Logo
image

এনচিইআৰটিৰ পাঠ্যক্ৰমৰ পৰা ‘মোগল’ক বহিষ্কাৰ

আমাৰ অসম, ৪ এপ্ৰিলঃ নেশ্বনেল কাউন্সিল অৱ এডুকেশ্বনেল ৰিৰ্চাচ এণ্ড ট্ৰেইনিং চমুকৈ এন চি ই আৰ টিয়ে ২০২৩-২৪ বৰ্ষৰ নতুন পাঠ্যক্ৰমৰ পৰা ‘মোগল সাম্ৰাজ্য’ শীৰ্ষক অধ্যায়ক কৰ্তন কৰিছে৷ দ্বাদশ শ্ৰেণীৰ বুৰঞ্জী পাঠ্যক্ৰমৰ পৰা মোগল সাম্ৰাজ্যৰ সমগ্ৰ অধ্যায়টোকে আঁতৰাই দিছে এন চি ই আৰ টিয়ে৷ এন চি ই আৰ টি এই সংশোধন সমগ্ৰ দেশৰে পাঠ্যক্ৰমত প্ৰযোজ্য হ’ব বুলি জানিবলৈ দিছে৷ মূলতঃ দ্বাদশ শ্ৰেণীৰ বুৰঞ্জী পাঠ্যপুথিৰ পৰা ‘কিংছ এণ্ড ক্ৰ’নিকেলছ, দ্য মোগল ক’ৰ্ট’ অধ্যায়টো  প্ৰত্যাহাৰ কৰিছে এন চি ই আৰ টিয়ে৷ তাৰোপৰি এন চি ই আৰ টিয়ে হিন্দী পাঠ্যক্ৰমৰ পৰাও কিছু কবিতা আৰু দফা আঁতৰাই পেলাইছে৷ নতুন শিক্ষাবৰ্ষৰ পাঠ্যপুথিত এই সংশোধনী অনা হৈছে৷ তদুপৰি দ্বাদশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰো দুটা অধ্যায় ক্ৰমে ‘বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্য’ আৰু ‘শীতল যুদ্ধৰ যুগ’ক কৰ্তন কৰিছে৷ আনহাতে দ্বাদশ শ্ৰেণীৰ পাঠপুথিৰ পৰা ‘স্বাধীনতাৰ পাছত ভাৰতীয় ৰাজনীতি’ৰ দুটা অধ্যায় আঁতৰাই পেলাইছে৷ ইয়াৰ লগতে দশম আৰু একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাও ‘গণতন্ত্ৰ আৰু বৈচিত্ৰ্য’  আৰু ‘জনপ্ৰিয় সংগ্ৰাম আৰু আন্দোলন’ শীৰ্ষক অধ্যায় দুটাকো প্ৰত্যাহ্বাৰ কৰিছে৷ একেদৰে দশম শ্ৰেণীৰ পাঠ্যপুথি গণতান্ত্ৰিক ৰাজনীতি -২ ৰ পৰা ‘গণতন্ত্ৰৰ প্ৰত্যাহ্বান’ শীৰ্ষক অধ্যায়টোক আঁতৰাই দিছে৷ একেদৰে একাদশ শ্ৰেণীৰ পাঠ্যপুথি ‘বিশ্ব ইতিহাসৰ বিষয়বস্তু’ৰ পৰা ‘কেন্দ্ৰীয় ইছলামিক ভূমি, সংঘৰ্ষ-সংস্কৃতি আৰু ঔদ্যোগিক বিপ্লব’ৰ  অধ্যায়কেইটাক আঁতৰাই দিছে এন চি ই আৰ টিয়ে৷