Logo
image

মোচন গুৱাহাটী চেণ্টাৰৰ এন ই ই টি আৰু জে ই ইৰ বিনামূলীয়া কোচিঙৰ সুবিধা

'আমাৰ অসম'ৰ মহানগৰ সংবাদ,৫ এপ্ৰিল: গুৱাহাটীৰ পানবজাৰস্থিত মোচন গুৱাহাটী চেণ্টাৰে ৰঙালী বিহু উপলক্ষে ৰেণ্ডম নিৰ্বাচনৰে লাভ কৰিব পাৰিব এন ই ই টি আৰু জে ই ইৰ বিনামূলীয়া কোচিঙৰ সুবিধা। বুধবাৰে মোচন গুৱাহাটী চেণ্টাৰৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে মোচন গুৱাহাটী চেণ্টাৰৰ সঞ্চালক চাকিনা ৰচিদ হাজৰিকাই। তেওঁ লগতে কয়-আগন্তক  ১২ এপ্রিলত মোচন গুৱাহাটী চেণ্টাৰত  এখন লটাৰীৰ আয়োজন কৰা হৈছে। নির্বাচিত প্রথম ৫জন ছাত্র- ছাত্রীক সম্পূর্ণ বিনামূলীয়াকৈ পঢ়োৱাৰ লগতে পৰৱর্তী ১০ জন ছাত্র- ছাত্রীক ৫০ শতাংশ  মাছুলেৰে পঢ়াৰ সুযোগ প্রদান কৰা হ'ব। পর্যায়ক্রমে পৰৱর্তী ছাত্র- ছাত্রীক ৩০ শতাংশ আৰু ২০ শতাংশ মাছুল ৰেহাই কৰি দিয়া হ'ব । ইচ্ছুক ছাত্র- ছাত্রীক এই সুবর্ণ সুযোগ লাভ কৰিবলৈ আগন্তুক ১২ এপ্ৰিলৰ পূর্বে পঞ্জীয়ন পত্র পূৰণ কৰিবলৈ আহ্বান জনালো। পঞ্জীয়ন পত্ৰ www.guwahati. motion.ac.in ৱেবচাইটত জৰিয়তে কৰিব পাৰিব। উক্ত সংবাদ মেলত কেন্দ্ৰৰ মুৰব্বী সমুজ্বল চহৰীয়া প্ৰমুখ্যে অনান্য বিষয় ববীয়া উপস্থিত থাকে।