Logo
image

গেৰুকামুখ খহিছে

আমাৰ অসম, ৪ এপ্ৰিলঃ নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্প নিৰ্মাতা সংস্থা এন এইচ পি চিয়ে চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা প্ৰকল্পটোৰ পৰা বিদ্য়ুৎ উৎপাদনৰ লক্ষ্য বান্ধি লৈছিল যদিও এন এইচ পি চিৰ এই লক্ষ্য সফল হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ কিয়নো ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্পত পুনৰ ভয়ংকৰ ভূমি…লন আৰম্ভ হৈছে৷  দেওবাৰে মাজনিশাৰ পৰা আজি পুৱাৰভাগলৈ প্ৰকল্পটোৰ মূল বান্ধৰ কাষৰ সোঁপাৰৰ পাহাৰত ব্যাপকহাৰত ভূমি…লনৰ সংঘটিত হৈ থকাৰ লগতে সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে মূল বান্ধত প্ৰবল হেঁচাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, বিগত বৰ্ষৰ বাৰিষাকালৰ শেষ মাহত প্ৰবল বৰষুণ, ভূমি…লন আৰু সোৱণশিৰি নদীৰ খহনীয়াত এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্য়ুৎ প্ৰকল্প ব্যাপকহাৰত ক্ষতি কৰিছিল৷  এইবাৰ বাৰিষাৰ আৰম্ভণিতে বৰষুণ, ভূমি…লন আৰু সোৱণশিৰি নদীৰ ৰুদ্ৰৰূপে প্ৰকল্পটো নিৰ্মাণত প্ৰবল বাধাৰ সৃষ্টি কৰাত এন এইচ পি চিৰ বিষয়া-কৰ্মচাৰী আৰু অভিযন্তাসকলৰ নিদ্ৰাহৰণ কৰিছে৷ অতিসম্প্ৰতি সমগ্ৰ উত্তৰ অসম আৰু অৰুণাচল প্ৰদেশৰ আদী পাহাৰত ছেগা-চোৰো¸কাকৈ বৰষুণ দি থকাৰ লগতে মাজে মাজে শিলাবৃষ্টিও হৈ আছে৷ ফলত সোৱণশিৰি নদীৰ পানী ক্ৰমান্বয়ে বাঢ়ি আহিছে৷  পূৰ্বৰ তুলনাত কালি দেওবাৰে বৰষুণৰ পৰিমাণ অলপ বেছি আছিল৷ উক্ত বৰষুণৰ ফলতে দেওবাৰে মাজনিশাৰ পৰা প্ৰকল্পটোৰ মূল বান্ধৰ সোঁপাৰে ব্যাপক হাৰত ভূমি…লন হ’বলৈ ধৰে৷  এই ভূমি…লনৰ ঘটনা আজি পুৱালৈকে অধিক ভয়ংকৰ ৰূপ ল’বলৈ আৰম্ভ কৰে আৰু আজি দুপৰীয়াভাগলৈ হুৰাহুৰে পাহাৰ খহিয়ে থাকে৷  পাহাৰ খহাৰ বিকট শব্দই শ্ৰমিকসকলক আতংকিত কৰি তোলে আৰু বহু শ্ৰমিকে আজি প্ৰকল্পটোত কাম নকৰি অহা বাটে উভতি যায়৷  পাহাৰৰ ওপৰৰ পৰা খহি যোৱা বোকা আৰু বালিয়ে সোৱণশিৰি নদীৰ পানীত খুন্দা খাই বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি সমগ্ৰ মূল প্ৰকল্প নিৰ্মাণস্থলী ধুঁৱলী-কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিছে৷  এই বাতৰি লিখা পৰলৈকে ভূমি…লনৰ ঘটনা কম-বেছি পৰিমাণে হৈয়ে আছে৷  বিগত বৰ্ষত বাৰিষাকালত ভূমি…লন তথা সোৱণশিৰি নদীৰ প্ৰবল খহনীয়াৰ ফলত প্ৰকল্পটোৰ ব্যাপক ক্ষতি হোৱাৰ সমান্তৰালভাৱে এখন পাহাৰৰ এফাল চূড়া সোৱণশিৰি নদীৰ বুকুত চিৰকালৰ বাবে বিলীন হৈ গৈছিল৷ এইবাৰ বাৰিষাকালৰ আৰম্ভণিতে সোৱণশিৰি নদীয়ে ৰুদ্ৰৰূপ লোৱাত যিকোনো মুহূৰ্ততে এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা প্ৰকল্পটোলৈ নমাই আনিব পাৰে অনাকাংক্ষিত তথা চূড়ান্ত বিপৰ্যয়৷