Logo
image

ছিকিমত ভয়াৱহ হিমস্খলন, বহু পৰ্যটকৰ মৃত্যুৰ আশংকা

আমাৰ অসম, ৫ এপ্ৰিলঃ আচম্বিতে ভয়ংকৰ এভালান্সৰ কৱলত পৰিছে ছিকিমৰ চীন সীমান্তৰ ৰণকৌশলগত দিশত ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ অঞ্চল নাথুলা৷ সৰ্বনশীয়া মঙলবাৰে সংঘটিত এই এভালান্স বা হিমস্খলনৰ ফলত বহু লোকৰ প্ৰাণ হানিৰ আশংকা কৰা হৈছে৷ বিগত এমাহত অতি অস্বাভাৱিকভাৱে ছিকিম বিভিন্ন অংশত অস্বাভাৱিকভাৱে প্ৰৱল তুষাৰপাত হৈছিল৷ নাথুলাৰ  আশে-পাশেও বিগত সময়ছোৱাত অস্বাভাৱিক তুষাৰপাত হৈছিল৷ পাহাৰৰ বুকুৱে ধৰি ৰাখিব পৰাতকৈ অধিক মাত্ৰাত তুষাৰপাত হোৱাৰ সেই বৰফ এভালান্সৰ জৰিয়তে যিকোনো সময়তে ভূমিস্খলনৰ দৰে পাহাৰৰ পাদদেশলৈ নামি অহাৰ আশংকা সদায় আছিল৷ কিয়নো স্বাভাৱিক মাত্ৰাতকৈ অধিক বৰফৰ বোজা পাহাৰে নিজৰ বুকুত বান্ধি ৰাখিব নোৱাৰে৷ এতিয়া তাপমাত্ৰা বৃদ্ধি হোৱাত বৰফ গলিছে আৰু কোমল হৈ পৰা বৰফে বৃহৎ বৰফখণ্ড হিমস্খলনৰ আকাৰত তললৈ কঢ়িয়াই আনিছে৷ তাৰে ফলশ্ৰুতিত মঙলবাৰে ছিকিমৰ নাথু লাৰ সমীপত সংঘটি হৈছে এই ভয়ংকৰ হিমস্খলন৷ ছিকিমৰ নাথুলাত মঙলবাৰে দুপৰীয়া সংঘটিত এই ভয়ংকৰ হিমস্খলনৰ (এভালান্স) ফলত এটি শিশুসহ ৯জন পৰ্যটক নিহত হোৱাৰ খবৰ এতিয়ালৈকে পোৱা গৈছে৷ দিনৰ ১১.২০ বজাত আকস্মিকভাৱে বৰফ খহি পৰি নাথুলাৰ দিশে গৈ থকা কমেও ৮-১০খন যাত্ৰীবাহী গাড়ী ঢাকি পেলায় আৰু বৰফৰ তলত সোমাই পৰি থিতাতে ৯জন পৰ্যটকৰ মৃত্যু হয়৷ 

পাহাৰৰ ওপৰৰ পৰা খহি অহা বৰফৰ তলত ৫০জনৰো অধিক লোক সোমাই পৰা বুলি আশংকা কৰা হৈছে৷ সেয়ে উদ্ধাৰকাৰী সেনাবাহিনীয়ে মৃতকৰ সংখ্যা অধিক হ’ব বুলি জনাইছে৷ উল্লেখ্য, এই দুৰ্যোগৰ মাজত অসম তথা উত্তৰ পূবৰ বহু পৰ্যটক আবদ্ধ হৈ থকা বুলি অসমৰ্থিত সূত্ৰত জানিব পৰা গৈছে৷ অসমত মেট্ৰিক পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষা সমাপ্ত হোৱাৰ পাছত অনেক লোকেই পৰ্যটক হিচাপে ছিকিম ভ্ৰমণ কৰিবলৈ গৈছে৷ অৱশ্যে অসমৰ কোন কোন পৰ্যটক এই বিপৰ্যয়ৰ মাজত আবদ্ধ হৈ আছে তাৰ সম্পূৰ্ণ তথ্য এতিয়াও পোৱা হোৱা নাই৷ আনকি নিশা পৰ্যন্ত সেনা বাহিনী আৰু ছিকিম চৰকাৰ অথবা আৰক্ষীয়ে নিহতৰ নাম আৰু ঠিকনা প্ৰকাশ কৰা নাই৷ বিয়লি ৪ বজালৈকে বৰফৰ স্তূপৰ মাজৰ পৰা ২৩জন পৰ্যটকক সেনাবাহিনীয়ে আহত অৱস্থাত উদ্ধাৰ কৰিছে৷ বৰফৰ দ’মত আৱদ্ধ হৈ থাকিও সৌভাগ্যবশতঃ প্ৰাণৰক্ষা পৰিলেও আটাইকেইজনেই গুৰুতৰভাৱে আহত হৈছে৷ তেওঁলোকক স্থানীয় সামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ হিমস্খলননৰ ঘটনাটো সংঘটিত হয় নাথু লা-ৰ নাতিদূৰৰ ১৫ মাইল অঞ্চলৰ জৱাহৰলাল নেহৰু মাৰ্গত৷ সেই সময়ত ছিকিমৰ গেংটক আৰু অন্যান্য স্থানৰ পৰা পৰ্যটকক লৈ বহু সৰু-ডাঙৰ গাড়ী নাথু লা অভিমুখে গৈ আছিল৷ তেনে সময়তে ১১.২০ বজাত পাহাৰৰ ওপৰৰ পৰা বিশাল বৰফৰ খণ্ড ভূমিস্খলনৰ দৰে খহি আহি তলেৰে জৱাহৰলাল নেহৰু মাৰ্গেৰে গৈ থকা বহুসংখ্যক গাড়ীক নিমিষতে ঢাকি পেলায়৷ বৰফৰ ভৰ আৰু তীব্ৰ গতিয়ে কিছুসংখ্যক গাড়ীক বহুদূৰলৈ ঠেলি নিয়ে৷ সেই সময়ত নিৰ্দিষ্ট বিস্তীৰ্ণ এলেকাটোৰে গৈ থকা ৮-১০খন গাড়ী বৰফৰ এভালান্সৰ তলত সোমাই পৰে৷ অৱশ্যে নাথু লা অঞ্চলটো সেনাবাহিনীৰ দখলত থকাৰ বাবে তাৎক্ষণিকভাৱে যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰকাৰ্য আৰম্ভ হয় আৰু বহু পৰ্যটকক সেনাবাহিনীৰ উদ্ধাৰকাৰীয়ে ৰক্ষা কৰে৷ ভাৰতীয় সেনাবাহিনীৰ ত্ৰিশক্তি ক’ৰৰ নেতৃত্বত হোৱা উদ্ধাৰ অভিযানত ব’ৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্বনৰ স্বস্তিক প্ৰকল্পত কৰ্মৰত জোৱানেও হাত উজান দিয়ে৷ তদুপৰি ছিকিম আৰক্ষী, এছ ডি আৰ এফ বাহিনীয়েও উদ্ধাৰ অভিযানত ভাগ লৈছে৷ 

ঘটনা সংঘটিত হোৱাৰ লগে লগে সেনাবাহিনী উদ্ধাৰকাৰ্যত নিয়োজিত হোৱাৰ বাবে নিহতৰ সংখ্যা হ্ৰাস পোৱা বুলি স্থানীয় লোক আৰু প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰিছে৷ কিন্তু হিমস্খলনে ইমান বিস্তীৰ্ণ অঞ্চল এটা ঢাকি বৰফেৰে একাকাৰ কৰি থৈছে যে, সেই বৰফৰ স্তূপৰ তলত এতিয়াও বহু পৰ্যটক আৱদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে৷ আনহাতে, হিমস্খলন সংঘটিত হোৱা ১৫ মাইল অঞ্চলৰ এপাৰে ৩৫০খন আৰু আনপাৰে ৪৫০খন পৰ্যটকভৰ্তি তথা স্থানীয় পৰিবহণৰ গাড়ী আৱদ্ধ হৈ আছে৷ হিমস্খলনে এই গাড়ীৰ ক্ষতিগ্ৰস্ত নকৰিলেও পাহাৰসদৃশ বৰফৰ স্তূপৰ ফলত জৱাহৰলাল নেহৰু মাৰ্গৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ এইপৰ্যন্ত ৮০খন গাড়ীক মুক্ত কৰি ছিকিমৰ দিশে পঠিওৱা হৈছে৷ উল্লেখ্য, বিগত এমাহত ছিকিমত অস্বাভাৱিক তুষাৰপাত হৈছে৷ তাৰ ফলতে সংঘটিত হৈছে এই ভয়াৱহ হিমস্খলন বা এভালান্স৷