Logo
image

দৰথী বৰদলৈৰ নতুন গীত 'মৰম লগাই' মুকলি

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও প্ৰেছ ক্লাৱত শনিবাৰে এক অনুষ্ঠানত দৰথী বৰদলৈৰ নতুন গীত 'মৰম লগাই' মুকলি কৰা হয়। গীতৰ কথা পৰাগ কলিতাৰ। গীতটিৰ সংগীত পৰিচালনা কৰিছে শিল্পী ৰিপুঞ্জয় ভূঞাই। অসীম গগৈয়ে সম্পাদনা কৰা গীতটিৰ ভিডিঅ' আজিৰ অনুষ্ঠানতে মুকলি কৰা হয়। Dorothy Bordoloi Music নামৰ ইউটিউব চেনেলত উপভোগ কৰিব পাৰিব গীতটি৷ শিল্পী দৰথী বৰদলৈৰ লগতে গীতটিৰ ভিডিঅ'ত অভিনয় কৰিছে বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত অভিনেতা দীপজ্যোতি কেঁওট আৰু নীল তামুলীয়ে। গীতটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ, বৰণ বিকাশ, ৰঞ্জিত বৰাৰ লগতে নগাঁৱৰ বিশিষ্ট অধিবক্তা চিম্পী বৰা। অনুষ্ঠানটিৰ আঁত ধৰে সাংবাদিক নীলোৎপল বৰাই।