Logo
image

দেশত ক্ৰমাৎ ক’ভিড বাঢ়িছে

আমাৰ অসম, ৫ এপ্ৰিলঃ দেশত পুনৰ মূৰ দাঙি উঠিছে মহামাৰী ক’ভিডে৷ ২০২০ আৰু ২০২১ চনত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো অতিমাৰীৰ সৃষ্টি কৰা ক’ভিড বিগত বছৰটোত শূন্যপ্ৰায় হৈ পৰিলেও এতিয়া পুনৰ ক’ভিড আক্ৰান্তৰ সংখ্যা দিনে দিনে ভাৰতত বৃদ্ধি পাবলৈ লৈছে৷ অৱশ্যে এতিয়াও ক’ভিডে অতিমাৰী অথবা মহামাৰীৰ দৰে পৰিৱেশ সৃষ্টি কৰা আশংকা বহু দূৰৈত৷ তথাপি মঙলবাৰে এদিনৰ ভিতৰতে সমগ্ৰ দেশত মুঠতে ৩০৩৮  জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷

আনহাতে, ক’ভিডত আক্ৰান্ত হৈ বিগত ২৪ ঘণ্টাত মৃত্যু মুখত পৰিছে ৯ জন লোক৷ দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত সম্প্ৰতি দেশত মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে হৈ ২১,১৭৯ জন৷ মঙলবাৰে মৃত্যু হোৱা ৯ জন ক’ভিড আক্ৰান্তৰ সৈতে ভাৰতত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫,৩০,৯০১ জনলৈ বৃদ্ধি পাইছে৷  মঙলবাৰে দিল্লী আৰু পঞ্জাৱত দুজনকৈ, জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ডত এজনকৈ ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷ উল্লেখ্য, সোমবাৰে দেশত মুঠতে ১১ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছিল৷ ক’ভিডৰ সংক্ৰমণ হঠাতে বাঢ়ি অহাৰ বাবে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জৰুৰী বৈঠকত ভাগ লৈ ক’ভিড ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল৷