Logo
image

মঙলগ্ৰহে হাত বাউল দিছে আদিলক

আমাৰ অসম, ৩ এপ্ৰিলঃ মঙল গ্ৰহে হাত বাউল দিছে অভিনেতা আদিল হুছেইনক৷ আন্তৰ্জাতিক সন্মান প্ৰাপক অসম সন্তান প্ৰখ্যাত অভিনেতা আদিল হুছেইনে মঙলগ্ৰহলৈ যাবলৈ সুযোগ লাভ কৰিছে৷ নেচনেল এৰ’নেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেছন চমুকৈ নাছাৰ পৰা ইতিমধ্যে ব’ৰ্ডিং পাছ লাভ কৰিছে অভিনেতাজনে৷ টুইটযোগে অভিনেতাজনে এই খবৰ সদৰী কৰিছে৷ অৱশ্যে আদিল হুছেইনৰ নাছা যাত্ৰা শাৰীৰিকভাৱে নহয়৷ এই সন্দৰ্ভত নিজৰ টুইটাৰ হেণ্ডেলত অভিনেতাজনে নাছাৰ ব’ৰ্ডিং পাছটো ৰাজহুৱা কৰি লিখিছে এইদৰে–মোক এইমাত্ৰ নাছাৰ দ্বাৰা এই ব’ৰ্ডি পাছ প্ৰদান কৰা হৈছে৷ এই মংগল অভিযান ২০২৬ ৰ জুলাইত কেপ কানাভাৰেল, ফ্ল’ৰিডাৰ পৰা মংগল গ্ৰহৰ জেজেৰ’ ক্ৰেটাৰলৈ উৰণ কৰিব৷ অৱশ্যে এই ভ্ৰমণ শাৰীৰিকভাৱে নহয়৷ 

উল্লেখ্য, নাছাই ইতিপূৰ্বে মহাকাশযানত ‘আপোনাৰ নাম মংগল গ্ৰহলৈ’ শীৰ্ষক এক পদক্ষেপ আৰম্ভ কৰিছিল৷ য’ত বিভিন্ন ব্যক্তি বিশেষৰ নাম মহাকাশলৈ প্ৰেৰণ কৰা হয়৷ বিগত সময়ত পাৰ্চেভাৰেন্সৰ ৰ’ভাৰখনে ইলেক্ট্ৰন ৰশ্মিৰ জৰিয়তে এখন প্লেকাৰ্ডত আঙুলিৰ নখৰ আকাৰৰ চিপত খোদিত কৰা ১০,৯৩২,২৯৫ জন লোকৰ নাম কঢ়িয়াই নিছিল৷ এই পদক্ষেপৰ সফলতাৰ পাছত নাছাই ২০২০ চনৰ মাজভাগত নাছাৰ ভৱিষ্যতে মংগল গ্ৰহলৈ যোৱা অভিযানত বিশ্ববাসীক নিজৰ নাম অন্তৰ্ভুক্তিৰ অনুমতি দিয়ে৷ ব’ৰ্ডিং পাছত ২০২৬ চনৰ জুলাইৰ ভ্ৰমণৰ তাৰিখ নিৰ্দিষ্ট কৰা হৈছে৷ নাছাই জাৰি কৰা ব’ৰ্ডিং পাছত লিখা আছে ব’ৰ্ডিং পাছ ফিউচাৰ মাৰ্ছ মিছন৷ উক্ত পাছটোত থকা উৎক্ষেপণ স্থানটোক পৃথিৱীৰ ফ্ল’ৰিডাৰ কেপ কানাভেৰেল বায়ুসেনা ষ্টেচন আৰু মংগল গ্ৰহত অৱতৰণৰ স্থান জেজিৰ’ ক্ৰেটাৰ বুলি চিহ্নিত কৰা হৈছে৷ এই পৰ্যন্ত বিশ্বৰ  ২,২৯,৯৯,১৭৭জন লোকে ৰঙা গ্ৰহলৈ প্ৰেৰণ কৰিবলৈ নিজৰ নাম পঞ্জীয়ন কৰিছে৷