Logo
image

পুনৰ দুখন জিলাত জুবিনক নিষিদ্ধ ঘোষণা, ক্ষমা নুখুজিলে বিহুৰ অনুষ্ঠানত বাধা

আমাৰ অসম, ৩ এপ্ৰিলঃ অসমৰ পুনৰ বিভাজনৰ বিৰোধিতা কৰি কোচ ৰাজবংশী সংগঠনৰ ৰোষত পৰিছে জনপ্ৰিয় গায়ক জুবিন গাৰ্গ৷ সেইসূত্ৰে গোৱালপাৰা জিলাৰ পাছত এইবাৰ বঙাইগাঁও জিলাত অসমৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক নিষিদ্ধ ঘোষণা কৰিছে কোচ ৰাজবংশী সংগঠনে– ভাবুকি দিছে অবিভক্ত গোৱালপাৰা জিলাৰ পৰা ফালি নি গঠন কৰা কোকৰাঝাৰ জিলাতো জুবিন গাৰ্গৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ৷ উল্লেখ্য, কিছুদিন পূৰ্বে গোৱালপাৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গে পৃথক কমতাপুৰ ৰাজ্যৰ বিৰোধিতা কৰিছিল৷ ইয়াৰ পাছতে জাঙুৰ খাই উঠে আক্ৰাছুকে ধৰি কোচ-ৰাজবংশী একাধিক সংগঠনে৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰবীণ ৰাজনৈতিক নেতা, বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ পৃষ্ঠপোষকতাত চলা বঙাইগাঁও গান্ধী ময়দানত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে এইবেলি জুবিনক গীত পৰিৱেশন কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছে সাংস্কৃতিক সন্ধিয়ালৈ৷ ১৪, ১৫ আৰু ১৬ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ ১৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে জুবিন গাৰ্গক৷ গোৱালপাৰা জিলাত আক্ৰাছুৱে জুবিনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত এইবাৰ বঙাইগাঁও জিলাতো জুবিনৰ অনুষ্ঠান পৰিৱেশনত নিষেধাজ্ঞা আৰোপ কৰিছে আক্ৰাছুৱে৷ 

আক্ৰাছুৰ হুংকাৰ– ক্ষমা নোখোজালৈকে জুবিন গাৰ্গক বঙাইগাঁৱত অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়া নহ’ব৷ এই বিতৰ্ক চলি থকাৰ মাজতে জুবিন গাৰ্গ আৰু আক্ৰাছুৰ সংঘাত মীমাংসালৈ আহিব বুলি আশাবাদী বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উদ্‌যাপন সমিতি৷ উদ্‌যাপন সমিতিৰ ভাষ্য– ‘আমি জুবিনকো বাদ দিব নোৱাৰোঁ আৰু আক্ৰাছুকো বাদ দিব নোৱাৰোঁ৷ জুবিনৰ লগত চুক্তি যোৱা বছৰেই হৈছে৷ আক্ৰাছুৱে জুবিনক বৰ্জন কৰিলেও ৰাইজৰ মনৰ পৰা জুবিনক মচি পেলোৱা সহজ নহয়৷ জুবিনৰ লগত লাগি মূল উদ্দেশ্যৰ পৰা ফালৰি কাটিব নালাগে৷’ লক্ষণীয়ভাৱে জুবিন গাৰ্গ আৰু কোচ ৰাজবংশী সংগঠনৰ সংঘাত বৃদ্ধি পাইছে যদিও অসমত পুনৰ খণ্ডিত কৰাটো নিবিচাৰোঁ বুলি জুবিন গাৰ্গে কোৱা কথাৰ সৈতে সহমত পোষণ কৰিছে ৰাজ্যৰ বিভিন্ন শ্ৰেণীৰ লোকে৷ সেয়েহে গোৱালপাৰাৰ পাছত আৰু দুখন জিলাত জুবিন গাৰ্গক আক্ৰাছুৱে নিষিদ্ধ কৰা কাৰ্যক স্বাভাৱিকতে ৰাইজে সহজভাৱে ল’ব পৰা নাই– আনকি কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু লোকেও৷