Logo
image

অস্কাৰজয়ীক লগ ধৰিলেগৈ মোদীয়ে

আমাৰ অসম, ১০ এপ্ৰিলঃ ‘দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছ’ নামৰ যিখন তথ্যচিত্ৰই এইবাৰ ভাৰতক মহামূল্যবান অস্কাৰ আনি দিছিল, সেই ছবিৰ চৰিত্ৰৰ সৈতে অৱশেষত সাক্ষাৎ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ চুটি ছবিখনে অস্কাৰ লাভ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত অভিনন্দন জ্ঞাপন কৰিছিল৷ ভাৰতৰ এনেবোৰ সাফল্যৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে  অভিনন্দন জ্ঞাপন কৰাত কালবিলম্ব নকৰে৷ এইবাৰ অস্কাৰ জয়ৰ এমাহৰ ভিতৰতে প্ৰধানমন্ত্ৰীয়ে সেই ছবিৰ চৰিত্ৰ বেল্লি, বোম্মান আৰু হাতী ৰঘুক সাক্ষাৎ কৰিলে৷ উল্লেখ্য, ‘দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছ’ নামৰ তথ্যচিত্ৰখনত এটা হাতী আৰু হাতীটোক পৰিয়ালৰ সদস্যৰ দৰে পালন কৰা এহাল দম্পত্তিৰ বিষয়ে মন চুই যোৱা কাহিনী দেখুওৱা হৈছিল৷ তথ্যচিত্ৰখনৰ মান স্বাভাৱিকতে অতি উন্নত আছিল আৰু সেয়ে বিশ্বৰ আগশাৰীৰ দেশৰ সকলো তথ্যচিত্ৰৰ প্ৰত্যাহ্বান ওফৰাই ভাৰতীয় তথ্যচিত্ৰখনে এইবাৰ অস্কাৰ লাভ কৰিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে ‘দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছ’ হৈছে প্ৰথমখন ভাৰতীয় তথ্যচিত্ৰ, যি অস্কাৰ লাভ কৰিছে৷ ইয়াৰ পূৰ্বে কোনো ভাৰতীয় তথ্যচিত্ৰই কেতিয়াও বিশ্ব চলচ্ছিত্ৰৰ সৰ্বোচ্ছ সন্মান অকাডেমী বঁটা লাভ কৰা নাছিল৷ ৰঘু নামৰ হাতীটো আছিল অনাথ৷ সেই অনাথ হাতীটো  বেল্লি আৰু বোম্মান নামৰ এহাল দম্পত্তিয়ে তুলি-তালি ডাঙৰ দীঘল কৰিছিল৷ সেই সময়ত স্বাভাৱিকতে হাতীটোৰ সৈতে বেল্লি আৰু বোম্মানৰ আবেগিক সম্পৰ্ক গঢ়ি উঠিছিল৷ সেই সম্পৰ্কৰ কাহিনীকে চেলুলয়ডত কলাত্মকভাৱে তুলি ধৰিছিল পৰিচালক কাৰ্তিকি গঞ্জালভেছে৷ তথ্যচিত্ৰখন প্ৰযোজনা কৰিছিল গুনিত মোংগাই৷ তামিলনাডুৰ বাঘ সংৰক্ষণ কেন্দ্ৰ মুদুমালাইত আছে থেপ্পাকাডু নামৰ এটা হস্তীশিৱিৰ৷ সেই শিৱিৰতে থাকে অস্কাৰধন্য ৰঘু৷ উল্লেখ্য, ‘দ্য এলিফেণ্ট হুইস্পাৰাৰ্ছ’ৰ শ্বুটিঙো সেই শিৱিৰতে হৈছিল৷ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈ সেই হস্তী শিৱিৰত উপস্থিত হয়৷ তেওঁ ৰঘুক দেখা কৰাৰ উপৰি সাক্ষাৎ কৰে ৰঘুৰ পালক বেল্লি আৰু বোম্মানক৷ দুয়োৰে সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তালাপ কৰে আৰু তেওঁলোকক নিজৰ জীৱনৰ মূল্যবান সময় ব্যয় কৰি ৰঘুৰ দৰে এটা অনাথ হাতীক লালন-পালন কৰাৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰঘুৰ শৰীৰত মৰমেৰে হাত ফুৰাই দিয়ে৷ উল্লেখ্য প্ৰধানমন্ত্ৰী মোদী যোৱাৰ পূৰ্বেই মুদুমালাই বাঘ সংৰক্ষণ কেন্দ্ৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা জাৰি কৰা হয়৷ ৭-৯ এপ্ৰিললৈ তাত পৰ্যটকৰ সকলো ছাফাৰি বন্ধ কৰি দিয়া হয় আৰু বাঘ সংৰক্ষণ কেন্দ্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠা সকলো হোটেল তিনিদিনৰ বাবে বন্ধ কৰি দিয়া হয়৷ ইয়াৰ ফলত স্থানীয় বাসিন্দাৰ মাজত কিছু পৰিমাণে অসন্তুষ্টিয়ে বিৰাজ কৰে৷ পিছে প্ৰধানমন্ত্ৰীয়ে অস্কাৰধন্য হাতীটো সাক্ষাৎ কৰা আৰু পালক পৰিয়ালটোৰ সৈতে সাক্ষাৎ কৰাৰ ঘটনাই স্থানীয় বাসিন্দাক একপ্ৰকাৰ সন্তুষ্টিও প্ৰদান কৰে৷ কৰ্ণাটকত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ সভাত ভাগ ল’বলৈ গৈ প্ৰধানমন্ত্ৰী মোদীয়ে একেসময়তে ৰঘু, বেল্লি আৰু বোম্মানক সাক্ষাৎ কৰি প্ৰতিবেশী ৰাজ্যখনৰ  ভোটাৰৰো মন মুহিছে৷