Logo
image

চৰকাৰৰ বিশেষ পদক্ষেপঃ প্ৰেম কৰিবলৈ শিক্ষাৰ্থীক এসপ্তাহৰ ছুটী

ডিজিটেল ডেস্কঃ প্ৰেম কৰিবলৈ শিক্ষাৰ্থীসকলক এসপ্তাহৰ বাবে দিয়া হৈছে ছুটী৷ শুনিবলৈ আচৰিত লাগিলেও এই খবৰ সঁচা৷ প্ৰেমৰ বাবে শিক্ষাৰ্থীসকলক এসপ্তাহৰ ছুটী দিয়াৰ সিদ্ধান্ত লৈছে চুবুৰীয়া দেশত চীনত৷ জনসংখ্যা বৃদ্ধিৰ বাবে এই নতুন ফৰ্মূলা আৱিষ্কাৰ কৰিছে চীনা চৰকাৰে৷

উল্লেখ্য যে বিশ্বৰ আটাইতকৈ জনবহুল দেশ চীনত শিশুৰ জন্মৰ হাৰ বিগত কেইবছৰমানত যথেষ্ট হ্ৰাস পাইছে৷ যাৰ বাবে চৰকাৰে এতিয়া দেশৰ জনতাক অধিক সন্তান জন্ম দিবলৈ উৎসাহিত কৰিছে। চীনা চৰকাৰে দেশখনত জন্মৰ হাৰ বৃদ্ধিৰ বাবে এই নতুন সিদ্ধান্ত ৰূপায়ণ কৰিছে। ইয়াৰ লগে লগে মহাবিদ্যালয়সমূহত কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। উদাহৰণস্বৰূপে মিয়ায়াং ফ্লাইং বৃত্তিমূলক মহাবিদ্যালয়ে ইয়াৰ শিক্ষাৰ্থীসকলৰ বাবে 'স্প্ৰিং ব্ৰেক' বা 'বসন্ত বিৰতি' ঘোষণা কৰিছে।

এই 'বসন্ত বিৰতি' প্ৰকৃততে চীনৰ মহাবিদ্যালয়সমূহে প্ৰদান কৰিছে যাতে শিক্ষাৰ্থীসকলে বসন্তৰ অভিজ্ঞতা লাভ কৰাৰ লগতে প্ৰকৃতিৰ কাষ চাপিবলৈ আৰু প্ৰেমত পৰাৰ সুযোগ পায়। ফেন মেই এডুকেশ্বন গ্ৰুপৰ দ্বাৰা পৰিচালিত মিয়ায়াং ফ্লাইং বৃত্তিমূলক মহাবিদ্যালয়ে প্ৰথমে ২১ মাৰ্চত এনে বিৰতি ঘোষণা কৰিছিল।