Logo
image

হাঁহ-কোমোৰাৰে নয়নজ্যোতিৰ বাজীমাৎ, পঁইতাভাতেৰে ৰানাৰ্ছ শান্তা

আমাৰ অসম, ২ এপ্ৰিলঃ ‘থ্ৰী কৰ্চ মীল’ কি বুলি প্ৰশ্ন কৰিলে এতিয়াও অসমৰ গাঁৱৰ বাসিন্দাৰ মেল খাই যোৱা মুখ বন্ধ নোহোৱাৰ পৰিৱেশ থকাৰ সময়তে ৰাজ্যৰ দুই সুসন্তান নয়নজ্যোতি শইকীয়া আৰু শান্তা শৰ্মাই সেই বিলাতী থ্ৰী কৰ্চ মীলত অসমীয়া খাদ্য খুৱাই বাজীমাৎ কৰিলে৷ ষ্টাৰ্টাৰ, মেইন কৰ্চ আৰু ডেজাৰ্টৰ সমাহাৰেৰে থ্ৰী কৰ্চ মীল শুনোতেই চাহাবী চাহাবী যেন লাগে৷ কিন্তু বিলাতী এই শব্দভাণ্ডাৰৰ মাজত অসমীয়া, একেবাৰে থলুৱা খাদ্যসম্ভাৰ সুমুৱাই দিয়ো যে দেশৰ শ্ৰেষ্ঠ ৰান্ধনী বা ৰান্ধনি হ’ব পাৰি সেয়া প্ৰতিপন্ন কৰিলে তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱৰ যুৱক নয়নজ্যোতি শইকীয়া আৰু জাগীৰোডৰ আমলিঘাটৰ গৃহিনী শান্তা শৰ্মাই৷ 

কোমোৰাৰ সৈতে ৰন্ধা হাঁহৰ মাংস, পঁইতা ভাতে কোনোবাদিনা দেশৰ বহু ৰাজ্যৰ চহকী খাদ্যসম্ভাৰৰ সৈতে ফেৰ মাৰিব পাৰিব, মোগল ঘৰাণাৰ মোগলাই খাদ্যৰে ধন্য ভাৰতত কেঁকোৰাৰ মাংস আৰু বাঁহৰ চুঙাৰ মাংসই যোৰ মিলাব পাৰিব–সেয়া দুৰতম কল্পনাতো কোনেও ভাবিব পৰা নাছিল৷ কিন্তু তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক নয়নজ্যোতিয়ে মেইন কৰ্চত হাঁহৰ ৰোষ্ট (অথবা পোৰা) কোমোৰাৰ মেছৰ (চাটনি) সৈতে পৰিৱেশন কৰি অৰ্জন কৰিলে মাষ্টাৰচেফ ইণ্ডিয়া সপ্তম সংস্কৰণৰ খিতাপ৷ আনহাতে মেইন কৰ্চত পঁইতা ভাতৰ সৈতে কঠাল গুটি-বাঁহৰ গাঁজৰ পিটিকা, পোৰা বিলাহীৰ পিটিকা, শুকান মাছ-পোৰা মাছৰ চাটনি পৰিৱেশন কৰি জাগীৰোডৰ শান্তা শৰ্মাই অৰ্জন কৰিলে ছ’নি টিভিৰ ৰিয়েলিটী শ্ব’ৰ দেশজুৰি জনপ্ৰিয়তম হৈ উঠা অনুষ্ঠানটোৰ ৰাণাৰ্ছ আপৰ সন্মান৷ চাহাবী থ্ৰী কৰ্ছ মীলত অসমীয়া, তেনেই থলুৱা ষ্টাৰ্টাৰ, মেইন কৰ্চ আৰু ডেজাৰ্টৰ সমাহৰ ঘটাই নয়নজ্যোতি আৰু শান্তা শৰ্মাই কেৱল প্ৰথম আৰু দ্বিতীয় স্থান অৰ্জনেই কৰা নাই, চহা অসমীয়া কেইবিধমান খাদ্যক ৰাষ্ট্ৰীয় স্তৰতো পৰিচিত আৰু প্ৰতিষ্ঠা কৰিলে৷ অসমৰ নগৰীয়াই পঁইতা ভাতক চহা-হালোৱাৰ খাদ্য বুলি তিৎকাৰি মাৰিলেও, কেকোঁৰা কেৱল চুকৰ গাঁৱত থকা লোকে খায় বুলি অসমতে বিতৃষ্ণা প্ৰদৰ্শন কৰিলেও নয়নজ্যোতি আৰু শান্তা শৰ্মাৰ এই সাহসিক পদক্ষেপে তেনে চহা অসমীয়া খাদ্যক দেশৰ ভিতৰতে মান্যতা প্ৰদান কৰিলে৷ কোৱা হয়, ভাৰতৰ খাদ্য সম্ভাৰ মোগল ঘৰাণাৰ মোগলাই খাদ্যসম্ভাৰেৰে চহকী৷ দেশৰ খাদ্যসম্ভাৰৰ নাম ল’লেই প্ৰথমে কোৱা হয় পাঞ্জাবী আৰু বাঙালী খাদ্য সম্ভাৰৰ কথা৷ দক্ষিণৰ ইডলি-দোছা দেশৰ ভিতৰত কিয়, বিদেশতো জনপ্ৰিয়৷ এনে সীমাহীন চহকী খাদ্যসম্ভাৰেৰে পৰিপূৰ্ণ ভাৰতত অসমীয়া থলুৱা খাদ্য ৰান্ধি নয়নজ্যোতি আৰু শান্তা শৰ্মাই অতদিনে আনে তেনেই পুতৌজনক খাদ্য বুলি উপলুঙা কৰা অসমীয়া খাদ্যক ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰাই নহয়, সকলোকে পৰাজিত কৰি উপৰ্যুপৰি দুটাকৈ শীৰ্ষস্থানো আজুৰি আনিলে৷ 

সেয়ে প্ৰতিযোগিতাৰ শেষত বিচাৰকে ক’লে–‘ইয়ালৈ সমগ্ৰ ভাৰত আহিল, কিন্তু ৰৈ গ’ল অকল অসম৷’ সন্দেহ নাই, এতিয়াৰ পৰা নয়নজ্যোতি আৰু শান্ত শৰ্মাৰ এই কৃতিত্বৰেই অসমীয়াই নিজৰ খাদ্যক লৈ গৌৰৱ কৰিব পাৰিব৷ দেশৰ কিম্বদন্তীসম চেফ সঞ্জীব কাপুৰে ফাইনেলত অন্তিম তিনি প্ৰতিযোগী নয়নজ্যোতি, শান্তা শৰ্মা আৰু মহাৰাষ্ট্ৰৰ সুবৰ্ণা বগুলক থ্ৰী কৰ্চ মীলৰ প্ৰত্যাহ্বান দিছিল৷ লগত আছিল আন তিনি বিচাৰক চেফ ৰঞ্জিত ব্ৰাৰ, বিকাশ খান্না আৰু গৰিমা অৰোৰা৷ নয়নজ্যোতিয়ে ষ্টাৰ্টাৰত কেঁকোৰাৰ মাংসৰ সৈতে আনাৰস আৰু বেছিলৰ (তুলসী) ছ’চ পৰিৱেশন কৰে৷ মেইন ক’ৰ্চত নয়নজ্যোতিয়ে উলিয়ায় অসমৰ গাঁৱে ভূঁয়ে জনপ্ৰিয় হাঁহৰ মাংস৷ হাঁহৰ মাংস ৰোষ্ট কৰি বা পুৰি তেওঁ তাত কোমোৰাৰ মেছ অৰ্থাৎ পিটিকাসদৃশ চাটনি আৰু  বন্ধাকবিৰ ৰোষ্ট আৰু এপ্ৰিক’টৰ ছ’চ পৰিৱেশন কৰে৷ ডেজাৰ্টত নয়নজ্যোতিয়ে আগবঢ়াই ছ’ৰ্বা, আমনপিষ্টাৰ কেক, হোৱাইট চকলেটৰ ক্ৰাম্বল আৰু কাবাব চিনি৷ আনহাতে শান্তা শৰ্মাই ষ্টাৰ্টাৰত বাঁহৰ চুঙাৰ মাংস পৰিৱেশন কৰে৷ ডেজাৰ্টত তেওঁ টেকেলি পিঠাৰ ভিতৰত চাহৰ ফ’ম ভৰাই পৰিৱেশন কৰে৷ উল্লেখ্য বিজয়ী নয়নজ্যোতিয়ে ২৫লাখ টকা, চেফৰ সোণালী এপ্ৰ’ন আৰু শান্তা শৰ্মাই ৫লাখ টকা লাভ কৰে৷