Logo
image

মোগলেই নহয় মহাত্মাকো চেন্সৰ

আমাৰ অসম, ৬ এপ্ৰিলঃ নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ পৰা কেৱল মোগলক বিসৰ্জন দিয়েই ক্ষান্ত থকা নাই, একে সময়তে পাঠ্যপুথিত জাতিৰ পিতা মহাত্মা গান্ধীৰ ওপৰতো কেচি চলাই চৰকাৰে বিচৰা ধৰণে তেওঁৰ ভাৱধাৰাক সম্পাদিত কৰি পেলাইছে৷ এনচিইআৰটি-ৰ পাঠ্যক্ৰমৰ পৰা মোগলৰ অধ্যায় সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ বিষয়ক লৈ দেশ দ্বিধাবিভক্ত হৈ যুঁজি থকাৰ সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে মহাত্মা গান্ধীৰ ভাৱধাৰাক চেন্সৰ কৰা বিষয়টো সকলোৰে অগোচৰে ৰৈ গৈছে৷ মোগলক লৈ দেশত সপক্ষে আৰু বিপক্ষে প্ৰৱল সমালোচনাৰ জোৱাৰ উঠিব বুলি নিশ্চিত মোদী চৰকাৰে কৰা ধাৰণা আৰু পৰিকল্পনা সত্যত পৰিণত হৈছে৷ একে সময়তে জাতিৰ পিতাৰ ওপৰত কেচি চলোৱাৰ ঘটনা মোগল বিতৰ্কই ঢাকি ৰাখিবলৈ সমৰ্থ হ’ব বুলি মোদী চৰকাৰে কৰা আশাও শুদ্ধ প্ৰমাণিত হৈছে৷ মোদী চৰকাৰৰ শাসনকালত মহাত্মা গান্ধীৰ   হত্যাকাৰী নাথুৰাম গড্‌ছেৰ ভাৱমূৰ্তিও দেশৰ শিক্ষাৰ্থীৰ পাঠ্যপুথিত সলনি কৰা হৈছে৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ সৌজন্যত এতিয়া আৰু নাথুৰাম গড্‌ছে ‘চৰমপন্থী’ [এক্সট্ৰিমিষ্ট] নহয়৷ এন চি ই আৰ টিৰ সকলো পাঠ্যপুথিৰ পৰা বিলুপ্ত ঘটোৱা হৈছে ২০০২ চনত গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা, সেই ঘটনাৰ প্ৰসংগ উল্লেখ থকা সকলো অধ্যায়৷ আনকি নোহোৱা কৰি পেলোৱা হৈছে– গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পশ্চাৎপতত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী তথা বিজেপিৰ সৰ্বকালৰ সবাটোকৈ গ্ৰহণযোগ্য নেতা অটল বিহাৰী বাজপেয়ীয়ে ‘ৰাজধৰ্ম’ পালন কৰিবলৈ দিয়া উপদেশৰ কথা৷

২০১৪ চনত শাসনভাৰ লাভ কৰা নৰেন্দ্ৰ মোদী চৰকাৰে যে প্ৰণালীবদ্ধভাৱে দেশৰ ইতিহাস সলনি কৰাৰ চেষ্টাত নিৰন্তৰ ব্ৰতী হৈছে, তাত সন্দেহৰ সামান্যতম থলো নাই৷ এন চি ই আৰ টিয়ে এই পাঠ্যপুথি বিতৰ্ক সন্দৰ্ভত কৈছিল যে, ক’ভিড অতিমাৰীত পিছপৰি যোৱা শিক্ষাৰ্থীয়ে যাতে কাৰ্যকৰী প্ৰত্যাৱৰ্তন ঘটাব পাৰে, সেই ব্যৱস্থা হাতত লৈয়েই পাঠ্যক্ৰম কিছু পৰিমাণে সংক্ষিপ্ত কৰা হৈছে৷ কিন্তু পাঠ্যক্ৰমৰ যিবোৰ বিষয় বিলুপ্ত কৰা হৈছে আৰু যিবোৰ বিষয় সম্পাদিত কৰা হৈছে সেয়া দেখিলে সামান্য জ্ঞানবুদ্ধি থকা লোকেও বুজিব, দেশৰ উঠি অহা প্ৰজন্মক মোদী চৰকাৰে ভাৰতৰ প্ৰকৃত ইতিহাস নহয়; বৰং বিজেপি আৰু আৰএছএছে বিচৰা ধৰণে ইতিহাসৰ জ্ঞান দিবলৈ কৰা পৰিকল্পনা কাৰ্যকৰী কৰি আছে৷ ইয়াৰ জৰিয়তে লুকুৱাই পেলোৱা হৈছে বহু জীয়া, বাস্তৱ ঘটনা৷ আনহাতে, এনচিটিইআৰটিয়ে ক’ভিডকালত পাঠ্যক্ৰম সংক্ষিপ্ত কৰাৰ যি স্পষ্টীকৰণ দিছে সেয়া জীয়াফাঁকিৰ বাহিৰে আন একো নহয়৷ কিয়নো ২০১৪ চনত শাসনভাৰ লোৱাৰ পৰা মোদী চৰকাৰৰ অধীনত ২০১৭ চনলৈ মুঠতে তিনিবাৰ এনচিইআৰটিৰ পাঠ্যক্ৰমৰ সংশোধনৰ পৰ্যালোচনা কৰা হৈছে৷ ক’ভিড-উত্তৰ পৰিস্থিতিত কৰা হৈছে এবাৰ৷ প্ৰথম তিনিবাৰৰ পৰ্যালোচনাত এনচিইআৰটিৰ ১৮২খন পাঠ্যপুথি সম্পাদিত কৰা হৈছে আৰু মুঠতে ১,৩৩৪টা বিষয় পৰিৱৰ্তন কৰি নতুনকৈ লিপিবদ্ধ কৰা হৈছে৷ ২০১৪-১৭ চনলৈ দেশত ক’ভিড নাছিল৷ সেয়ে এয়া মোদী চৰকাৰৰ দেশৰ ইতিহাস সলনি কৰাৰ প্ৰণালীৱদ্ধ পৰিকল্পনা বুলি কাকো চকুত আঙুলি থৈ বুজাব নালাগে৷

আৰএছএছৰ ইচ্ছা আৰু দীৰ্ঘদিনৰ পৰা বাস্তৱায়িত নোহোৱা পৰিকল্পনা নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে যে বাস্তৱ কৰিব তাত কাৰো সন্দেহ নাছিল৷ আৰএছএছৰ ইচ্ছানুসৰি ৰাম মন্দিৰ, জম্মু-কাশ্মীৰৰ ‘এজেণ্ডা’ মোদী চৰকাৰে ৰূপায়ণ কৰিছে৷ ইতিহাস সলনিৰ আৰএছএছৰ ‘এজেণ্ডা’ও পৰিকল্পিতভাৱে বাস্তৱায়িত কৰিছে মোদী চৰকাৰে৷ ইমান কৰিলেও মোদী চৰকাৰে মহাত্মা গান্ধীৰ ওপৰতো কেচি চলোৱাৰ দুঃসাহস কৰিব বুলি দেশবাসীৰ দূৰতম কল্পনাতো নাছিল৷ কিন্তু দেশৰ ইতিহাস আৰু ঐতিহাসিক ঘটনা সলনিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে স্বয়ং জাতিৰ পিতা মহাত্মা গান্ধীকো সাৰি যাবলৈ নিদি অদমনীয় বৈশিষ্ট প্ৰকাশ কৰিছে৷

মহাত্মা গান্ধীৰ ক্ষেত্ৰত কৰা সম্পাদনাৰ জৰিয়তে মহাত্মাৰ ভাৱধাৰা সলনি কৰা হৈছে আৰু আৰএছএছক মহিমামণ্ডিত কৰা হৈছে৷ একে সময়তে জাতিৰ পিতাৰ হত্যাকাৰী নাথুৰাম গড্‌ছে সন্দৰ্ভত থকা সত্য কিন্তু বিৰূপ বক্তব্য নোহোৱা কৰা হৈছে৷ দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ কিতাপত থকা ‘মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন’ পাঠটো সম্পূৰ্ণৰূপে সম্পাদনা কৰা হৈছে৷ তাৰ এটা পেৰাগ্ৰাফত লিখা হৈছে– ‘৩০ জানুৱাৰীৰ বিয়লিৰ প্ৰাৰ্থনা সভাতে গান্ধীজীক এজন যুৱকে গুলীয়াই হত্যা কৰিলে৷ নাথুৰাম গড্‌ছে নামৰ হত্যাকাৰীজনে পাছত আত্মসমৰ্পণ কৰে৷’ পূৰ্বে এই পেৰাগ্ৰাফটোত লিখা আছিল– ‘গান্ধীক এজন যুৱকে গুলীয়াই হত্যা কৰে৷ আত্মসমৰ্পণ কৰা হত্যাকাৰীজন আছিল পুনেৰ এজন ব্ৰাহ্মণ যুৱক, নাম নাথুৰাম গড্‌ছে৷ তেওঁ এখন চৰমপন্থী [এক্সট্ৰিমিষ্ট] হিন্দু সংবাদপত্ৰৰ সম্পাদক, যি গান্ধীজীক মুছলমানৰ পৃষ্ঠপোষকতা কৰাৰ বাবে ঘৃণা কৰিছিল৷’ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ ‘পলিটিক্স ইন ইণ্ডিয়া ছিন্স ইণ্ডিপেণ্ডেন্স’ অধ্যায়ৰ ব্যাপক সম্পাদনা কৰা হৈছে, য’ত ‘মহাত্মা গান্ধীৰ ত্যাগ’ শীৰ্ষক পাঠটো সলাই দিয়া হৈছে৷ পুৰণি পাঠত আছিল– ‘হিন্দু-মুছলিমৰ ঐক্য আৰু সংহতিৰ বাবে চলোৱা দৃঢ় পদক্ষেপত হিন্দু চৰমপন্থী সংগঠন ইমানেই ক্ষুব্ধ হৈছিল যে, তেওঁলোকে মহাত্মা গান্ধীক হত্যা কৰিবলৈ কেইবাবাৰো চেষ্টা চলাইছিল৷’ নতুন সংস্কৰণত এই সম্পূৰ্ণ অংশ বিলুপ্ত কৰা হৈছে৷ তদুপৰি পুৰণি পাঠত থকা ‘মহাত্মা গান্ধীয়ে তেনে সংগঠন-ব্যক্তিক অপচন্দ কৰিছিল, যি হিন্দু সংগঠন-ব্যক্তিয়ে মুছলিমৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিছিল আৰু মুছলিম ৰাষ্ট˜ পাকিস্তানৰ দৰে ভাৰতক হিন্দু ৰাষ্ট˜ৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল’ বাক্যও বিলুপ্ত কৰা হৈছে৷ তদুপৰি ‘মহাত্মা গান্ধীৰ হত্যাৰ পাছত চৰমপন্থী সংগঠন আৰএছএছক কিছুদিনৰ বাবে নিষিদ্ধ কৰাত সাম্প্ৰদায়িক বিষবাষ্প আৰু ঘৃণাৰ পৰিৱেশৰ অৱসান ঘটিল’ বুলি থকা পেৰাগ্ৰাফো বিলুপ্ত কৰা হৈছে৷ এনেদৰে মহাত্মা গান্ধীৰ বক্তব্য চেঞ্চৰ কৰি সম্পাদনা কৰি জাতিৰ পিতাৰ প্ৰকৃত ভাৱধাৰা দেশৰ নতুন প্ৰজন্মৰ ওচৰত সলাই পেলোৱা হৈছে অথবা লুপ্ত কৰি দিয়া হৈছে৷ ফলত ইতিহাসত সত্য কথা লিখা থাকে বুলি প্ৰচলিত ধাৰণাটোৱেই বিলুপ্তিৰ গৰ্ভত নিমজ্জিত হৈছে৷