Logo
image

৬ মে’ত ৫১ হাজাৰ নিযুক্তিৰ ফলাফল

আমাৰ অসম, ৩ এপ্ৰিলঃ ৰাজ্যৰ ৰাজনীতিত ইতিহাস সৃষ্টি কৰি দেওবাৰে পানেৰী চাহ বাগিছাত অনুষ্ঠিত  কৰা হয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম কেবিনেটৰ বৈঠক৷ কেবিনেটত আদিবাসী শান্তি চুক্তি অনুসৰি অসম চৰকাৰৰ চাহ জনজাতি বিভাগটোৰ নাম ‘চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ’ কৰাৰ সিদ্ধান্ত কৰা হয়৷ পূৰ্বে বিভাগটোক চাহ জনজাতি কল্যাণ বিভাগৰূপে জনজাত আছিল৷ বিভাগটোৰ সঞ্চালকালয়ৰ নামো চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ 

দেওবাৰে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৬ মে’ত ৫১,৩৯৭ টা নিযুক্তি পদৰ ফলাফল ঘোষণা কৰা হ’ব৷ ইয়াৰে ভিতৰত আৰক্ষী বিভাগত ৫,৭৩০জন, স্বাস্থ্য বিভাগত ৫,৭৯৯জন, শিক্ষা বিভাগত ১৪,২৪১জন, নিযুক্তি আয়োগৰ জৰিয়তে তৃতীয় বৰ্গৰ ১১,৩৪৬ জন আৰু চতুৰ্থবৰ্গৰ ১৪,২৮১ জন প্ৰাৰ্থী৷ কেবিনেটত ৰাজহুৱা সেৱা প্ৰদান নিশ্চিতকৰণৰ বাবে অসম লোকসেৱাৰ অধিকাৰ (সংশোধনী) অধ্যাদেশ, ২০২৩ত অনুমোদন জনোৱা হয়৷ এই অধ্যাদেশৰ জৰিয়তে অসম লোকসেৱাৰ অধিকাৰ আইন, ২০১৯ সংশোধন কৰি The Assam State Commission for Right to Public Service গঠন হ’ব৷ এগৰাকী মুখ্য আয়ুক্ত আৰু দুগৰাকী আয়ুক্তৰ সৈতে ৩ জনীয়া স্বতন্ত্ৰ অৰ্ধ ন্যায়িক সংস্থা হিচাপে আয়োগ গঠন হ’ব৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত অধিসূচিত সেৱা প্ৰদান নকৰাৰ বাবে নিৰ্দিষ্ট ৰাজহুৱা সেৱকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰা হয়৷ ২০২১ চনৰ ১০ জানুৱাৰী আৰু ২০২২ চনৰ ২৯ মে’ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাত উপস্থিত থাকিবলৈ অনুমতি পোৱা সকলো নিৰ্ধাৰিত বয়সতকৈ অধিক বয়সৰ প্ৰাৰ্থীৰ বাবে বয়সত ৰেহাই দিয়াৰ সিদ্ধান্ত কৰা হয় কেবিনেটত৷ পূৰ্বে চাহ বাগিছাত কেতিয়াও কেবিনেট বৈঠক অনুষ্ঠিত হোৱা নাছিল৷