Logo
image

১০ আৰু ১১ এপ্ৰিলত দেশজুৰি ক’ভিড মকড্ৰিল

আমাৰ অসম, ৪ এপ্ৰিলঃ  ক’ভিডৰ বৰ্ধিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে অহা ১০ আৰু ১১ এপ্ৰিলত সমগ্ৰ দেশতে ক’ভিড মকড্ৰীলৰ আয়োজন কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় আৰু ভাৰতীয় চিকিৎসা গৱেষণা সংস্থা চমুকৈ আইচিএমআৰে দেশৰ প্ৰতিখন জিলাৰ চৰকাৰী আৰু ব্যক্তিগত স্বাস্থ্যসেৱা খণ্ডসমূহক এই মকড্ৰীলৰ অংশীদাৰ হ’বলৈ আহ৩ান জনাইছে৷ মকড্ৰীলত চিকিৎসালয়ৰ বেড, অক্সিজেন, ঔষধ আদি আন্তঃগাঁথনিগত তথা আভ্যন্তৰীণ সা-সুবিধাসমূহৰ পৰ্যালোচনা কৰা হ’ব৷ মকড্ৰীলৰ প্ৰস্তুতি সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব ৰাজেশ ভূষণে কয় যে দেশত ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা ক’ভিডৰ সংখ্যা বাঢ়িছে৷ কেৰালাত ২৬.৪ শতাংশ, মহাৰাষ্ট্ৰত ২১.৭ শতাংশ, গুজৰাটত ১৩.৯ শতাংশ, কৰ্ণাটকত ৮.৬ শতাংশ আৰু তামিলনাডুত ৬.৩ শতাংশ ক’ভিডৰ কেচ নতুনকৈ পোহৰলৈ আহিছে৷ যদিও দেশৰ উক্ত ৰাজ্য কেইখনতহে ক’ভিডৰ গৰিষ্ঠসংখ্যক কেচ ধৰা পৰিছে তথাপি এয়া দেশৰ আন প্ৰান্তলৈও সম্প্ৰসাৰিত হ’ব পাৰে৷ ইয়াৰ লগতে এইছ-১এন-১ আৰু এইছ৩ এন-২ ইনফ্লুৱেঞ্জাত আক্ৰান্ত লোকৰ সংখ্যাও দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে৷ এনে প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰে সাম্ভাৱ্য বিপদৰ প্ৰস্তুতি হিচাপে এই মকড্ৰীলৰ আয়োজন কৰিছে৷  মকড্ৰীলৰ দ্বাৰা ভৱিষ্যতৰ হটস্পট আৰু ইয়াৰ মোকাবিলা কৰাৰ সূত্ৰ নিৰ্ধাৰণ কৰা হ’ব৷