Logo
image

সৈনিক স্কুলতো ৰেগিং কাণ্ডঃ শাৰীৰিক অনুশীলনৰ সময়ত কণিষ্ঠ ছাত্ৰক প্ৰহাৰ জ্যেষ্ঠ ছাত্ৰৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা সৈনিক স্কুলত সংঘটিত ৰেগিং কাণ্ডই তোলপাৰ লগাইছে ৰাজ্যত। কিছুদিন পূৰ্বে ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে আন কেইবাখনো শিক্ষানুষ্ঠানত সংঘটিত আমানৱীয় ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পিছত সমগ্র ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেগিঙৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছিল। কিন্তু ইয়াৰ পিছতো শিক্ষানুষ্ঠানৰ পৰা আঁতৰ হোৱা নাই ৰেগিং ব্যাধি।

শেহতীয়াকৈ কঠোৰ অনুশাসন আৰু নিয়মানুৱৰ্তীতা থকা গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান সৈনিক স্কুলত সংঘটিত জঘন্য ৰেগিং কাণ্ডৰ ভিডিঅ' ভাইৰেল হোৱাত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে গোৱালপাৰা সৈনিক স্কুলতো যে ৰেগিং কাণ্ড সংঘটিত হয় সেয়া স্পষ্ট হৈ পৰিল। ভিডিঅ'টোত শাৰীৰিক ব্যায়ামৰ সময়ত জ্যেষ্ঠই কণিষ্ঠৰ ওপৰত প্ৰহাৰ চলোৱা দৃশ্য স্পষ্টভাৱে দেখা গৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও অভিভাৱকে ৰেগিঙৰ অভিযোগ দি আহিছিল যদিও তথ্য-প্ৰমাণৰ অভাৱৰ বাবে সেয়া স্পষ্ট হোৱা নাছিল। কিন্তু শিক্ষানুষ্ঠানখনত সংঘটিত ৰেগিং কাণ্ডৰ ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

জানিব পৰা মতে কেইদিনমান পূৰ্বে এগৰাকী অভিভাৱকে কণিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই প্ৰহাৰ কৰা ফ'টো আৰু ভিডিঅ'সহ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক অভিযোগ দাখিল কৰে। সেই মৰ্মে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে গোৱালপাৰা আৰক্ষী অধীক্ষকক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। পিছত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে মৰনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত ঘটনা সন্দৰ্ভত দেওবাৰে ২৬/২০২৩নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫/৩৪১/৩৪ ধাৰাৰ লগতে জে জে এক্টৰ ২৩নং ধাৰা/এপিআৰ এক্টৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্তৰ ক্ষেত্ৰত সৈনিক স্কুলৰ অধ্যক্ষৰ সহায়-সহযোগিতা বাবে পত্ৰ প্ৰেৰণ কৰে। ঘটনাৰ তদন্তৰ ক্ষেত্ৰত মৰনৈ থানাৰ আৰক্ষীয়ে সৈনিক স্কুলৰ অধ্যক্ষগৰাকীক দুবাৰকৈ পত্ৰ প্ৰেৰণ কৰিছে যদিও অধ্যক্ষই এই ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰাৰ অভিযোগ উঠিছে৷ 

কঠোৰ অনুশাসন আৰু নিয়মানুৱৰ্তীতাৰ লগতে সকলোৱে ভাবি থকা আটাইতকৈ সুৰক্ষিত শিক্ষানুষ্ঠান গোৱালপাৰাৰ মৰনৈস্থিত সৈনিক স্কুলত সংঘটিত চাঞ্চল্যকৰ ৰেগিং কাণ্ডই সকলোকে শংকিত কৰি তুলিছে। সৈনিক স্কুলত নিজৰ সন্তানক নাম ভৰ্তি কৰাই কেৱল গৌৰৱবোধ কৰাই নহয় আটাইতকৈ সুৰক্ষিত বুলি ইমানদিনে অনুভৱ কৰি আহিছিল অভিভাৱকসকলে। সেই শিক্ষানুষ্ঠানখনতে জঘন্য ৰেগিং কাণ্ড সংঘটিত হোৱাত চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে ৰেগিংৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত অধিক তীব্ৰতৰ কৰি তুলিছে। শীঘ্ৰেই ৰেগিং কাণ্ডৰ লগত জড়িত কেবাগৰাকী জ্যেষ্ঠ ছাত্র গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।