Logo
image

কোক্‌ৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী দিব অগপই

আমাৰ অসম, ৩ এপ্ৰিলঃ  অসম গণ পৰিষদ চমুকৈ অগপ দলে আগন্তুক লোকসভা নিৰ্বাচনত নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ দেওবাৰে এই কথা সদৰি কৰে অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে৷ তেওঁ লগতে পূৰ্বৰ নিৰ্বাচনবোৰৰ দৰে আন দলৰ সৈতে মিত্ৰতাত থাকি এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ নহয় বুলি বিবেচনা কৰিয়ে তেওঁলোকে এখন সাংগঠনিক বৈঠক অনুষ্ঠিত কৰে৷ তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টি, পৰিষদীয় সমষ্টিত দলীয় সাংগঠনিক দিশটো শক্তিশালী কৰাৰ বাবে বৈঠকত আলোচনা কৰা হয় বুলি জানিবলৈ দিয়ে৷ 

বৈঠকত ব’হাগ বিহুৰ পাছত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত দলীয়কৰ্মী সভা অনুষ্ঠিত কৰাৰ লগতে সমিতি শাখা সমিতি আৰু নিকায়সমূহ পুনৰ সক্ৰিয় কৰাৰ, লগতে সকলো কৰ্মী, সদস্যক সহযোগিতা আগবঢ়াই দলক শক্তিশালী ৰূপত প্ৰকাশ কৰিবলৈ আগবাঢ়িছে বুলি জানিবলৈ দিয়ে৷ তেওঁ অসমৰ ১৪টা লোকসভা সমষ্টিৰ বাবে দলটোক শক্তিশালী কৰাৰ বাবে ইতিমধ্যে কলিয়াবৰ বোকাখাতত, মঙ্গলদৈ তেজপুৰত ইতিমধ্যে কৰ্মীসভা অনুষ্ঠিত কৰাৰ পাছত প্ৰতিটো সমষ্টিতে কৰ্মীসভা অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰি কৰে৷ উল্লেখ্য, কোকৰাঝাৰ প্ৰেছ ক্লাবত অসম গণ পৰিষদ দলৰ সাংসদীয় সমষ্টিৰ বিষয়ববীয়া কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, কেন্দ্ৰীয় বিষয়ববীয়া, মহিলা পৰিষদৰ বিষয়ববীয়াসকলক লৈ সাংগঠনিক সভা অনুষ্ঠিত হয়৷ উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি প্ৰশান্ত বৰুৱা, সম্পাদক ধ্ৰুৱ তালুকদাৰ হৰেশ্বৰ স্বৰ্গীয়াৰীসহিতে কেন্দ্ৰীয় সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ বহুতো কৰ্মী, সদস্য উপস্থিত থাকে৷