Logo
image

হিমন্তবিশ্বৰ দুৰ্গত কেজৰিৱালৰ অভিযানঃ ৭ বছৰত সুন্দৰ দিল্লী দিলোঁ, আপোনালোকে কি পালে?

আমাৰ অসম, ২ এপ্ৰিলঃ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে অসমলৈ আহি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গত চলালে তীব্ৰ অভিযান৷ সম্ভ্ৰান্ত বাক্যবাণেৰে সুদীৰ্ঘ ভাষণত বাৰে বাৰে আৰম্ভণিৰ পৰা শেষলৈ লক্ষ্য কৰি ল’লে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক৷ কেজৰিৱালে ক’লে– ‘২০১৬ চনত অসমত হিমন্ত বাবুৰ চৰকাৰ হৈছিল৷ ২০১৫ চনত দিল্লীত আমাৰো চৰকাৰ গঠন হৈছিল৷ দুয়োখন চৰকাৰ প্ৰায় একে সময়তে হৈছিল৷ যোৱা ৭ বছৰত আমি দিল্লীখন বদলাই পেলালো৷ স্কুল, হাস্পতাল, বিজুলী, পানী, ৰাস্তা মুঠতে চমৎকাৰ দিল্লী বনাই পেলালো৷ হিমন্ত বাবু আপুনি যোৱা সাত বছৰত কি কৰিলে৷ লেতেৰা ৰাজনীতি কৰাৰ বাহিৰে আপুনি একোৱেই নকৰিলে যোৱা সাত বছৰত৷’ 

উল্লেখ্য দেওবাৰে গুৱাহাটীৰ সোণাৰাম খেলপথাৰত আম আদমী পাৰ্টীৰ এক বিশাল জনসভা সম্বোধন কৰি কেজৰিৱালে এক প্ৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মাক তুচ্ছ কৰি সমৱেত জনতাৰ পাৰ ভঙা উৎসাহক প্ৰশংসা কৰি ক’লে– ‘আজি আপোনালোকৰ যিমান শক্তি উৎসাহ দেখিছো, সেই শক্তি উৎসাহেৰে আজিয়েই আপোনালোকে হিমন্ত বাবুৰ চৰকাৰ ওফৰাই পেলাব পাৰিব৷ অকণমান ধৈৰ্য ধৰক৷ চৰকাৰ ওফৰাবলৈ অলপ সময় আছে৷ অসমৰ ওপৰত ‘মা’ কামাখ্যাৰ আশীৰ্বাদ আছে৷ সৰ্বপ্ৰথম মই ‘মা’ কামাখ্যাৰ চৰণত বন্দনা কৰো৷ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য শ্ৰীমন্ত মাধৱদেৱৰ অসমৰ বিকাশত ডাঙৰ অৱদান আছে৷ তেওঁলোককো মই সোঁৱৰণ কৰোঁ৷ অসমীয়া সমাজত হিন্দু-মুছলমান সকলোকে লগত লৈ তেওঁলোকে ভাতৃত্ববোধেৰে থাকিবলৈ শিকালে৷ অসমৰ বিকাশ কৰিলে৷ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ড॰ ভূপেন হাজৰিকা এই সকলোৱে অসমৰ সমাজ-সংস্কৃতিলৈ বহুত বৰঙণি আগবঢ়ালে৷ অসমক ভগৱানে সকলো দিছে৷ ভগৱানে ইমান পাহাৰ দিছে, নদী দিছে, ইমান পানী দিছে, ব্ৰহ্মপুত্ৰৰ দৰে নদী দিছে৷ ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া বাতাবৰণ৷ যেতিয়া ভগৱানে অসমক বনাইছিল, তেতিয়া কোনো বস্তুৰে কম কৰা নাছিল৷ ইমানবোৰ বস্তু দিলে ভগৱানে- কয়লা দিলে, মিনাৰেল দিলে,– কিন্তু সকলোবোৰ নেতা আৰু ৰাজনৈতিক দলে মিলি চব বৰবাদ কৰি দিলে৷ যোৱা ৭৫টা বছৰত ৫২টা বছৰ আপোনালোকে কংগ্ৰেছৰ চৰকাৰ বনালে, ১০ বছৰ আপোনালোকে অগপৰ চৰকাৰ বনালে৷ যোৱা চাৰে সাত বছৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে৷ আপোনালোকে এওঁলোকক ভোট দিয়াত, বিশ্বাস দিয়াত কোনো কম কৰা নাই৷ কিন্তু মই আপোনালোকক সুধিব বিচাৰিছো ইয়াৰ বিনিময়ত আপোনালোকে কি পালে৷ এই দল বিলাকে ইমান দিনে আপোনালোকক প্ৰতাৰণা কৰিলে৷ যি সুবিধা পালে সিয়েই লুটি ল’লে৷ এই সকলোবোৰ দলৰ প্ৰতি বিতৃষ্ণা হৈ আজি অসমৰ চাৰে তিনি কোটি মানুহে আমাক নিমন্ত্ৰণ জনাইছে অসমলৈ আহিবৰ বাবে৷ মই অসমলৈ আহিম বুলি জানি যোৱা দুদিন ধৰি মোক ধমকি দি আছে হিমন্ত বাবুৱে৷ ‘কেজৰিৱাল আহিলে মই জে’লত ভৰাই দিম, পুলিচ লগাই ধৰিম৷’ এনেকৈ ভাবুকি দিছে৷ মই আতংকবাদী নেকি৷ কিয় ধৰিব মোক৷ মই হিমন্ত বাবুক কব খোজো- আপুনিটো অসমৰ মুখ্যমন্ত্ৰী হৈ গ’ল কিন্তু অসমৰ সংস্কৃতি নিশিকিলে আপুনি৷ অসমৰ মানুহ বহুত ভাল, অসমৰ মানুহ বহুত মৰমীয়াল৷ অসমৰ মানুহে অতিথিৰ আদৰ-সন্মান কৰে৷ অতিথিক ঘৰলৈ নি চাহ, ভাত খুৱায়৷ অসমৰ মানুহে জে’ললৈ পঠোৱাৰ ধমকি নিদিয়ে৷ মই হিমন্ত বাবুক আহ্বান জনাও–আপুনি মুখ্যমন্ত্ৰী হ’ল, অলপমান অসমৰ সংস্কৃতি শিকি লওক৷ এই মঞ্চৰ পৰাই মই হিমন্ত বাবুক আমন্ত্ৰণ দিও- যেতিয়া আপুনি দিল্লীলৈ আহে, মোৰ ঘৰত চাহ খাবলৈ আহিব৷ সময় পালে খানা খাবলৈও আহিব৷ মই আপোনাৰ নিজৰ গাড়ীত বহুৱাই দিল্লী ফুৰাম৷ আপুনি সাত বছৰলৈ একো নকৰিলে৷ মই আপোনাক দেখুৱাম দিল্লীত আমি যোৱা সাত বছৰত কিমান কাম কৰিলো৷ দিল্লীৰ স্কুলৰ অৱস্থা কেনেদৰে চমৎকাৰ হ’ল, কিমান ধুনীয়া হাস্পতাল, মহল্লা ক্লিনিক বনালো সেয়া দেখুৱাম৷ আজি মই ইয়ালৈ অহাৰ পূৰ্বে কিছুমান অসমৰ যুৱকৰ লগত মত বিনিময় কৰিছিলো৷ তেওঁলোকৰ লগত কথা পাতি গম পালো যে নিবনুৱা সমস্যাই মাৰাত্মক ৰূপ লৈছে৷ নিবনুৱাৰ মনৰ দুখ বুজিবলৈ হিমন্ত বাবুৰ সময় নাই৷ কিন্তু নিৰ্বাচনৰ সময়ত তেওঁ প্ৰতিশ্ৰুতি দিছিল- নিবনুৱা সমস্যা দূৰ কৰাৰ৷ নিবনুৱা সমস্যা দূৰ হ’ল জানো৷ চৰকাৰৰ মতে অসমত ২৫ লাখ নিবনুৱা আছে কিন্তু প্ৰকৃত নিবনুৱাৰ সংখ্যা ৫০ লাখৰো অধিক৷ যিখন চৰকাৰে পৰীক্ষাৰ পেপাৰ এখনো ঠিকমতে কৰিব নোৱাৰে, পেপাৰ লিক হৈ যায়৷ সেইখন চৰকাৰ কেনেকৈ চলি আছে৷ দিল্লী, পঞ্জাৱতটো পেপাৰ লিক হোৱা নাই৷ কোনোবা ভিতৰৰ মানুহ মিলি আছে বাবেই পেপাৰ লিক হৈছে৷ কোনোবাই আপোনাৰ সন্তানৰ ভৱিষ্যত বেছি আছে৷ দিল্লী, পঞ্জাৱত ইমানদাৰ চৰকাৰৰ থকাৰ বাবেই পেপাৰ লিক নহয়৷ দিল্লীত যোৱা ৪-৫ বছৰত ১২ লাখ নিবনুৱাৰ বাবে কৰ্ম-সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ আম আদমী পাৰ্টীৰ চৰকাৰ আহিলে অসমৰ সকলো যুৱক-যুৱতীয়ে চাকৰি দিয়া হ’ব৷ শুনিছো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনোবাই প্ৰাইভেট স্কুল খুলিছে৷ যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰাইভেট স্কুল চলাব, সেই ৰাজ্যৰ গৰীবৰ ল’ৰা-ছোৱালীয়ে কেতিয়াও গুণগত শিক্ষা লাভ নকৰে৷ সেই ৰাজ্যত কেতিয়াও চৰকাৰী স্কুল ঠিক নহয়৷ দিল্লী, পঞ্জাৱতো পূৰ্বেতে এয়েই অৱস্থা আছিল৷ যিমান নেতা আছিল সকলোৰে ডাঙৰ ডাঙৰ স্কুল আছিল৷ আমাৰ দিল্লীৰ চৰকাৰী স্কুলৰ ঠেলাৱালা, ৰিক্সাৱালাৰ সন্তান এতিয়া ডাক্তৰ-ইঞ্জিনীয়াৰ হৈছে৷ প্ৰাইভেট স্কুলৰ পৰা ল’ৰা-ছোৱালীক আনি অভিভাৱকে চৰকাৰী স্কুলত নাম লগাই দিছে৷ অসমতো এনে হ’ব পাৰে৷ অসমত চৰকাৰী হাস্পতালৰ অৱস্থা খুবেই শোচনীয়৷ চিকিৎসা-ঔষধ নাই৷ চাদ ফুটি পানী পৰে৷ মই শুনিছো ইয়াত বিজুলী অতি খৰচী৷ ডেৰশ ইউনিটত ১২০০ টকাৰ অধিক মাচুল দিব লাগে৷ কিন্তু দিল্লী-পঞ্জাবত ২৪ ঘণ্টাই আমি ফ্ৰী বিজুলী দিছোঁ৷ পানী মাফিয়া শেষ কৰিলো৷ এয়া চমৎকাৰ৷ ওপৰৱালাই কেৱল কেজৰিৱালকহে এই বৰদান দিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ পৰা ৭-৮ বছৰ পূৰ্বে এইখন ফিল্ডতে ভাষণ দি ব্ৰহ্মপুত্ৰৰ পানী বোৱাই ঘৰে ঘৰে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ সেই প্ৰতিশ্ৰুতি পূৰণ হ’লনে? আমাৰ চৰকাৰ হ’লে একবছৰত এই কাম কৰি দিম৷ আজি ইয়াত মাফিয়াৰ চৰকাৰ চলিছে৷ কয়লা মাফিয়া, ৰেক ছিণ্ডিকেট, চুপাৰী ছিণ্ডিকেট, প্ৰতিটো মামলাতে ছিণ্ডিকেট চলিছে৷ ভোট আপোনালোকৰ পৰা লয় আৰু কাম কেৱল নিজৰ সম্পৰ্কীয় আৰু বন্ধুবৰ্গৰ বাবে কৰে৷’ 

ইফালে জনসভাত ভাষণ দি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয় যে–‘যি দেশৰ ৰজা বেপাৰী, সেই দেশৰ প্ৰজা ভিক্ষাৰী, আমি দিল্লীত চৰকাৰী স্কুল খুলিছোঁ৷ ইয়াত মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰাইভেট স্কুল খুলিছে৷ আমি বিজেপি বা কংগ্ৰেছৰ এ বা বি টীম নহয়, আমি জনতাৰ টীম৷ দুৰ্নীতিগ্ৰস্ত ব্যক্তি বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হৈ যায়৷ বিজেপি মানেই ভাৰতীয় ঝুমলা পাৰ্টী৷ পঞ্জাবত আমি দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছোঁ৷ পঞ্জাবৰ ৮০% মানুহে লাভ কৰে বিনামূলীয়া বিদ্যুৎ৷ অসমত চৰকাৰী স্কুল বন্ধ কৰি ব্যক্তিগত স্কুল খোলাত গুৰুত্ব দিছে অসম চৰকাৰে৷ পঞ্জাৱত আমি চাৰিখন টোলগেট বন্ধ কৰিছোঁ, ইয়াৰ বিপৰীতে অসমত টোল টেক্স বৃদ্ধি কৰা হৈছে৷’ ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নাম নোলোৱাকৈ কটাক্ষ কৰি মানে কয় যে যিজন ব্যক্তিয়ে এদিন ৰে’লৰ দবাত চাহ বিক্ৰী কৰা দাবী কৰিছিল, সেই ব্যক্তিজনে এতিয়া ৰে’লখনকে বিক্ৰী কৰি দিলে৷