Logo
image

কাজিৰঙাত ৰাষ্ট্ৰপতিৰ আগমন; প্ৰশাসনে বন্ধ কৰিলে দোকান- বজাৰ

আমাৰ অসম'ৰ কাজিৰঙাৰ প্ৰতিবেদক, ৫ এপ্ৰিল : কাজিৰঙা গজ উৎসৱত অংশগ্ৰহণ কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ কাইলৈ কাজিৰঙাত উপস্থিত হব । দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে কেন্দ্ৰীয় বন মন্ত্ৰালয়ৰ অধীনত হস্তী প্ৰকল্পৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত কাজিৰঙাৰ তিনি ঠাইত গজ উৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি যুদ্ধ কালীন গতিত চলি আছে । জানিব পৰা মতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ কাইলৈ দিনৰ প্ৰায় এক বজাত যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰিব । যোৰহাটৰ পৰা সেনা বাহিনীৰ বিশেষ হেলিকাপ্টাৰেৰে বোকাখাত ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰি গাড়ীৰে ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰি কাজিৰঙৰ কহঁৰাত উপস্থিত হব। বোকাখাতৰ পৰা কাজিৰঙালৈ গাড়ীৰে আহোঁতে ৰাষ্ট্ৰীয় পথৰ কাষত থকা  সেউজ চাহ বাগিছা আৰু দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ মনোৰম প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আহিব দেশৰ প্ৰথম নাগৰিক দ্ৰৌপদী মুৰ্মূৱে। ইফালে কাজিৰঙাৰ কহঁৰাত অৱস্থিত আৰক্ষীৰ অতিথি গৃহত কিছু পৰ জিৰণি লৈ দিনৰ চাৰি বজাত  বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহৰ সন্মূখত নিৰ্মাণ কৰা ৰভাত সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰিব ৰাষ্ট্ৰপতিয়ে । বিহু, ঝুমুৰকে আদি কৰি ৰাজ্যখনৰ বিভিন্ন জাতি - জনগোষ্ঠীৰ সংস্কৃতি ৰাষ্ট্ৰপতিৰ সন্মূখত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । অন্যহাতে ৰাষ্ট্ৰপতিয়ে কাইলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষ সকলো ব্যৱস্থা কৰি থৈছে যদিও এতিয়ালৈকে কাৰ্যসূচী ঠিৰাং হোৱা নাই । ইফালে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মূ কাইলৈ কাজিৰঙাৰ কহঁৰাত অৱস্থিত আৰক্ষী বিভাগৰ অতিথি গৃহ ৰাত্ৰি যাপন কৰি ৭ এপ্ৰিলৰ পুৱা ৬‐৩০ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কহঁৰাৰ মিহিমুখত এলিফেন্ট ছাফাৰী কৰিব । উল্লেখ্য বন বিভাগৰ পোহনীয়া অতি বিশ্বাসযোগ্য  "পৱণ" হাতীৰ পিঠিত উঠি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত এলিফেন্ট ছাফাৰী কৰিব বুলি সূত্ৰ এটাই জানিব দিয়ে । মাউত কাচেম আলীয়ে পৰিচালনা কৰা বন বিভাগৰ এই পোহনীয়া হাতীৰ পিঠিত উঠি পূৰ্বৰ ৰাষ্ট্ৰপতি ৰাম নাথ কভিন্দইও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিফেন্ট ছাফাৰী কৰিছিল । ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে এলিফেন্ট ছাফাৰী কৰিবলগা হাতীৰ পিঠিৰ আসন,গাদি আদি নতুনকৈ নিৰ্মাণ কৰি সাজু কৰি থোৱা হৈছে । এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙালৈ ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ্য় ৰাখি গোলাঘাট জিলাৰ উপায়ুক্তই কাজিৰঙাৰ কেন্দ্ৰস্থান কহঁৰাৰ সকলো দোকান- বজাৰ অহা ৭ এপ্ৰিলত বন্ধ কৰাৰ নিৰ্দেশ দিছে। এই নিৰ্দেশনা অমান্য কৰা লোকৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থা লোৱা হব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে । ইফালে আজি বুধবৰীয়া  কহঁৰা সপ্তাহিক বজাৰো প্ৰশাসনে বন্ধ কৰাত স্থানীয় ৰাইজৰ মাজত ভীষণ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাজিৰঙাত থকা বিভিন্ন পৰ্যটন নিবাস তথা স্থানীয় ৰাইজে কহঁৰা সপ্তাহিক বজাৰৰ ওপৰত নিৰ্ভৰ কৰি চলে যদিও আজি হঠাৎ কোনো আগজাননী নিদিয়াকৈ বজাৰ বন্ধ কৰাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে । অন্যহাতে কহঁৰা চাৰিআলিত থকা সকলো দোকানৰ সন্মূখত বাহেৰে বেৰিকেট দি পথ বন্ধ কৰাত দোকান- বজাৰ কৰাতো ৰাইজ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ - বিদেশৰ পৰ্যটক সমস্যাত পৰিছে। ইফালে কাজিৰঙালৈ ৰাষ্ট্ৰপতিৰ আগমনক লৈ প্ৰশাসনে কাজিৰঙা অঞ্চলৰ প্ৰায় সংখ্যক পৰ্যটন নিবাসৰ কোঠা সংৰক্ষণ কৰাত পৰ্যটক সমস্যাত পৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে দেশ - বিদেশৰ পৰ্যটকে আগতীয়াকৈ আগধন জমা দি পৰ্যটন নিবাসৰ কোঠা সংৰক্ষণ কৰাৰ পিছতো প্ৰশাসনে আগধন দিয়া কোঠাসমূহ বাতিল কৰি ৰাষ্ট্ৰপতিৰ দোহাই দি পৰ্যটন নিবাসৰ কোঠা লোৱাত বিপাঙত পৰিছে পৰ্যটন নিবাসৰ গৰাকী - কৰ্তৃপক্ষ । অন্যহাতে বৰ্তমান  কাজিৰঙাৰ চাৰিওফালে কেৱল আৰক্ষী আৰু আৰক্ষী । ৰাষ্ট্ৰপতিৰ নিৰাপত্তাত যাতে কোনো ব্যাঘাত জন্ম নহয় তাৰ প্ৰতি লক্ষ ৰাখি সহস্ৰাধিক আৰক্ষীৰ লোকক কাজিৰঙাত মোতায়েন কৰা দেখা গৈছে । বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ - বিদেশৰ পৰ্যটকে কাজিৰঙাৰ চাৰিওফালে কেৱল খাকি পোছাকধাৰী লোকৰ লগতে, চাইৰেণৰ কাণ তাল মৰা শব্দ,  বাধ্য - বাধকতা, নীতি -নিৰ্দেশনা দেখি আশ্চৰ্য প্ৰকাশ কৰিছে । কাজিৰঙাৰ পৰ্যটন স্থলিত মুক্ত মনে পৰ্যটকে বিচৰণ কৰাত একপ্ৰকাৰ শংকিত হৈ পৰা দেখা গৈছে । আশ্চৰ্য কথা যে বৃহত্তৰ কাজিৰঙাবাসী ৰাইজৰ লগতে দেশ- বিদেশৰ পৰ্যটক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী আদিৰ চিকিৎসাৰ একমাত্ৰ কেন্দ্ৰ কহঁৰা আদৰ্শ চিকিৎসালয় বৰ্তমান আৰক্ষী চাৱনিলৈ পৰিণত হৈ পৰিছে । ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ কাৰণে কাজিৰঙালৈ অনা আৰক্ষীয়ে ভৰি পৰিছে কহঁৰা আদৰ্শ চিকিৎসালয় । প্ৰশাসনে কহঁৰা আদৰ্শ চিকিৎসালয়ক  আৰক্ষীৰ চাৱনিলৈ পৰিণত কৰিছে । আৰক্ষী থকাৰ অসুবিধা হোৱাত চিকিৎসালয়খনত বহু সংখ্যক আৰক্ষীৰ লোকক থাকিবলৈ দিয়া হৈছে । বহু সংখ্যক আৰক্ষীৰ লোক থকাৰ লগতে চিকিৎসালয়ৰ পানী,শৌচ- প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰাৰ ফলত কাজিৰঙাৰ এক মাত্ৰ চিকিৎসালয়খনত কিছু সমস্যাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ।