Logo
image

হঠাৎ খালিস্তানীৰ ভাবুকি, অধিক কটকটীয়া কৰা হ’ল মুখ্যমন্ত্ৰীৰ নিৰাপত্তা

আমাৰ অসম, ৩ এপ্ৰিলঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰিছে৷ অচিনাক্ত ব্যক্তিয়ে ‘আমাৰ অসম’ৰ সাংবাদিকৰ লগতে দেশৰ একাংশ সাংবাদিকলৈ ফোন কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দি হৈ থকা খালিস্তানী বিচ্ছিনতাবাদী সদস্যক আতিশয্য চলোৱাৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিছে৷ নিজকে পঞ্জাৱৰ শিখ ফৰ জাষ্টিচ (এছ এফ জে)ৰ নেতা গুৰপতৱন সিং পান্নু বুলি পৰিচয় দি বিভিন্ন নম্বৰৰ পৰা সাংবাদিকলৈ ফোন কৰি এই ভাবুকি প্ৰদান কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙৰ ৮জন সহযোগক পাঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰিছে৷ খালিস্তানী উগ্ৰপন্থী সদস্যকেইজনক জে’লৰ ভিতৰত নিৰ্যাতন চলোৱা অভিযোগ তুলি মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়ে এছ এফ জে৷ খালিস্তানী সংগঠনটোৰ নেতাজনে সংবাদকৰ্মীসকলক ফোনত কয়–‘অসমত কাৰাগাৰত বন্দী খালিস্তান সমৰ্থকক অত্যাচাৰ কৰা হৈছে৷ অতি মনোযোগেৰে শুনক মুখ্যমন্ত্ৰী শৰ্মা, যুঁজখন খালিস্তান সমৰ্থক শিখ আৰু ভাৰতীয় শাসনৰ মাজত, তেওঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়নি দি কয়–‘শৰ্মা আপুনি এই হিংসাৰ বলি নহ’ব৷ আমি খালিস্তান গণভোটত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে পঞ্জাৱক ভাৰতীয় দখলৰ পৰা মুক্তি বিচাৰিছো৷ যদি আপোনাৰ চৰকাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী অমৃতপালৰ সহযোগীক নিৰ্যাতন আৰু হাৰাশাস্তি কৰি আছে, তেতিয়া আপোনালোক জবাবদিহি হ’ব৷’ লক্ষণীয়ভাৱে অমৃতপাল সিং আৰু তেওঁৰ সংগঠন ৱাৰিছ পঞ্জাব দে’ৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে সমগ্ৰ দেশতে অভিযান অব্যাহত ৰখাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীক খালিস্তানী উগ্ৰপন্থীয়ে ভাবুকি দিয়া বিষয়টোৱে বিশেষ তাৎপৰ্যবহন কৰিছে৷ অৱশ্যে সাংবাদিকলৈ নিজকে গুৰপতৱন সিং পান্নু বুলি পৰিচয় দি কথা ক’লেও ফোন কলটো ৰেকৰ্ডিং অডিঅ’ বুলিহে সন্দেহ কৰা হৈছে৷ ইফালে এই ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈ তৎপৰ হৈ পৰিছে আৰক্ষী৷ মুখ্যমন্ত্ৰীৰ ইতিমধ্যে জেদ প্লাছ নিৰাপত্তাৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে৷ দেওবাৰে পানেৰীত অসম মন্ত্ৰীসভা চলি থকা বাবে মুখ্যমন্ত্ৰী মহানগৰীৰ বাহিৰত আছে যদিও তেওঁৰ নিৰাপত্তা আৰু অধিক কটকটীয়া কৰাৰ বাবে সকলো জিলাৰ আৰক্ষীক নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে৷