Logo
image

দাম বাঢ়িলেও ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি

আমাৰ অসম, ৬ এপ্ৰিলঃ বস্তুৰ দাম বাঢ়িলেও ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি৷ এই দাবী মন্ত্ৰী ৰঞ্জিত দাসৰ৷ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰী, নিৰ্মাণ সামগ্ৰী, ইন্ধনৰ অভাৱনীয় মূল্যবৃদ্ধি সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে বিধানসভাত উত্থাপন কৰা প্ৰসংগৰ উত্তৰ দিবলৈ গৈ বুধবাৰে মন্ত্ৰী দাসে ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি বুলিদাবী কৰে৷ তেওঁ আৰু কয়– উন্নয়নশীল দেশৰ বাবে মূল্যবৃদ্ধি এটা অবিচ্ছেদ্য অংগ৷ যোগান চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে অত্যাৱশ্যকীয় সামংগ্ৰীৰ দাম৷ ভাৰতৰ কেইবাখনো   আগশাৰীৰ চহৰৰ তুলনাত চাউল, মিঠাতেল, আলু আৰু ডিজেলকে ধৰি কেইবিধমান সামগ্ৰীৰ মূল্য অসম তথা গুৱাহাটীত কম৷ মন্ত্ৰী দাসে সদনত কয় যে– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বৰ বাবে এতিয়াও চাউল, মিঠাতেল, ডিজেল আদিকে ধৰি কেইবাবিধো সামগ্ৰী দেশৰ আগশাৰীৰ কেইবাখনো চহৰৰ তুলনাত অসমৰ ৰাইজে কম মূল্যত ক্ৰয় কৰিব পাৰিছে৷ এই সন্দৰ্ভত মন্ত্ৰীজনে আজি সদনত ভাৰত চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনৰ মূল্য নিৰ্বীক্ষণ শাখাৰ দ্বাৰা প্ৰকাশিত দৈনিক মূল্য তালিকাত উপলব্ধ দেশৰ কেইখনমান আগশাৰীৰ চহৰৰ কেইবিধ মান সামগ্ৰীৰ লগতে স্থানীয় মূল্যৰ তুলনামূলক তথ্য সদনত উল্লেখ কৰে৷  সেই মতে চাউলৰ প্ৰতিকিলোত গুৱাহাটীত ৩৩ টকা, ছণ্ডীগড়ত ৩৮ টকা, দিল্লীত ৩৯ টকা, মুম্বাইত ৩৫ টকা. নাছিকত ৩৫ টকা, কলকাতা ৪২ টকা, বাংগালুৰুত ৫৪ টকা, চেন্নাইত ৫৯ টকা, হায়দৰাবা ৫৩ টকা৷

মিঠাতেল [পেকেটত থকা] প্ৰতি লিটাৰৰ মূল্য

গুৱাহাটীত ১৫৫ টকা ছণ্ডীগড়ত ১৭৬ টকা, ভূপালত  ১৬৫ টকা, মুম্বাই ১৬১ টকা, আগৰতলাও ১৬০ টকা বাংগালুৰুত ১৭৬ টকা, চেন্নাইত  ১৭৬ টকা আৰু  হায়দৰাবাদত ১৬৪ টকা৷  পূৰ্বে বিধায়ক অখিল গগৈয়ে ২০১৬ চনৰ পৰা বৰ্তমান পৰ্যন্ত কেনেদৰে অভাৱনীয়ভাৱে বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ব্যাখ্যা কৰে৷ তেওঁ কয়– অত্যাৱশ্যকীয় সামগ্ৰী, নিৰ্মাণ সামগ্ৰী, ইন্ধনৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে সাধাৰণ লোক জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে৷ নিম্ন আয়ৰ লোক সাংঘাটিক সমস্যাৰ সন্মুখীন হৈছে৷

বজাৰত মূল্যবৃদ্ধিৰ জুই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ সকলোৰে বাবে অতি প্ৰয়োজনীয় ঔষধৰ মূল্য ১২শতাংশতকৈ অধিক বৃদ্ধি পোৱাৰ লগতে ৰাজ্যত ৰন্ধন গেছ, বিদ্য়ুত মাচুল তথা পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই সৰ্বসাধাৰণক বিপদত পেলোৱাৰ সময়তে সম্প্ৰতি ৰাজ্যখনত চাউলৰ মূল্য অতিমাত্ৰাত বৃদ্ধি পাইছে৷ একেদৰে চেনি আৰু চাহপাতৰ মূল্যও বৃদ্ধি পাইছে৷ ইপিনে ৰাজ্যত টোলকৰ বৃদ্ধিৰ বিপৰীতে পেট্ৰ’ল আৰু ডিজিলৰ মূল্য বিভিন্ন কোম্পানীৰ ডিপোত পৃথক পৰিমাণে বৃদ্ধি পাইছে৷ শেহতীয়াকৈ ৰাজ্যত স্থাপন হোৱা একাধিক নতুন কোম্পানীৰ ডিপোত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই শতকৰ সীমা অতিক্ৰম কৰিছে৷ আনহাতে, সুলভ মূল্যৰ জৰিয়তে হিতাধিকাৰীক আদায় দিয়া পৰিমাণ হ্ৰাস কৰিছে৷ সম্প্ৰতি একোজন লোকক সুলভ মূল্যৰ ১০কিলোগ্ৰামৰ বিপৰীতে পাঁচ কিলোগ্ৰাম চাউলহে আদায় দিয়া হয়৷ ইপিনে মুকলি বজাৰত প্ৰতিবিধ চাউলৰ মূল্য আচৰিতধৰণে বৃদ্ধি পাইছে৷ নতুন আইজং চাউলৰ মূল্য প্ৰতি কিলোগ্ৰামত ২৫টকাৰ সলনি ৩৫টকালৈ বৃদ্ধি পাইছে আৰু পুৰণা আইজং চাউলৰ মূল্য খুচুৰা বজাৰত ২৮টকাৰ পৰিৱৰ্তে ৩৬-৩৮টকালৈ প্ৰতি কিলোগ্ৰামত বৃদ্ধি পাইছে৷ উল্লেখ্য, পাইকাৰী বজাৰত এনে চাউলৰ মূল্য প্ৰতি কুইণ্টলত হাজাৰ টকালৈকে বৃদ্ধি পোৱাৰ বিপৰীতে শান্তিভোগ চাউলৰ প্ৰতি কুইণ্টল চাউলৰ মূল্য পাইকাৰী বজাৰতে চাৰিহাজাৰ এশ ৮০টকালৈ বৃদ্ধি পাইছে৷ চাউলৰ এনে ব্যাপক মূল্যবৃদ্ধিৰ সমান্তৰালকৈ প্ৰতিবিধ দাইলৰ মূল্যও বৃদ্ধি পাইছে৷ উল্লেখ্য, ৰহৰ দাইলৰ এক কুইণ্টলৰ মূল্য পাইকাৰী বজাৰত পূৰ্বৰ ৯,০৮০ টকাৰ পৰিৱৰ্তে বৰ্তমান ১,০২৪টকা অধিক বৃদ্ধি পোৱাৰ বিপৰীতে মচুৰ দাইলৰ মূল্য প্ৰতি কুইণ্টলত তিনিশ টকা বৃদ্ধি পাইছে৷ আনহাতে, বুটৰ দাইলৰ মূল্য দুশ টকা বৃদ্ধি পাইছে প্ৰতি কুইণ্টলত৷ একেদৰে চেনিৰ মূল্যবৃদ্ধি প্ৰতি কুইণ্টলত বৃদ্ধি পাইছে এশ টকাকৈ৷ আনহাতে, মগু দাইলৰ মূল্যও প্ৰতি কুইণ্টলত স্থানভেদে ডেৰ-দুশ টকাকৈ বৃদ্ধি পোৱাৰ লগতে চাহপাতৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৫টকাকৈ বৃদ্ধি পাইছে৷ মূল্যবৃদ্ধিৰ এনে ব্যাপক মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে পৌৰ কৰো বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য, বিভিন্ন অজুহাতত প্ৰতিটো ক্ষেত্ৰতে এনে মূল্যবৃদ্ধিৰ বিপৰীতে অৱশ্যে সৰিয়হৰ তেলৰ মূল্য কিছুপৰিমাণে হ্ৰাস পাইছে৷ কিন্তু ঔষধৰ লগতে, চাউল আৰু দাইলৰ দৰে অত্যধিক আৱশ্যকীয় সামগ্ৰীৰ মূল্য ব্যাপকৰূপত বৃদ্ধি পোৱা ঘটনাৰ বিপৰীতে এয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই৷ ব্যৱসায়ীসকলে মূল্যবৃদ্ধিৰ বাবে পৰিবহণ আৰু ইন্ধনৰ মূল্যবৃদ্ধিক অন্য কাৰণ হিচাপে উল্লেখ কৰি লগতে কয় যে, কেৱল এনেবোৰ সামগ্ৰীয়েই নহয়, প্ৰতিবিধ পেকেটৰ সামগ্ৰী পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে৷