Logo
image

‘মোগল’ৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক

আমাৰ অসম, ৫ এপ্ৰিলঃ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ওপৰত চলোৱাৰ দৰে নৰেন্দ্ৰ মোদী চৰকাৰে ইতিহাসৰ পৃষ্ঠাত ছাৰ্জিকেল ষ্ট্ৰাইক চলাই নিমিষতে মোগলক নিছিন্ন কৰি দিছে৷ ১৫২৬ খ্ৰীষ্টাব্দৰ পৰা ১৭৬১ খ্ৰীষ্টাব্দলৈ ২০০ বছৰৰো অধিক কাল ভাৰত শাসন কৰা মোগলৰ এই দেশত এক বিস্তৃত ইতিহাস আছে৷ মোদী চৰকাৰৰ অধীনস্থ এনচিইআৰটিয়ে দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ পাঠ্যপুথিৰ পৰা মোগলৰ ৰাজত্বৰ সময়ছোৱাৰ সম্পূৰ্ণ অংশ বিলুপ্ত কৰি মোগলৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱা বুলিয়ে সমালোচনাৰ জোৱাৰ উঠিছে৷ উল্লেখ্য যে দ্বাদশ শ্ৰেণীৰ বুৰঞ্জী পাঠ্যপুথিৰ পৰা ‘কিংছ এণ্ড ক্ৰ’নিকেলছ, দ্য মোগল ক’ৰ্ট’ অধ্যায়টো প্ৰত্যাহাৰ কৰিছে এন চি ই আৰ টিয়ে৷ তাৰোপৰি এন চি ই আৰ টিয়ে হিন্দী পাঠ্যক্ৰমৰ পৰাও কিছু কবিতা আৰু দফা আঁতৰাই পেলাইছে৷ নতুন শিক্ষাবৰ্ষৰ পাঠ্যপুথিত এই সংশোধনী অনা হৈছে৷ দ্বাদশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰো দুটা অধ্যায় ক্ৰমে ‘বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্য’ আৰু ‘শীতল যুদ্ধৰ যুগ’ক কৰ্তন কৰিছে৷ দ্বাদশ শ্ৰেণীৰ পাঠপুথিৰ পৰা ‘স্বাধীনতাৰ পাছত ভাৰতীয় ৰাজনীতি’ৰ দুটা অধ্যায় আঁতৰাই পেলাইছে৷ ইয়াৰ লগতে দশম আৰু একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাও ‘গণতন্ত্ৰ আৰু বৈচিত্ৰ্য’  আৰু ‘জনপ্ৰিয় সংগ্ৰাম আৰু আন্দোলন’ শীৰ্ষক অধ্যায় দুটাকো প্ৰত্যাহাৰ কৰিছে৷ 

দশম শ্ৰেণীৰ পাঠ্যপুথি গণতান্ত্ৰিক ৰাজনীতি -২ ৰ পৰা ‘গণতন্ত্ৰৰ প্ৰত্যাহ্বান’ শীৰ্ষক অধ্যায়টোক আঁতৰাই দিয়া হৈছে৷ একাদশ শ্ৰেণীৰ পাঠ্যপুথি ‘বিশ্ব ইতিহাসৰ বিষয়বস্তু’ৰ পৰা ‘কেন্দ্ৰীয় ইছলামিক ভূমি, সংঘৰ্ষ-সংস্কৃতি আৰু ঔদ্যোগিক বিপ্লব’ৰ  অধ্যায়কেইটাক আঁতৰাই দিছে এন চি ই আৰ টিয়ে৷ লক্ষণীয়ভাৱে মোদী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে দেশৰ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এনে প্ৰতিক্ৰিয়াৰ মাজতে শাসকীয় বিজেপি দলৰ মন্ত্ৰী-বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সিদ্ধান্তক মুকলি সমৰ্থন জনাইছে৷ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এখোজ আগুৱাই লালকিল্লা, তাজমহল কুতুবমিনাৰ আদি মোগলৰ সকলো স্থাপত্য ভাঙি তাৰ ঠাইত বৃহৎ বৃহৎ মন্দিৰ নিৰ্মাণৰ সপক্ষে যুক্তি আগবঢ়াইছে৷ মোগলে হিন্দু ৰজাসকলৰ প্ৰতি কৰা অন্যায়ৰ শাস্তি এন চি আৰ টিয়ে দিয়া বুলিও দাবী কৰে বিধায়ক কুৰ্মীয়ে৷ তেওঁ কয়–তাজমহল কুতুবমিনাৰ, লালকিল্লা ভাঙি তাত বিশ্বৰ সবাতোকৈ ধুনীয়া মন্দিৰ নিৰ্মাণ হওক৷ এই মন্দিৰ নিৰ্মাণৰ কাৰণে বিধায়ক হিচাপে মই পোৱা দৰমহাৰ এবছৰৰ অংশ দান দিম৷ মোগলৰ প্ৰসংগ বহু আগতে পাঠ্যক্ৰমৰ পৰা আতৰিব লাগিছিল৷ চৰ্দাৰ পেটলৰ আটাইতকৈ ওখ মূৰ্তি যদি নিৰ্মাণ কৰিব পাৰো তেন্তে তাজমহল ভাঙি সেই ঠাইতো বিশ্বৰ আটাইতকৈ ধুনীয়া মন্দিৰ নিৰ্মাণ কৰিব পাৰিম৷ মোগলসকলে আমাৰ প্ৰতি কৰা অন্যায়ৰ শাস্তি আজি পালে৷ আমাৰ প্ৰতি কৰা অন্যায়ৰ বিচাৰ হ’ল এন চি ই আৰ টি পাঠ্যক্ৰমৰ পৰা মোগলক নিছিন্ন কৰি৷ আজি হোৱা কামটো ভাৰত স্বাধীন হোৱাৰ সময়তে কৰিব লাগিছিল৷ ১২ শ শতিকাত জগন্নাথ মন্দিৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল৷ ১৫ শ শতিকাত ভাৰতত মোগলৰ প্ৰৱেশ হৈছিল৷ মোগলসকল ভাৰতত আক্ৰমণকাৰীৰ ৰূপত সোমাইছিল৷ মোগলে আমাক দমন কৰিবলৈ আহিছিল৷ ভৱিষ্যত প্ৰজন্মই মোগলৰ কথা কেতিয়াও পঢ়িব নালাগে৷ কনকলতা, লাচিত, শিবাজীৰ কথাহে পঢ়িব লাগে৷ হাত চাপৰিৰে এন চি আৰ টিক ধন্যবাদ জনাইছো৷ মোগলে ষড়যন্ত্ৰ কৰি আমাক কেৱল ধবংসহে কৰিলে৷ মোগলক আগস্থান কেতিয়াও দিব নোৱাৰি৷ জগন্নাথ মন্দিৰ কেনেকৈ নিৰ্মাণ হৈছিল৷ সেই কথা নতুন প্ৰজন্মই জানিব লাগে৷ হিন্দু ৰজা, হিন্দু মিস্ত্ৰিয়ে এই মন্দিৰ বনাইছিল মোগল অহাৰ ৩০০ বছৰ আগত৷ মোগল নাহিলে হিন্দু ৰজা সকলে তাজমহল, কুটুবমিনাৰ, লালকিল্লাৰ ঠাইত ডাঙৰ ডাঙৰ মন্দিৰ বনালেহেতেন এতিয়া সেয়ে এই বিলাক ভাঙি পেলাব লাগে আৰু তাৰ ঠাইত ডাঙৰ ডাঙৰ মন্দিৰ নিৰ্মাণ হ’ব লাগে৷ তাজমলতকৈ ১০০ গুণ ধুনীয়া মন্দিৰ নিৰ্মাণৰ ক্ষমতা আমাৰ আছিল৷


বুৰঞ্জী সাধুকথা নহয়! অসমতো প্ৰতিক্ৰিয়া

এন চি ই আৰ টিৰ পাঠ্যক্ৰমৰ পৰা মোগলৰ ইতিহাস সম্পৰ্কীয় অধ্যায় কৰ্তন কৰাক লৈ অসমতো হৈছে তীব্ৰ প্ৰতিবাদ৷ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, সমাজ বিজ্ঞানীয়ে চৰকাৰৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ বিশিষ্ট নিবন্ধকাৰ, প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনে এই সন্দৰ্ভত কয়– মোগলক বুৰঞ্জীৰ পৰা আঁতৰাই নতুনকৈ বুৰঞ্জী লিখাৰ চেষ্টা কৰা হৈছে৷ বুৰঞ্জী সাধুকথা নহয়৷ আবেগ সৰ্বস্ব বুৰঞ্জীয়ে আমাৰ ছাত্ৰ-ছাত্ৰীৰ কি উপকাৰ কৰিব সেয়া সন্দেহৰ আৱৰ্তত৷ দেশৰ ইতিহাসত আছে মোগলৰ এটা দীঘলীয়া সময়৷ এই দীঘলীয়া সময়খিনিক উপেক্ষা কৰিলে দেশৰ ইতিহাস আধৰুৱা হৈ ৰ’ব৷  পক্ষপাত যুক্ত ইতিহাসৰ অধ্যয়নে ক্ষতি কৰিব ছাত্ৰ-ছাত্ৰীক৷ তদুপৰি বছৰি দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে বহিঃৰাষ্ট্ৰৰ বিখ্যাত বিশ্ববিদ্যালয়লৈ ইতিহাস অধ্যয়ন কৰিবলৈ যায়৷ এনে পক্ষপাতযুক্ত ইতিহাস অধ্যয়ন কৰি দেশৰ বাহিৰৰ আন খ্যাতনমা বিশ্ববিদ্যালয়লৈ ইতিহাস পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰী সাংঘাটিক ধৰণে ক্ষতিগ্ৰস্ত হ’ব৷ মোগলৰ অধ্যায় কৰ্তন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পদ্মশ্ৰী ইলিয়াছ আলীয়ে কয়– ইতিহাস ইতিহাসেই৷ ইতিহাসক লৈ খেলা কৰা অনুচিত৷ যদিও ইতিহাসৰ কিবা অধ্যায় আঁতৰালে বৃহত্তৰ সমাজৰ স্বাৰ্থ পূৰণ হয়, তেতিয়াহে তেনে অধ্যায় মচি পেলাওক৷ মোগলৰ অধ্যায় আঁতৰ কৰাৰ সন্দৰ্ভত বিশিষ্ট শিক্ষাবিদ ড॰ অপূৰ্ব কুমাৰ বৰুৱাই কয়– মোগল সাম্ৰাজ্যৰ অধ্যায় পাঠ্যপুথিৰ পৰা নোহোৱা কৰি বিজেপিয়ে আমাক পাকিস্তানৰ দৰে কৰিলে৷ মোগল শাসন ইতিহাসৰ পৰা আঁতৰাই দিয়াৰ পাছত আমি এতিয়া পাকিস্তানৰ সমকক্ষ হ’বলৈ সক্ষম হ’লো৷ মোগলৰ অধ্যায় আঁতৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ  কৰি বিশিষ্ট অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয়– কোনোৱে ইতিহাসৰ পাত নাইকীয়া কৰিলেও ইতিহাস আঁতৰ হৈ নাযায়৷ ইতিহাস সদায় থাকি যাব৷ বিজেপিয়ে দেশত মেৰু বিভাজনৰ বাবে এনে কৰিছে৷ ইয়াৰ জৰিয়তে তেওঁলোকৰ সংকীৰ্ণ মনোভাৱ প্ৰকাশ পাইছে৷ আমি আমাৰ শত্ৰুৰ ইতিহাস অধ্যয়ন নকৰিলে শত্ৰুক পৰাভূত কৰিম কেনেকৈ?