ষণশীল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসন ভাৰত বংশোদ্ভৱ হিন্দু নেতা ঋষি ছুনকে অধিকাৰ কৰাৰ পাছত ব্ৰিটেইনৰে অন্তৰ্গত স্কটলেণ্ডৰ  ফাষ্টৰ্ মিনিষ্টাৰ অৰ্থাৎ ৰাষ্ট্ৰপ্ৰধানৰ গাদী দখল কৰিছে পাকিস্তান বংশোদ্ভৱ মুছলিম নেতা হামজা ইউছুফে৷ যোৱা মঙলবাৰে স্কটিছ নেশ্যনেলিষ্ট পাৰ্টীৰ দুই প্ৰতিদ্বন্দ্বী  কেট ফৰ্বছ আৰু এছ ৰীগানক পৰাভূত কৰি পাকিস্তান মূলৰ হামজা ইউছুফে স্কটলেণ্ডৰ ৰাষ্ট্ৰ প্ৰধানৰ দায়িত্ব লাভ কৰিছে৷ স্কটলেণ্ডৰ ফাষ্টৰ্ মিনিষ্টাৰ নিকোলা ষ্টাৰজেয়নে পদত্যাগ কৰাৰ ফলত ৩৭ বছৰীয়া এই মুছলিম নেতাজনে স্কটলেণ্ডক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰে৷

ব্ৰিটেইনৰ নাগৰিক ব্ৰিটিছেই হওক অথবা স্কটিছ, তেওঁলোক চিৰকাল ৰক্ষণশীল হিচাপে পৰিচিত৷ এনে পৰিপ্ৰেক্ষিতত ব্ৰিটেইনত এজন হিন্দু নেতা প্ৰধানমন্ত্ৰী হোৱাটো সমগ্ৰ বিশ্বৰ বাবে আৰু বিশেষভাৱে ইউৰোপৰ  বাবে এক গভীৰ ৰাজনৈতিক পৰিৱৰ্তনৰ লক্ষণ৷ কিয়নো ব্ৰিটিছে পৰাপক্ষত দেশৰ শাসনভাৰ এজন ভাৰত বংশোদ্ভৱ তথা হিন্দু নেতাৰ হাতত তুলি দিবলৈ ইচ্ছা নকৰিলেহেঁতেন৷ যিকোনো পৰিস্থিতিতে তেওঁলোকে এজন ইংৰাজক আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ নেতৃত্বহে স্বীকাৰ কৰাৰ ইতিহাস আছে৷ কিন্তু দেশৰ ৰাজনীতিৰ এক সংকটৰ সময়ত ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকে যোৱা অক্টোবৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসন দখল কৰে৷ সেই ঘটনাৰ ছমাহ অতিক্ৰম নৌকৰোতেই স্কটলেণ্ডৰ ৰাষ্ট্ৰ প্ৰধান পাকিস্তানী বংশোদ্ভৱ হোৱাটো আৰু এক ৰাজনৈতিক আশ্চৰ্য হিচাপে পৰিগণিত হৈছে৷ নগন্যসংখ্যক হিন্দু থকা ব্ৰিটেইনক হিন্দু ৰাষ্ট্ৰ প্ৰধানে আৰু কমসংখ্যক মুছলিম থকা স্কটলেণ্ডক এজন মুছলিম শাসকে শাসন কৰাটো ইউৰোপৰ বুৰঞ্জীত অভূতপূৰ্ব ঘটনা৷ তাৎপৰ্যপূৰ্ণভাৱে এই দুয়োজন নেতা হৈছে দক্ষিণ-পূব এছিয়াৰ দুই শক্তিশালী প্ৰতিদ্বন্দ্বী দেশ ভাৰত আৰু পাকিস্তানৰ মূলৰ৷ দুয়োজন নেতাই প্ৰথম প্ৰজন্মৰ ব্ৰিটিছ নাগৰিক৷ অৰ্থাৎ ঋষি ছুনক আৰু হামজা ইউছুফৰ পিতৃ-মাতৃয়ে ভিন দেশৰ পৰা প্ৰব্ৰজন কৰি ক্ৰমে ব্ৰিটেইন আৰু স্কটলেণ্ডৰ নাগৰিকত্ব লাভ কৰিছিল৷ সেয়ে প্ৰথম প্ৰজন্মৰ ব্ৰিটিছ নাগৰিক এজন হিন্দু আৰু আনজন মুছলিমে খ্ৰীষ্টান ধৰ্মৰে ভৰা তথা শ্বেতাংগ প্ৰীতি থকা দুখন দেশৰ ৰাষ্ট্ৰপ্ৰধান হৈ পৰাটো এক নোহোৱা নোপোজা ঘটনাৰ দৰেই৷ প্ৰসংগতঃ এতিয়াৰ লণ্ডনৰ মেয়ৰ হৈছে পাকিস্তান বংশোদ্ভৱ মুছলিম ছাদিক খান আৰু স্কটলেণ্ডৰ লেবাৰ পাৰ্টীৰ মুৰব্বী আনাছ ছাৰোৱাৰো হৈছে প্ৰব্ৰজনকাৰী মুছলিম৷ 

হামজা ইউছুফৰ স্কটলেণ্ডক স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি

 ব্ৰিটেইনৰ অৱস্থা এতিয়া ১৯৪৭ চনৰ দৰেই হৈছে বুলি ভাৰত আৰু ব্ৰিটিছ মিডিয়া উভয়তে তীব্ৰ চৰ্চা হৈছে৷ উল্লেখ্য, ১৯৪৭ চনত ভাৰতক স্বাধীনতা প্ৰদান কৰা ব্ৰিটিছে মহম্মদ আলী জিন্নাৰ দাবীৰ ভিত্তিতেই ভাৰতবৰ্ষক দুভাগ কৰি ভাৰত আৰু পকিস্তান হিচাপে দুখন পৃথক ৰাষ্ট্ৰ গঠন কৰিছিল৷ চৰ্চা অনুসৰি এতিয়া সেই ইতিহাসৰে পুনৰাবৃত্তি ঘটিবলৈ লৈছে ব্ৰিটেইনত৷ ভাৰতক বিভাজন কৰি স্বাধীনতা প্ৰদান কৰা ব্ৰিটিছে হয়তো কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে এদিন তেওঁলোকৰ দেশো এনে পৰিস্থিতিৰ সন্মুখীন হ’ব৷ এতিয়া স্কটলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান পাকিস্তান বংশোদ্ভৱ হোৱাৰ পাছতে ব্ৰিটেইনক দুভাগ কৰাৰ চৰ্চা তুংগ উঠিছে৷ প্ৰকৃততে ব্ৰিটেইনক দুভাগ কৰাৰ দাবীক অধিক জোৰদাৰ কৰি তুলিছে পাকিস্তানী মূলৰ হামজা ইউছুফে৷ ১৯৪৭ চনত যেনেকৈ মহম্মদ আলী জিন্নাই ভাৰতৰ পৰা পৃথক হৈ পাকিস্তান দাবী কৰিছিল, তেনেদৰে পাকিস্তানী মূলৰ হামজা ইউছুফে এতিয়া ব্ৰিটেইনৰ পৰা পৃথক আৰু সম্পূৰ্ণ স্বাধীন স্কটলেণ্ড দাবী কৰিছে৷ কিন্তু ভাৰতীয় মূলৰ  ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকে ব্ৰিটেইনক দুভাগ কৰাৰ পৰা ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে৷ পাকিস্তানী মূলৰ হামজা ইউছুফে যোৱা সোমবাৰে স্কটলেণ্ডৰ ফাষ্টৰ্ মিনিষ্টাৰ হিচপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে এই চৰ্চা তুংগত উঠিছে৷ কিয়নো তেওঁ ব্ৰিটেইনৰ পৰা স্কটলেণ্ডক সম্পূৰ্ণ পৃথক কৰি স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে৷ তেওঁ স্কটলেণ্ডৰ ফাষ্টৰ্ মিনিষ্টাৰৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ব্ৰিটেইনৰ পৰা স্কটলেণ্ডক ব্ৰিটেইনৰ পৰা স্বাধীন কৰিবলৈ সকলো ধৰণে চেষ্টা চলাব বুলি প্ৰতিশ্ৰুতি দিছিল৷ এতিয়া নিৰ্বাচিত হোৱাৰ পাছত তেওঁ এই দাবী পুনৰ জোৰদাৰ কৰি তুলিছে আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰিছে৷ তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে আলোচনা কৰাৰ সময়ত এই  পৃথকীকৰণৰ প্ৰসংগ উল্লেখ কৰে৷ কিন্তু ব্ৰিটেইনৰ ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকে একে আষাৰে তেওঁৰ দাবীক নস্যাৎ কৰিছে৷ কোনো পৰিস্থিতিতে ছুনকে ইউকে অৰ্থাৎ ইউনাইটেড কিংডম বা ব্ৰিটেইনক খণ্ড খণ্ড হ’বলৈ নিদিয়ে৷