Logo
image

ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰঃ এটা বছৰতে ৩৬৪.৯৪ কৌটিৰো অধিক টকাৰ ৰাজহ সংগ্ৰহ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ আন নগৰ-চহৰৰ দৰে গুৱাহাটী  মহানগৰীতো প্ৰতি বছৰে বৃদ্ধি পাইছে যানবাহনৰ সংখ্যা। যানবাহনৰ সংখ্যা বৃদ্ধিৰ ফলত বাট-পথসমূহত দৈনিক বৃদ্ধি পাইছে যানজঁট। অৱশ্যে যানজঁট হ'লেও যানবাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত যানবাহনৰ পঞ্জীয়ন মাচুল আৰু পথকৰৰ বিপৰীতে পৰিবহণ বিভাগে লাভ কৰা ৰাজহৰ পৰিমানো বৃদ্ধি পাইছে৷ আনহাতে যিসকল বাহনৰগৰাকীয়ে পথকৰৰ বাবদ দিবলগীয়া কৰ আদায় নিদিয়াকৈ বাহন চলাই আছিল তেওঁলোকৰ পৰা বিভাগে বুজন পৰিমাণৰ জৰিমনাও আদায় কৰিছে। 

শনিবাৰে সামৰণি পৰা বিত্তীয় বৰ্ষত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। পৰিবহণ বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি  গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ে ৩১ মাৰ্চত সামৰণি পৰা ২০২২-২৩ বিত্তীয় বর্ষত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ  কৰিবলৈ  সক্ষম হৈছে। জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) অতিৰিক্ত দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে, প্ৰথমবাৰৰ বাবে ৩১ মাৰ্চত বিত্তীয় বর্ষৰ সামৰণিৰ দিনালৈকে সংগৃহিত ৰাজহৰ পৰিমাণ আছিল ৩৬৪,৯৪,৫০,৮৬৯  টকা। ইয়াৰ পূৰ্বে বিগত ২০২১-২২ বর্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় ২৮৭,৬৮,৯৫,৬৩০  টকা। অৰ্থাৎ বিগত বিত্তীয় বৰ্ষতকৈ এইবেলি ৭৭,২৫,৫৫,২৩৯  টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। ৰাজহ বৃদ্ধিৰ পৰিমাণ হ'ল ২৭ শতাংশ। 

সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ, যান-বাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে চলিত বছৰৰ প্ৰথম দিনটোৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল।অপাৰেচন কুৰুক্ষেত্ৰ আৰ অপাৰেচন ছাৰখাৰ নামৰ অভিযানৰ ফলত বাহনৰ গৰাকীসকলে যাবতীয় কৰ আদায় দিয়াত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায়। অৱশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বকেয়া কৰ আদায় দিয়া নাই। পৰৱৰ্তী সময়ত বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি সেই বাহনসমূহ জব্দ কৰাৰ বাবে বিশেষ অভিযান চলোৱা হ'ব। পহিলা জানুৱাৰীৰ পৰা চলোৱা অভিযানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ যানবাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক, প্ৰৱৰ্তক চেকাৰকে ধৰি তিনিওটা জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সকলো পৰ্যায়ৰ কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰিছিল। উল্লেখ্য যে এই সংগৃহীত ৰাজহৰ ভিতৰত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক বিভাগে জৰিমণা হিচাপে সংগ্ৰহ কৰা অভিলেখ পৰিমাণৰ ৩৭,০৮,২১,২১১  টকা আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী় ৰফিকুল ইছলামৰ নেতৃত্বত কাৰ্যালয়টোৱে সংগ্ৰহ কৰা ২,২৬,১৪,৯৫০ টকাও আছে।