Logo
image

হিমন্তবিশ্ব শৰ্মাক সমৰ্থন অসমীয়া শিখৰ: গণভোট বিচাৰক! পৰেশ বৰুৱাক পৰামৰ্শ খালিস্তানীৰ

আমাৰ অসম, ৫ এপ্ৰিলঃ স্বাধীন অসমৰ বাবে গণভোটৰ স্বাৰ্থত আলফাক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে খালিস্তানী বিদ্ৰোহী সংগঠন শিখ ফৰ জাষ্টিচ চমুকৈ এছ এফ জেয়ে৷ অসমৰ স্বাধীনতাৰ বাবে আলফা স্বাধীনক আইনী সহায় আগবঢ়োৱাৰ লগতে অসমৰ স্বাধীনতাৰ গণভোটৰ সমৰ্থনত ৰাষ্ট্ৰসংঘ লগতে বিশ্বজুৰি প্ৰচাৰতো সহায় কৰিব বুলি সদৰি কৰিছে শিখ ফৰ জাষ্টিচৰ নেতা গুৰপতৱন্ত সিং পান্নুৱে৷

আলফা স্বাধীনক গণভোটৰ ক্ষেত্ৰত খালিস্তানী বিচ্ছিন্নতাবাদী সংগঠনটোৱে আইনী সহায্যৰ প্ৰতিশ্ৰুতি দিয়া বিষয়টোৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে খালিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই ৮খালিস্তানীক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰে৷ কিন্তু খালিস্তানী উগ্ৰপন্থীকেইজনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত চৰকাৰীভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ  ভাবুকি দিছিল শিখ ফৰ জাষ্টিচ নামৰ নিষিদ্ধ ঘোষিত সংগঠনটোৱে৷ বিদেশী ৰাষ্ট্ৰৰ অজ্ঞাত স্থানৰ পৰা ‘আমাৰ অসম’ৰ সাংবাদিকলৈ ইণ্টাৰনেট কলিঙৰ জৰিয়ত এছ এফ জেৰ  মুৰব্বী অধিবক্তা গুৰপতৱন্ত সিং পান্নুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ মুকলি ভাবুকি দিয়ে৷ খালিস্তানী উগ্ৰপন্থী নেতাজনে অসমৰ মুখ্যমন্ত্ৰীক প্ৰাণনাশৰ ভাবুকি দিয়াৰ পাছতেই উভতি ধৰা দেখা যায় অসমৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনক৷ 

খালিস্তানী উগ্ৰপন্থীৰ ভাবুকিৰ পাছত অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা দিশটোক চোকা নজৰত ৰাখিছে যদিও সোমবাৰে এটা বিবৃতিযোগে আলফাৰ মুৰব্বী পৰেশ বৰুৱাই শিখ ফৰ জাষ্টিচে মুখ্যমন্ত্ৰীক ভাবুকি দিয়া কাৰ্যক দুৰ্ভাগ্যজনক অভিহিত কৰে৷ অসমীয়া লোকসকলে শিখৰ ওপৰত কেতিয়াও অত্যাচাৰ চলোৱা নাই বুলি উল্লেখ্য কৰি খালিস্তানী উগ্ৰপন্থী সাংগঠনটোক হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদানৰ পৰা বিৰত থাকিবলৈ মুকলি চিঠি যোগে আহ্বান জনাই পৰেশ বৰুৱাই৷ পৰেশ বৰুৱাৰ এই চিঠিৰ পাছতেই প্ৰত্যুত্তৰ দিছে শিখ ফৰ জাষ্টিচে৷ ‘আমাৰ অসম’ৰ সাংবাদিকলৈ বিবৃতি আৰু ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি শিখ ফৰ জাষ্টিচৰ নেতা গুৰুপতৱন্ত শিখ পান্নুৱে কয় যে খালিস্তানৰ গণভোটৰ বাবে এছএফজেয়ে বিশ্বব্যাপী আৰম্ভ কৰা প্ৰচেষ্টাক অনুসৰণ কৰি অসমক স্বাধীন কৰাৰ বাবে আলফাই গণভোটৰ প্ৰচাৰ আৰম্ভ কৰিব লাগে৷  অসমীয়া মানুহক আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনেও অধিকাৰ দিয়াৰ  কথা উল্লেখ্য কৰি খালিস্তানী নেতাজনে স্বাধীন অসমৰ গণভোটৰ সমৰ্থনত আইনী সাহায্য আগবঢ়াবলৈ সাজু বুলিও মত ব্যক্ত কৰে৷ 

তদুপৰি আলফা স্বাধীনৰ সমৰ্থনত বিশ্বজুৰি প্ৰচাৰ চলোৱাত সহায় কৰাৰ লগতে ৰাষ্ট্ৰসংঘৰ মজিয়াতো স্বাধীন অসমৰ সংগ্ৰামক উপস্থাপনত আইনী  সেৱা আগবঢ়াব বুলি গুৰপতৱন্ত সিং পান্নুৱে সদৰী কৰিছে৷ স্বাভাৱিকতেই এতিয়া খালিস্তানী নেতা গুৰুপতৱন্ত সিং পান্নুৰ এই মন্তব্যৰ পাছত পৰেশ বৰুৱাই কি প্ৰত্যুত্তৰ দিব সেয়া হ’ব লক্ষণীয়৷ অৱশ্যে খালিস্তানী উগ্ৰপন্থীয়ে মুকলি ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত পৰেশ বৰুৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত অসমৰ শিখ সম্প্ৰদায়েও থিয় দিয়া দেখা গৈছে৷

মুখ্যমন্ত্ৰী হিমন্তবিশ্বৰ সমৰ্থনত অসমীয়া শিখ সমাজ

খালিস্তানী সন্ত্ৰাসবাদীয়ে অসমৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া কাৰ্যত ক্ষোভিত হৈ পৰিছে অসমীয়া শিখ সমাজ৷ মুখ্যমন্ত্ৰীক হত্যা কৰাৰ আগতে খালিস্তানীয়ে অসমীয়া শিখসকলক হত্যা কৰিব লগিব৷ এই মন্তব্য ৰহাৰ চাপৰমুখৰ অসমীয়া শিখ সমাজৰ৷ মঙলবাৰে ৰহাৰ চাপৰমুখৰ ঐতিহাসিক মাতাজী গুৰুদ্বাৰত আয়োজিত এক সংবাদ মেলত চাপৰমুখ শিখ সমাজে খালিস্তানীৰ এই ভাবুকিক তীব্ৰভাষাৰে গৰিহণা দিয়ে৷ খালীস্তানী সন্ত্ৰাসবাদীয়ে বাহিৰৰ পৰা ভাবুকি দি মুখ্যমন্ত্ৰীক একো কৰিব নোৱাৰে বুলি মন্তব্য কৰি অসমীয়া শিখ সমাজ মুখ্যমন্ত্ৰীৰ ৰক্ষা-কৱচ হৈ থাকিব বুলি সংবাদ মেলত স্পষ্ট মন্তব্য কৰে চাপৰমুখ শিখ সমাজে৷ ইপিনে ঐতিহাসিক গুৰুদ্বাৰটোত মঙলবাৰৰ পৰা পোন্ধৰদিনীয়াকৈ অনুষ্ঠিত হৈছে নৱম শিখ গুৰু টেগ বাহাদুৰৰ ৪০২ সংখ্যক জন্মজয়ন্তী তথা প্ৰকাশ উৎসৱ৷ সংবাদ মেলত এই প্ৰকাশ উৎসৱৰ কাৰ্যসূচীৰ বিৱৰণো দাঙি ধৰে আয়োজকসকলে৷ সেইমতে প্ৰত্যেকদিনাই গুৰু গ্ৰন্থ চাহিবৰ অখণ্ড অনুষ্ঠিত হোৱাৰ পাছত ১৭ এপ্ৰিলত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সহযোগত উলিওৱা হ’ব এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা৷ ১৮এপ্ৰিলত সামৰণি পৰিব এই প্ৰকাশ উৎসৱৰ৷