Logo
image

কামাখ্যাত নৰবলি, ৪ বছৰৰ পাছত গ্ৰেপ্তাৰ তান্ত্ৰিকৰ দল

আমাৰ অসম, ৫ এপ্ৰিলঃ নৰবলিৰ তেজেৰে ৰক্তাক্ত হ’ল শক্তিপীঠ মা কামাখ্যা দেৱালয়৷ পবিত্ৰ অম্বুবাচী মেলাত এগৰাকী ৬৫ বছৰীয়া মহিলাক একমাত্ৰ অন্ধবিশ্বাসৰ পৰিণতিত দিয়া হৈছিল বলি৷ অন্ধবিশ্বাসৰ বাবেই পবিত্ৰ কামাখ্যা ধামকো অপবিত্ৰ কৰিছিল একাংশ ভণ্ড তান্ত্ৰিকে৷ অম্বুবাচীত পশ্চিমবংগৰ পৰা কামাখ্যা দৰ্শনৰ বাবে নীলাচল পাহাৰত উপস্থিত হোৱা ৬৫ বছৰীয়া মহিলা গৰাকীক শিৰশ্ছেদ কৰি মূৰটো ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হৈছিল৷ উত্তৰ প্ৰদেশৰ মথুৰাৰ এজন চৰকাৰী বিষয়াই অন্ধবিশ্বাসত ভোল গৈ ভণ্ড বাবা তথা তান্ত্ৰিকৰে মিলি মহিলাগৰাকীক নৰবলি দিছিল৷ 

প্ৰায় ৪ বছৰ পূৰ্বে কামাখ্যাত সংঘটিত উক্ত নৰবলি কাণ্ডৰ ৰহস্য শেহতীয়াকৈ উৎঘাটন কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে৷ ২০১৯ চনৰ ১৮ আৰু ১৯ জুনৰ মাজনিশা সংঘটিত এই ভয়ংকৰ কাণ্ডত জড়িত থকাৰ অভিযোগত ভণ্ড তান্ত্ৰিকসহ মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে৷ এমাহজোৰা তদন্তৰ অন্তত উত্তৰ প্ৰদেশৰ মথুৰা, মধ্য প্ৰদেশৰ জবলপুৰ আৰু গুৱাহাটীৰ ভূতনাথৰ পৰা অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে৷ অৱশ্যে সুদীৰ্ঘ ৪ বছৰৰ অন্তত মূল হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’লেও স্মাৰ্ট অসম আৰক্ষীয়ে মহিলাগৰাকীৰ হত্যাৰ সন্দেহত জালুকবাৰী আৰক্ষীয়ে সেই সময়ত নিৰ্দোষী দুজন লোকক গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰা মানৱ অধিকাৰ উলংঘনৰ চাঞ্চল্যকৰ তথ্যও পোহৰলৈ আহিছে৷ 

অৱশ্যে নৰবলি কাণ্ডত জড়িত থকা আন ৭ জন লোকক বৰ্তমানেও চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই তদন্তকাৰী আৰক্ষীয়ে৷ ২০১৯ চনত সংঘটিত নৰবলি কাণ্ডৰ ৰহস্য উন্মোচন কৰি মঙলবাৰে এখন সংবাদমেলত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়–‘২০১৯ চনৰ অম্বুবাচীৰ সময়ত ১৯ জুনত শক্তিপীঠ কামাখ্যা দেৱালয়ৰ জয়দুৰ্গা মন্দিৰৰ খটখটিত কম্বলেৰে মেৰিয়াই থোৱা মুণ্ডহীন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ মহিলাগৰাকীৰ মূৰটো উদ্ধাৰ নোহোৱাত প্ৰথমে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাছিল৷ যাৰ বাবে জালুকবাৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ৯১৯/২০১৯ নম্বৰত এটা হত্যা গোচৰ ৰুজু কৰিছিল৷ কিন্তু সেই সময়ত পৰিচয় চিনাক্ত নোহোৱাত আৰক্ষীয়ে বিশেষ তদন্ত আগবঢ়াব পৰা নাছিল যদিও এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাত প্ৰায় এমাহৰ পাছত ২৮ জুলাইত পশ্চিমবংগৰ হুগলী জিলাৰ ডাংকুনি থানাৰ তাতিপথাৰৰ সুৰেশ শ্ব’ নামৰ লোকজনে জালুকবাৰী থানাত উপস্থিত হৈ অম্বুবাচীলৈ অহা ৬৪ বছৰীয়া তেওঁৰ মাতৃ শান্তি শ্ব’ সন্ধানহীন হৈ থকা বুলি অভিযোগ কৰে৷ ইয়াৰ পাছতেই মৰ্গত থকা মুণ্ডহীন মৃতদেহটো পৰীক্ষা কৰাত শৰীৰত থকা টাটুৰ পৰা মৃতদেহটো তেওঁৰ মাতৃৰ বুলি চিনাক্ত কৰে৷ সুৰেশ শ্ব’ৱে মাতৃৰ মোবাইল নম্বৰকে ধৰি অন্যান্য তথ্য পাতি আৰক্ষীক দিয়ে যদিও তদন্তকাৰী আৰক্ষীয়ে তদন্ত কোনো আগবঢ়াব পৰা নাছিল৷ 

শেহতীয়াকৈ এই হত্যাকাণ্ডৰ গোচৰটো অনুসন্ধানৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত বিশেষ টীম গঠন কৰা হয়৷ সীমিত সমলৰ ভিত্তিতে বিশেষ টীমটোৱে এমাহজোৰা তদন্তৰ অন্তত বিগত ১৮ মাৰ্চত পশ্চিমবংগৰ কোচ বিহাৰৰ শিতলাকুছি গাঁৱৰ কৈলাশ বৰ্মন নামৰ লোকজনৰ ঘৰত তালাচী চলোৱাত এখন বিশেষ মোনা উদ্ধাৰ কৰে৷ যিটো মোনাত হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ কাপোৰ কানি আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰে৷ তদুপৰি ভুক্তভোগী মহিলাগৰাকীয়ে হুগলীৰ পৰা গুৱাহাটীলৈ অহা ৰে’লৰ টিকটটোও উদ্ধাৰ কৰা হয়৷ তেতিয়া কৈলাশ বৰ্মনক মহিলাগৰাকীৰ সামগ্ৰীসমূহ তেওঁলোকৰ ঘৰলৈ কেনেকৈ আহিল বুলি আৰক্ষীয়ে প্ৰশ্ন কৰাত তেওঁ জানিবলৈ দিয়ে যে তেওঁলোকৰ গাঁৱলৈ প্ৰতিবছৰে এজন বাবা আহে আৰু তেওঁলোকৰ ঘৰতো বাবাজনে থাকে৷ ২০১৯ চনৰ জুন-জুলাই মাহত বাবাজন তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু বেগটোত তেওঁৰে কাপোৰ কানি থকা বুলি কৈ পৰৱৰ্তী সময়ত আহিলে কাপোৰখিনি লৈ যাব বুলি জানিবলৈ দিছিল৷ 

কৈলাশ বৰ্মনে সেই বাবাজন মধ্য প্ৰদেশৰ জবলপুৰৰ মাতা প্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰি বুলি জানিবলৈ দিয়ে৷ আৰক্ষীয়ে কৈলাশ বৰ্মনৰ ভাষ্য আদালতত লিপিবদ্ধ কৰোৱাৰ পাছত ২৫ মাৰ্চত জবলপুৰৰ এটা মন্দিৰৰ পৰা মাতেশ্বৰ গিৰিক গ্ৰেপ্তাৰ কৰা হয়৷ উক্ত মাতেশ্বৰ গিৰিৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে জালুকবাৰীৰ সুৰেশ পাছোৱান, ফটাশীল আমবাৰীৰ কানু আচাৰ্য্য ওৰফে কানু তান্ত্ৰিক, উত্তৰ প্ৰদেশৰ ৰাজু বাবা ওৰফে ভায়াৰাম মাণ্ডৰিয়া আৰু উত্তৰ প্ৰদেশৰ মথুৰাৰ প্ৰদীপ পাঠক ওৰফে দিনেশ ওৰফে ৰাজুক গ্ৰেপ্তাৰ কৰে৷ জবলপুৰৰ মাতেশ্বৰ গিৰি বাবাক জেৰা কৰাৰ পাছত স্পষ্ট হয় যে এই সমগ্ৰ ঘটনাটোৰ মূল ব্যক্তিজন আছিল উত্তৰ প্ৰদেশ মথুৰাৰ প্ৰদীপ পাঠক ওৰফে দিনেশ ওৰফে ৰাজু৷ ৫২ বছৰীয়া লোকজন চৰকাৰী বিষয়া৷ তেওঁ উত্তৰ প্ৰদেশৰ সমবায় সমিতিৰ কাৰ্যবাহী বিষয়া৷ প্ৰদীপ পাঠকক ১ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হয়৷ বাকী কানু আচাৰ্য্য ওৰফে কানু তান্ত্ৰিক, সুৰেশ পাছোৱান আৰু ৰাজু বাবাক গুৱাহাটীৰ ভূতনাথৰ পৰা গ্ৰেপ্তাৰ কৰা হয়৷ 

এই ঘটনাৰ তদন্তত স্পষ্ট হ’ল যে মহিলাগৰাকীৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱা ঘটনাটো হৈছে নৰবলি কাণ্ড৷ কামাখ্যা দেৱীক সন্তুষ্ট কৰিবলৈকে এইসকল লোকে ভুক্তভোগী মহিলাগৰাকীক নৰবলি দিছিল৷ মথুৰাৰ প্ৰদীপ পাঠক ওৰফে দিনেশ নামৰ লোকজনে তান্ত্ৰিক কাৰ্যত বিশ্বাস কৰে আৰু তেওঁ এজন অন্ধবিশ্বাসী লোক৷ প্ৰদীপ পাঠকৰ ভাতৃ নগা সাধু আছিল আৰু এই ঘটনাৰ ১১ বছৰ পূৰ্বে ১৮ জুনৰ দিনটোতে মৃত্যু হৈছিল৷ প্ৰদীপ পাঠকৰ লগতে উত্তৰ ভাৰতৰ এজন সাধু অম্বুবাচীলৈ আহিছিল৷ এই বিশেষ সাধুজনৰ সৈতে প্ৰদীপ পাঠকৰ চিনাকী হয় পশ্চিম বংগৰ আন এজন সাধুৰ জৰিয়তে৷ পশ্চিমবংগৰ উক্ত সাধুজনৰ লগত হুগলীৰ ভুক্তভোগী মহিলাগৰাকী আৰু আন দুই মহিলাও অম্বুবাচীলৈ আহিছিল৷ তেওঁলোক আটায়ে ভূতনাথত চিনাকী হয় আৰু ভুক্তভোগী মহিলাগৰাকীৰ অজ্ঞাতে ভূতনাথতে নৰবলি দিয়াৰ পৰিকল্পনা কৰে৷ সেই মতে ১৮ জনুৰ দিনৰ ভাগতে নৰবলি দিয়াৰ বাবে ফাঁচীবজাৰৰ পৰা এখন দা ক্ৰয় কৰে৷ সন্ধিয়া তেওঁলোকে ভূতনাথত পূজা কৰিবলৈ গৈ গম পাই যে ভূতনাথৰ কানু আচাৰ্য ওৰফে কানু তান্ত্ৰিকে এনে পূজা-পাতল কৰে৷ পূজাত মুঠ ১২জন মানুহ আছিল যদিও সকলোৰে পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ 

তেওঁলোকৰ মতে সেই পূজাৰ নাম আছিল কপালি পূজা৷ কপালি পূজা কৰিছিল প্ৰদীপ আচাৰ্যৰ মৃত ভাতৃৰ আত্মাৰ সদগতি আৰু বিশ্বশান্তিৰ বাবে৷ অৱশ্যে ভুক্তভোগী মগিলাগৰাকীক তেওঁক যে নৰবলি দিয়া হ’ব তাক জানিবলৈ দিয়া নাছিল৷ পূজাৰ পূৰ্বে মহিলাগৰাকীক পিন্ধি অহা পোছাক সলাই গেৰুৱা বস্ত্ৰ পিন্ধিবলৈ দিয়া হৈছিল৷ সেই পূজাত অত্যাধিক মদ সেৱন কৰা হৈছিল৷ মহিলাগৰাকীক ইমানেই মদ খাবলৈ দিয়া হৈছিল যে তেওঁ বেহুচ হৈ আছিল৷ মধ্য ৰাতি ভূতনাথত পূজা শেষ হোৱাৰ পাছত মন্দিৰ দৰ্শন কৰিবলৈ দুখন ভানত তেওঁলোক কামাখ্যালৈ যায়৷ কামাখ্যালৈ গৈ বগলা মন্দিৰৰ কাষৰ শ্মশাসনত তেওঁলোকে পূজা কৰে৷ পূজাৰ পাছত শ্মশানৰ ছাইৰ ফোঁট লৈ তললৈ জয় দুৰ্গা মন্দিৰলৈ নামি আহে৷ জয় দুৰ্গা মন্দিৰত পুনৰ তেওঁলোকে পূজা কৰে আৰু তাতো মদ্যপান কৰে৷ জয় দুৰ্গা মন্দিৰত পূজা চলি থকাৰ মাজতে নিশা প্ৰায় ১ বজাত ৰাজু বাবা নামৰ লোকজনে লগত লৈ ফুৰা এখন কম্বল মন্দিৰৰ খটখটিত পাৰি দিয়ে৷ ইয়াৰ পাছতেই অত্যাধিক মদ্যপান কৰাৰ ফলত সুস্থ অৱস্থাত নথকা মহিলাগৰাকীক কম্বলৰ ওপৰত তললৈ মূৰ কৰাই শুৱাই দিয়ে৷ এজনে ভৰি দুখনত, দুজনে হাতত ধৰে আৰু আন এজনে মহিলাগৰাকীক শিৰশ্ছেদ কৰে৷ 

ইয়াৰ পাছতে মহিলাগৰাকীৰ শৰীৰটো কম্বলখনে ঢাকি তাতে এৰি থৈ ছিন্ন মূৰটো তিনিটা পলিথিনৰ বেগত ভৰাই ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ে৷ প্ৰদীপ পাঠক আৰু তেওঁৰ লগত থকা বাবাজনে কামাখ্যা দেৱীক সন্তুষ্ট কৰাৰ বাবেই এই নৰবলি দিছিল৷ পূজা কৰাৰ সময়ত উপস্থিত থকা ১২জন ব্যক্তিক মথুৰাৰ প্ৰদীপ পাঠকে ১০ হাজাৰকৈ টকা দিয়া বুলি স্বীকাৰ কৰিছে৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত আৰক্ষীয়ে তদন্ত কৰোতে যি গুৰুত্ব দিব লাগিছিল তেনে গুৰুত্ব নিদিয়া যেন ভাব হয়৷ সেয়েহে হয়টো নৰবলি ঘটনাটো পোহৰলৈ অহা নাছিল৷ অৱশ্যে ধৃত ব্যক্তিকেইজনক নৰবলি ঘটনা পূৰ্বেতেও সংঘটিত কৰিছিল নেকি সেই সন্দৰ্ভতো সোধা-পোছা কৰা হৈছে যদিও পূৰ্বতে তেনে ঘটনা সংঘটিত কৰাৰ কথা অস্বীকাৰ কৰিছে৷ আধ্যাত্মিকতাই এনে ঘটনাৰ উদঙনি নোযোগাই যদিও অন্ধবিশ্বাসৰ বাবেই তেওঁলোকে এই কাৰ্য সংঘটিত কৰাৰ সন্দেহ হয়৷ মথুৰাৰ প্ৰদীপ পাঠক নামৰ যিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ মোবাইলৰ ফোন নম্বৰৰ ৫০ শতাংশই হৈছে তান্ত্ৰিক নাইবা সাধু-বাবাৰ৷ আনকি ২০২২ চনত তেওঁ ধন প্ৰাপ্তিৰ বাবে মাতাপ্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰিক সাক্ষাৎ কৰাৰ বাবে বিচাৰি বিচাৰি মথুৱাৰ পৰা বিহাৰত আহি উপস্থিত হৈছিল৷ অথচ মাতা প্ৰসাদৰ সৈতে প্ৰদীপ পাঠকে ২০১৯ চনৰ অম্বুবাচী মেলাতহে চিনাকী হৈছিল৷ এই ঘটনাৰ সংক্ৰান্তত ২০১৯ চনত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁলোকৰ কোনো যোগসূত্ৰ বৰ্তমানলৈ পোৱা নাই৷’