Logo
image

আহিব নেকি বৰষুণ!গুৱাহাটীত আইপিএলৰ দল

আমাৰ অসম, ৪ এপ্ৰিলঃ মহানগৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ মেচক বৰষুণে বিঘিনি  ঘটাব পাৰে৷ গুৱাহাটীৰ বৰ্ষাপাৰাত এচিএ ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছ দলৰ  মেচখনৰ পূৰ্বে তেনে আশংকাই অনুৰাগী আৰু আয়োজকক চিন্তিত কৰি তুলিছে৷ সোমবাৰে দুয়োটা দলেই আহি গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগেই ক্ৰিকেটপ্ৰেমীক ক্ৰিকেটৰ জ্বৰে আক্ৰান্ত কৰিছে৷ সোমবাৰে পঞ্জাৱ কিংছ দলটো জি-৮-১৫১ নম্বৰৰ বিশেষ বিমানেৰে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হয়৷ আনহাতে হায়দৰাবাদৰ  পৰা এছ জি-৯৩২১ বিমানখনেৰে ৰাজস্থান ৰয়েলছ দলটো গুৱাহাটীলৈ আহে৷ পঞ্জাৱ কিংছ দলটোৰ খেলুৱৈসকলৰ খানাপাৰাৰ হোটেল ভিভাণ্টাত আছে আৰু ৰাজস্থান ৰয়েলছ দলটো আছে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ৰেডিছন ব্লু হোটেলত৷ বুধবাৰে আইপিএলৰ মেচখন অনুষ্ঠিত হ’ব সন্ধিয়া ৭-৩০ বজাত৷ কাইলৈ মঙলবাৰে দুয়োটা দলে  বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়াম অনুশীলন কৰিব৷ 

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ প্ৰথমখন মেচৰ বাবে ক্ৰিকেটপ্ৰেমীৰ মাজত উৎসাহ বৃদ্ধি পাইছে৷ পিছে আগতীয়া বাৰিষাৰ বৰষুণে সেই উৎসাহত চেঁচাপানী ঢালিব বুলি আশংকা কৰা হৈছে৷ কিয়নো বিগত ৩-৪ দিন ধৰি অসমৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীত বৰষুণ হৈ আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি অহা ৭ এপ্ৰিললৈ অৰ্থাৎ বুধবাৰ পৰ্যন্ত মহানগৰীত এৰাধৰাকৈ বৰষুণ হোৱাৰ আশংকা আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে অহা দুদিন  মহানগৰীৰ আকাশ ডাৱৰে ঢাকি ৰাখিব৷ সময়ে সময়ে মহানগৰীৰ বিভিন্ন স্থানত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ এই বতৰৰ আগলি বতৰাই সেয়ে ক্ৰিকেটপ্ৰেমীৰ লগতে আয়োজকসকলকো চিন্তিত কৰি ৰাখিছে৷