Logo
image

প্ৰিয়নাথ দত্তৰ 'অসমীয়া লোককৃষ্টিৰ কণিকা' শীৰ্ষক গ্ৰন্থৰ দ্বিতীয় খণ্ড উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ লোক সংস্কৃতিৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যৰে গঠন হোৱা 'ভোগজৰা'ৰ উদ্যোগত শুকুৰবাৰে মহানগৰীৰ মালিগাঁৱত অনুষ্ঠিত হয় এখন  গ্ৰন্থ উন্মোচনী সভা। এই সভাত বিশিষ্ট সাহিত্যিক প্ৰিয়নাথ দত্তৰ 'অসমীয়া লোককৃষ্টিৰ কনিকা'ৰ দ্বিতীয় খণ্ড উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্যকান্ত দেৱ শৰ্মাই। 

গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক প্ৰিয়নাথ দত্তই ভাষণ প্ৰসংগত কয় যে এই গ্ৰন্থখন অসমৰ ভিন্ন জনগোষ্ঠীৰ লোককৃষ্টিৰ ওপৰত আধাৰ কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে। এই গ্ৰন্থখনে ভৱিষ্যত প্ৰজন্মৰ বাবে যথেষ্ট সহায়ক হ'ব বুলি মন্তব্য কৰে প্ৰিয়নাথ দত্তই। আনহাতে গ্ৰন্থখন উন্মোচন কৰি সাহিত্যিক সূৰ্যকান্ত দেৱ শৰ্মাই এই গ্ৰন্থখন লিখি উলিওৱাৰ বাবে প্ৰিয়নাথ দত্তক কৃতজ্ঞতা জ্ঞাপন কৰে। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠান উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰধান জগদীশ চন্দ্ৰ পাটগিৰিৰ লগতে  মালিগাঁও সাহিত্য সভাৰ আন বহু বিশিষ্ট ব্যক্তিসকল।