Logo
image

গামোচা কিনক বোনাচৰ টকাৰেঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ২ এপ্ৰিলঃ চৰকাৰে বিহুৰ উপহাৰ হিচাপে দিয়া বোনাচৰ টকা ঘৰত সাঁচি থ’বলৈ দিয়া নাই৷ বোনাচৰ টকাৰে প্ৰতিগৰাকী কৰ্মচাৰীয়ে গামোচা কিনক আৰু প্ৰিয়জনক উপহাৰ দিয়ক৷ এনে কৰিলেহে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল হ’ব৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত ৰেচম নগৰত ‘সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ’ৰ শুভ উদ্বোধন কৰি তেওঁ আৰু কয়– ৰাজ্যখনত প্ৰায় ৬০ লাখ পৰিয়াল আছে৷ এনে প্ৰতিটো পৰিয়ালে যদি এখনকৈ হ’লেও এইবাৰ ব’হাগ বিহুৰ সময়ছোৱাত তাঁতশালত বোঁৱা গামোচা ক্ৰয় কৰে তেন্তে ৬০ লাখ গামোচা বিক্ৰী হ’ব আৰু ইয়ে থলুৱা শিপিনীসকলক উপকৃত আৰু উৎসাহিত কৰাৰ উপৰি ৰাজ্যৰ অৰ্থনীতিতো ইতিবাচক প্ৰভাৱ পেলাব৷ উল্লেখ্য, এই বাণিজ্যিক কেন্দ্ৰত ৰেচম পলুৰ সঁচ, ৰেচমৰ পৰা উৎপাদিত সামগ্ৰী খেতিয়কসকলৰ বাবে সহজলভ্য কৰা হ’ব৷ তদুপৰি ৰেচমৰে উৎপাদিত থলুৱা শিপিনীসকলে বোঁৱা বস্ত্ৰসমূহো এই কেন্দ্ৰত উচিত মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে৷ এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সমাগত ব’হাগত প্ৰতিগৰাকী অসমীয়াক হস্ততাঁতত উৎপাদিত গামোচা ক্ৰয়ৰ সংকল্প ল’বলৈ আহ্বান জনায়৷ 

তেওঁ ৰাজ্যবাসীক পাৱাৰলুমত উৎপাদিত গামোচা ক্ৰয় কৰাৰ পৰা বিৰত থাকি এনে গামোচা বিক্ৰী কৰা দৃষ্টিগোচৰ হ’লেই তৎকালে প্ৰশাসনক অৱগত কৰিবলৈও আহ্বান জনায়৷ তেওঁ আৰু কয়– জনসাধাৰণৰ এই ধৰণৰ সজাগতা আৰু মানসিকতাৰ পৰিৱৰ্তনে ৰাজ্যখনক আগুৱাই নিয়াত অৰিহণা যোগাব৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বিগত বৰ্ষত গামোচাই ‘জি আই টেগ’ লাভ কৰাৰ পিছত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপে ইতিমধ্যে ৰাজ্যখনৰ হস্ততাঁত শিল্পৰ সৈতে জড়িত উদ্যোগীসকলৰ মাজত এটা উৎসাহৰ পৰিৱেশ সৃষ্টি কৰিছে৷ ৰাজ্য চৰকাৰে আৰম্ভ কৰা ‘স্ব-নিৰ্ভৰ নাৰী’ আঁচনিখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে অসমৰ শিপিনীসকলে উৎপাদন কৰা গামোচা উচিত দামত ক্ৰয় কৰি জনসাধাৰণৰ মাজত বিক্ৰী কৰাৰ এক মাধ্যম হিচাপে আৰ্টফেডক গঢ়ি তোলা হৈছে৷ ইতিমধ্যে ৰাজ্যৰ শিপিনীসকলৰ পৰা আৰ্টফেডে ১.৫ লাখ গামোচা ক্ৰয় কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ এনে পদক্ষেপৰ কাৰণে অন্য কোনো ব্যক্তি বা প্ৰতিষ্ঠানে শিপিনীসকলৰ পৰা গামোচা কিনোতে ন্যায্য মূল্য দিবলৈ বাধ্য হৈছে৷ স্ব-নিৰ্ভৰ আঁচনিখনৰ বহুল প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগক আহ৩ান জনায়৷ তেওঁ কয়– ৰাজ্য চৰকাৰে বলিষ্ঠ পদক্ষেপ লৈ পাৱাৰলুমত উৎপাদিত গামোচা আৰু মেখেলা-চাদৰৰ বিক্ৰী বন্ধ কৰিছে৷ এনে পদক্ষেপৰ ফলত থলুৱা উদ্যোগী আৰু শিপিনীসকলে অলপ হ’লেও সকাহ লাভ কৰিব আৰু তেওঁলোকে উৎপাদন কৰা বস্ত্ৰৰ ন্যায্য দাম লাভ কৰিব৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান লাভৰ বাবে মুগা, এৰী আদি সূতাৰে বিবিধ সামগ্ৰী প্ৰস্তুত কৰাৰো পোষকতা কৰে৷ তেওঁ কয় যে যেতিয়ালৈকে এনে সূতাৰে বিবিধ সামগ্ৰী উৎপাদন কৰিব পৰা নাযাব, তেতিয়ালৈকে ৰাজ্যৰ শিপিনীসকলে ৰপ্তানিৰ উপযুক্ত বজাৰ এখন লাভৰ পৰা বঞ্চিত হৈ থাকিব লাগিব৷ তেওঁ মন্তব্য কৰে যে ভাৰতৰ বাহিৰত মুগাৰ যথেষ্ট জনপ্ৰিয়তা আছে৷ দেশৰ বস্ত্ৰ উদ্যোগৰ সৈতে জড়িত আগশাৰীৰ ডিজাইনাৰৰ লগত মিলিত হৈ এনে সূতাৰে বিভিন্ন সামগ্ৰীৰ আৰ্হি প্ৰস্তুত কৰি ৰাজ্যৰ শিপিনীসকলক পৰিচিত কৰাই দিবলৈও তেওঁ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগক আহ৩ান জনায়৷ অনুষ্ঠানত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিভাগৰ সচিব দিলীপ কুমাৰ বৰা, সঞ্চালক কাজৰী ৰাজখোৱা, ‘এপাৰ্ট’ৰ মুখ্য কাৰ্যবাহী বিষয়া আকাশ দীপ আৰু আৰ্টফেডৰ সভাপতি নাথুৰাম বড়োকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷