Logo
image

ছুৰাটত জামিন লাভ ৰাহুলৰ উপহাৰ পালে অট্টালিকা

আমাৰ অসম, ৪ এপ্ৰিলঃ  মোদী উপাধিধাৰী সন্দৰ্ভত অৱমাননাসূচক মন্তব্য কৰাৰ বাবে গুজৰাটৰ ছুৰাটৰ ন্যায়িক দণ্ডাধীশৰ আদালতে প্ৰদান কৰা দুবছৰৰ কাৰাবাসৰ ৰায়দানক কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে একেখন চহৰৰ সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰত্যাহ্বান জনায়৷ ছুৰাটৰ সত্ৰ ন্যায়াধীশ আদালতে নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি নকৰিলেও অহা ১৩ এপ্ৰিললৈ ৰাহুল গান্ধীক জামিন প্ৰদান কৰিছে৷ সেই সময়ছোৱালৈকে এই গোচৰৰ ক্ষেত্ৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে কোনো  ন্যায়িক পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিব৷ অহা ১৩ এপ্ৰিলত ছুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে এই গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব৷ তাৰ পূৰ্বে ১০ এপ্ৰিলত উক্ত গোচৰৰ গোচৰীয়া বিজেপি নেতা তথা গুজৰাটৰ মন্ত্ৰী পূৰ্ণেশ মোদীক সত্ৰ ন্যায়াধীশৰ আদালতে তেওঁৰ বক্তব্য জনোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷ সোমবাৰে ৰাহুল গান্ধীয়ে ন্যায়িক দণ্ডাধীশৰ আদালতৰ ৰায়ৰ স্থগিতাদেশ বিচাৰি আবেদন জনালেও তাৎক্ষণিকভাৱে আদালতে এই গোচৰত স্থগিতাদেশ জাৰি নকৰিলে৷ উল্লেখ্য যোৱা ২৩ মাৰ্চত ৰাহুল গান্ধীক ছুৰাটৰ ন্যায়িক দণ্ডাধীশ এইছ এইছ বাৰ্মাই মোদী সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ বাবে দুবছৰৰ কাৰাদণ্ড দিছিল৷ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত ‘সকলো মোদী উপাধিক লোকেই চোৰ কিয় হয়’ বুলি প্ৰশ্ন উত্থাপন কৰিছিল৷ ৰাহুল গান্ধীয়ে তেওঁৰ সেই প্ৰশ্নৰে দেশৰ পৰা পলাই থকা ললিত মোদী, নীৰৱ মোদীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তুলনা টানি আনি মোদী উপাধিধাৰীক কটাক্ষ কৰিছিল৷ ৰাহুলৰ সেই বক্তব্যৰ বিৰুদ্ধে ছুৰাটৰ ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ তৰিছিল গুজৰাটৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা পূৰ্ণেশ মোদীয়ে৷ তেওঁ দাবী কৰিছিল ৰাহুল গান্ধীয়ে মোদী উপাধিৰ সকলোকে চোৰ বুলি কৈ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সকলো মোদীকে অপমান কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অ’বিচি হ’লেও নীৰৱ মোদী আৰু ললিত মোদী অ’বিচি নাছিল৷ ছুৰাটৰ ন্যায়িক দণ্ডাধীশৰ আদালতে পূৰ্ণেশ মোদীৰ আবেদনৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ অনুচ্ছেদৰ ভিত্তিত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি সেই দোষৰ সৰ্বাধিক শাস্তি দুবছৰ কাৰাদণ্ড দিছিল৷ ২৩ মাৰ্চত আদালতৰ শাস্তি ঘোষণাৰ পিছদিনাই ৰকেটৰ গতিত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে৷ ছুৰাটৰ আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিলেও তেওঁক জামিন প্ৰদান কৰি সেই ৰায়ৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱাৰ বাবে ৩০ দিনৰ সময় দিছিল৷ 

সোমবাৰে ৰাহুল গান্ধীয়ে ছুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত সোঁ-শৰীৰে উপস্থিত থকাৰ লগতে তেওঁৰ সৈতে আদালতলৈ ভগ্নী প্ৰিয়ংকা গান্ধী, ৰাজস্থান, ছত্তীশগড়, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ক্ৰমে অশোক গেহলট, ভূপেশ বাঘেল আৰু সুখবিন্দৰ সিং সুখুৰ উপৰি বহুকেইজন কংগ্ৰেছ নেতাক লৈ গৈছিল৷ ৰাহুল গান্ধীৰ এই পদক্ষেপক কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেন ৰিজিজুৱে ভণ্ডামি, শিশুসুলভ আৰু নাটক বুলি অভিহিত কৰিছে৷ আইনমন্ত্ৰীৰ মতে এই গোচৰৰ প্ৰত্যাহ্বান জনাবলৈ আচামী নিজে আদালতত উপস্থিত থকাৰ প্ৰয়োজন নাই৷ ৰাহুল গান্ধীয়ে নাটক কৰি নিজে যোৱাই নহয়, অসংখ্য লোকক লগত লৈ গৈ ন্যায়পালিকাৰ ওপৰত পৰোক্ষ হেঁচাৰ সৃষ্টি কৰা বুলি ৰিজিজুৱে মন্তব্য কৰে৷ 

ইপিনে চৰকাৰী বাসভৱনৰ পৰা উচ্ছেদৰ জাননী লাভ কৰা ৰাহুল গান্ধীক এগৰাকী মহিলা কংগ্ৰেছ নেত্ৰীয়ে তেওঁৰ চাৰিমহলীয়া ঘৰটো উপহাৰ দিছে৷ দিল্লী কংগ্ৰেছ সেৱাদলৰ অধ্যক্ষা ৰাজকুমাৰী গুপ্তাই কয় যে ইন্দিৰা গান্ধীৰ কাৰ্যকালত তেওঁ দিল্লীৰ মংগলপুৰীত এই ঘৰটো লাভ কৰিছিল৷ সেই ঘৰটো তেওঁ ৰাহুল গান্ধীৰ নামলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে৷ নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীক গৃহহীন কৰিলেও কংগ্ৰেছ নেতাজন দেশৰ কোটি কোটি নাগৰিকৰ হূদয়ত আছে৷ সেয়ে গৃহহীন হৈ পৰা ৰাহুল গান্ধীক ৰাজকুমাৰী গুপ্তাই নিজৰ ঘৰটো স্থায়ীভাৱে উপহাৰ হিচাপে প্ৰদান কৰিবলৈ চূড়ান্ত সিদ্ধান্ত লৈছে৷