Logo
image

শিলচৰ এনআইটিত লোমহৰ্ষক ঘটনাঃ হকী ষ্টিক, বিয়েৰৰ বটলেৰে কনিষ্ঠ ছাত্ৰক নৃশংস আক্ৰমণ

আমাৰ অসম, ৩ এপ্ৰিলঃ ডিব্ৰুগড়ৰ পাছত শিলচৰ এন আই টিত সংঘটিত হয় এক অমানৱীয় ঘটনা৷ এন আই টি শিলচৰৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ সিদ্ধান্ত পৈত্য জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে৷ ছাত্ৰজন বৰ্তমান শিলচৰৰ ব্যক্তিগত মালিকানাধীন জে জি আই এম এছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ শুকুৰবাৰে এন আই টি কেম্পাছৰ ভিতৰত সংঘটিত হয় এই ঘটনা৷ সাংবাদিকৰ সন্মুখত কম্পিউটাৰ বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ সিদ্ধান্ত পৈত্যৱে কয় যে, শুকুৰবাৰে বন্ধুক লগ পোৱাৰ বাবে নিজৰ ব্যক্তিগত গাড়ীখন ৬ আৰু ৭ নম্বৰ হোষ্টেলৰ সন্মুখত থৈ গৈছিল৷ কিন্তু পাছত তেওঁ গম পায় যে গাড়ীখনৰ কোনোবা ষষ্ঠ ষান্মাসিকৰ ছাত্ৰই ক্ষতিগ্ৰস্ত কৰিছে৷ ফোনত ইয়াৰ কাৰণ সোধাত হোষ্টেলৰ একাংশ জ্যেষ্ঠ ছাত্ৰ ওলাই আহি পোনে পোনে তেওঁক আক্ৰমণ কৰে৷ জ্যেষ্ঠ ছাত্ৰই তেওঁক কাঁচৰ বটল, হকীৰ লাঠিৰে প্ৰহাৰ কৰে৷ এই আক্ৰমণৰ ফলত সিদ্ধান্তৰ মূৰ, ডিঙি, বুকু, পেট আৰু কঁকালত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ এই আক্ৰমণৰ সময়ত এন আই টিৰ একাংশ শিক্ষকো ঘটনাস্থলীত উপস্থিত হয়৷ পাছত সিদ্ধান্তক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ এণ্ড হাস্পতাললৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত গুৰুতৰভাৱে আহত সিদ্ধান্তক বিভিন্ন পৰীক্ষা কৰা হয়৷ পাছত পিতৃ-মাতৃয়ে তেওঁক উন্নত চিকিৎসাৰ বাবে মেহেৰপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে৷ সিদ্ধান্তৰ পিতৃ সুদীপ পৈত্যৱে কয় যে, ঘুংগুৰ আৰক্ষী আউটপোষ্টত অভিযুক্ত ছাত্ৰকেইজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে৷  ১৮জন ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সিদ্ধান্ত পৈত্যৱে কয়, চতুৰ্থবৰ্ষৰ কিছুমান ছিনিয়ৰে মোক আক্ৰমণ কৰিছিল৷ আক্ৰমণকাৰী ছাত্ৰকেইজনক মই চিনি পাওঁ৷ কাঁচৰ বটলেৰে মোৰ মূৰত মাৰিছিল৷ মোৰ বন্ধুৱে মোক বচাবলৈ গৈছিল যদিও তেওঁক বেয়াকৈ প্ৰহাৰ কৰা হৈছিল৷ ৰাতি তাৰ গাড়ীৰ টায়াৰ কোনোবাই ফুটাই দিয়ে আৰু গাড়ীখনৰ ক্ষতিগ্ৰস্ত কৰে৷ তেওঁ লগতে কয়, পুৱা যেতিয়া মই এজন মেকানিকক টায়াৰ সলনি কৰিবলৈ ফোন কৰিলোঁ তেতিয়া তেওঁ ক’লে যে কোনোবাই টায়াৰত ৬-৭ বাৰ ছুৰীৰে আঘাত কৰিছে৷ যিজনে সেই কাম কৰিছিল তেওঁক ফোন কৰি ক’লোঁ যে ঘুংগুৰ পুলিচ আউটপোষ্টত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিম৷ ইয়াৰ ১০-১৫ মিনিটৰ ভিতৰতে আহি মোক অধ্যাপকৰ সন্মুখত বেয়াকৈ আক্ৰমণ কৰে৷  অধ্যাপকসকলে মোক বচাবলৈ চেষ্টা কৰিছিল৷ কিন্তু তেওঁলোকে তেওঁলোকৰ কথা শুনা নাছিল৷ পৈত্যই কয় যে, তেওঁৰ মাতৃভাষা আৰু তেওঁ অহা অঞ্চলক লৈ সমালোচনা কৰিছিল৷  ইয়াত যোগদান কৰাৰ দিনৰে পৰা বৰ্ণবাদীৰ সম্মুখীন হৈছিল৷  ইপিনে জানিব পৰা মতে,  ১৮জন ছাত্ৰই কেম্পাছৰ ভিতৰত দুজন জুনিয়ৰক প্ৰহাৰ কৰাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ এই এফআইআৰত সিদ্ধান্ত পৈত্যই স্পৰ্শ মুনাখিয়া, যোগেশ কাকোদিয়াছ, বিশ্বজিৎ দেৱনাথ, যশ ত্ৰিপাঠী, অভিজিত কলিতা, ধৃতিমান দাস, সৌৰভ ডেকা, শোহন পাল, প্ৰত্যুষ ৰায়, প্ৰফুল্ল চাথাম, অনাছ আহমেদ, প্ৰতীক বিজ, দীক্ষিত আগৰৱাল, মেহুল দেৱাংগম,  ৰাজ পৰিষদ, সত্যব্ৰত বোথ, সুপ্ৰতীক গগৈ, বিকি দাসক প্ৰধান অভিযুক্ত বুলি উল্লেখ কৰিছে৷  তেওঁ কয় যে আৰু কিছু ছিনিয়ৰও জড়িত হৈ আছে৷ ইপিনে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে ছাত্ৰজনৰ পৰা পোৱা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি থকা বুলি জানিবলৈ দিয়ে৷  এন আই টি শিলচৰ কতৃৰ্পক্ষৰ সৈতেও আলোচনাত মিলিত হৈছে বুলি তেওঁ কয়৷ আৰক্ষী অধীক্ষকে কয়– ‘আমি অভিযোগ লাভ কৰিছো আৰু আমি গোচৰ ৰুজু কৰিছোঁ৷ এয়া এন আই টিৰ আভ্যন্তৰীণ বিষয় আৰু আগবাঢ়ি যাবলৈ আমি প্ৰতিষ্ঠানটোৰ কতৃৰ্পক্ষৰ সৈতে আলোচনা কৰিব লাগিব৷’ ইপিনে এন আই টি শিলচৰ কতৃৰ্পক্ষই ইয়াক ‘দুৰ্ভাগ্যজনক’ ঘটনা বুলি অভিহিত কৰিছে৷  ছাত্ৰ কল্যাণ বিভাগৰ ডীনৰ নেতৃত্বত এটা দলে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে৷ তদুপৰি, কতৃৰ্পক্ষই জিমখানা ভংগ কৰি ছাত্ৰ-ছাত্ৰীৰ নিৰ্বাচন বাতিল কৰিছে৷ এন আই টি শিলচৰৰ সঞ্চালক অধ্যাপক ৰজত গুপ্তাই অৱশ্যে এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে৷  তাৰ পৰিৱৰ্তে ডীনৰ লগত কথা পাতিবলৈ সংবাদ মাধ্যমক পৰামৰ্শ দিয়ে৷ উল্লেখ্য, যোৱা বছৰ হোষ্টেলৰ ভিতৰত জুনিয়ৰক আক্ৰমণ কৰাৰ অপৰাধত চূড়ান্ত বৰ্ষৰ ৯জন ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল আৰু পাছত তেওঁলোকক কেম্পাছৰ পৰা আঁতৰাই দিয়া হৈছিল৷ এইবাৰ অভিযুক্ত ছাত্ৰকেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয়, সেয়া পোহৰলৈ অহা নাই৷