Logo
image

বেলতলা ব'হাগী উৎসৱলৈ আহিব বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডন

ডিজিটেল সংবাদ, গুৱাহাটীঃ  বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিয়ে পূৰ্বৰ দৰে এইবেলিও ২০, ২১ আৰু ২২ এপ্রিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত ৪৪ সংখ্যক ব'হাগী উৎসৱৰ বিশাল আয়োজন কৰিছে। এইবেলি বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিয়ে ভাৰতীয় বোলছবি জগতৰ বলিষ্ঠ অভিনেত্রী ৰবীনা টেণ্ডনক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিব৷ শনিবাৰে বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত গুৱাহাটীৰ বেলতলাৰ পূবৰুণ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে সমিতিৰ সভাপতি নাৰায়ণ ডেকাই। তেওঁ লগতে কয়- ব'হাগী উৎসৱৰ থলীত অন্তিম দিনা ২২ এপ্রিলত নিশা ৮ বজাত ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত আছে নগদ ২,০০০০০/- (দুই লাখ টকা) ধন, স্মাৰক, মানপত্ৰ। তদুপৰি ৰাষ্ট্ৰীয়খ্যাতি সম্পন্ন কণ্ঠশিল্পী তৰালি শৰ্মাক মন্মথ বৈশ্য সোঁৱাৰণী বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত আছে নগদ ধন আৰু স্মাৰক। ২০ এপ্ৰিলত এই বঁটা প্ৰদান কৰা হ'ব।

বেলতলা ব'হাগী উৎসৱৰ কাৰ্যসূচী অনুসৰি ২০ এপ্রিলৰ পুৱা ৯ বজাত বেলতলা ব'হাগী উৎসৱ সমিতিৰ সভাপতি নাৰায়ণ ডেকাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব ব'হাগী উৎসৱ। সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদ তৰ্পণ কৰিব সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়োয়ে। একেদৰে দিনৰ ভাগত অনুষ্ঠিত হ'বলগীয়া সৰু ল'ৰা-ছোৱালীৰ খেল-ধেমালি প্রতিযোগিতা উদ্বোধন কৰিব উপ-সভাপতি বিচিত্র বড়োয়ে। বিয়লি ৫ বজাৰ পৰা পাটমাদৈ আৰু বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু প্ৰতিযোগিতা উদ্বোধন কৰিব ব'হাগী উৎসৱৰ মুখ্য পৃষ্ঠপোষক ৰাতুল বৰুৱাই। অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বিহুৱতী, বিহুসম্ৰাজ্ঞীৰ খিতাপ অর্জন কৰা নাচনীসকলেহে পাটমাদৈ প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। পাটমাদৈ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ প্রতিযোগীয়ে বঁটাৰ লগতে নগদ ধন ২,০০,০০০/- (দুই লাখ টকা) টকা আৰু মানপত্ৰ লাভ কৰিব। সেইদৰে শ্ৰেষ্ঠ বিহু হুঁচৰি দলে লাভ কৰিব বঁটা আৰু নগদ ১,০০০০১/- (এক লাখ এক টকা) টকা, দ্বিতীয় বিহু হুঁচৰি দলে লাভ কৰিব বঁটা আৰু নগদ ৫১,০০১/- (একাউন্ন হাজাৰ এক টকা) টকা। আনহাতে শ্রেষ্ঠ ঢুলীয়া আৰু পেপুৱৈয়ে লাভ কৰিব ক্ৰমে ২৫,০০১/- (পঁচিশ হাজাৰ এক টকা)। ২০ এপ্রিলৰ নিশাৰ বিশেষ আকর্ষণ হ'ব ‘কাল্টিভেটৰ'ৰ সংগীতানুষ্ঠান। ২১ এপ্রিলত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব সাংসদ প্ৰদান বৰুৱাই। সন্ধিয়া ৭.৩০ বজাত বিহু হুঁচৰি প্রতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান। নিশা ৭.৪৫ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি,পদ্মশ্রী ড° সূৰ্যকান্ত হাজৰিকাই। একেদিনাই নিশা ৯ বজাত বিশিষ্ট কণ্ঠশিল্পী দীপলিনা ডেকা আৰু শংকুৰাজ কোঁৱৰৰ গীতৰ শৰাই।

২২ এপ্রিলৰ সন্ধিয়া ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান- নিশা ৮ বজাত বঁটা প্ৰদান অনুষ্ঠান, নিশা ৯ বজাত 'বেহাৰবাৰী আউটপষ্ট' খ্যাত বিশিষ্ট শিল্পীদ্বয় সিদ্ধার্থ শর্মা (কে কে) আৰু প্ৰীতম বৰুৱাৰ হাস্যমধুৰ অনুষ্ঠান আৰু ১০ বজাত বিশিষ্ট কণ্ঠশিল্পী জুবিন-জুবলীয়ে গীতৰ শৰাই আগবঢ়াব। বেলতলা ব'হাগী উৎসৱ উপলক্ষ্যে সমিতিয়ে সকলো ধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰিছে লগতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে। সংবাদমেলত উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী, সাংস্কৃতিক সম্পাদক জয়ন্ত গগৈৰ লগতে কোষাধ্যক্ষ প্ৰদীপ দাস, প্ৰচাৰ সম্পাদক চন্দন শইকীয়া প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।