Logo
image

প্ৰধানমন্ত্ৰীলৈ অজাপৰ ১৪টা প্ৰশ্ন

আমাৰ অসম, ১০ এপ্ৰিলঃ অহা ১৪ এপ্ৰিলত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি অসম জাতীয় পৰিষদে ৰাজহুৱাভাৱে উত্থাপন কৰিছে ১৪টা প্ৰশ্ন৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি হাজোত অনুষ্ঠিত এখন দলীয় কৰ্মীসভাত এই প্ৰশ্নকেইটা উত্থাপন কৰে৷ গগৈয়ে কয়– ‘মোদী ডাঙৰীয়া, অসমবাসীয়ে জানিব বিচাৰিছে; গতিকে ১৪ এপ্ৰিলত আপুনি এইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক অসমৰ  ৰাইজকঃ

১) বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কেতিয়া হ’ব? বিদেশীয়ে টালি-টোপোলা বান্ধি কেতিয়া দেশ এৰিব? (২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন নিৰ্বাচনী সভাত আপুনি ঘোষণা কৰিছিল– সকলো অবৈধ বিদেশীয়ে টালি-টোপোলা বান্ধি ৰাখক, ১৬ মে’ৰ পাছত ভাৰত এৰিব লাগিব৷)

২) খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ কেতিয়া নিশ্চিত হ’ব? (অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ বাবে বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত উচ্ছস্তৰীয় পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদন ‘দাড়ি-কমা নকটাকৈ’ কাৰ্যকৰী কৰিম বুলি ৰাজ্যসভাত ভাৰতৰ গৃহমন্ত্ৰীয়ে ২০১৯ চনৰ ১১ ডিচেম্বৰত ঘোষণা কৰিছিল৷) 

৩) নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত বিজেপি চৰকাৰে ওলোটা খৰ মাৰিলে কিয়? (নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক– সকলোৱে দেখিছে৷ বিজেপি ক্ষমতালৈ আহিলে প্ৰকল্প বন্ধ কৰিব বুলি ঘোষণা কৰিছিল দলটোৱে৷ ২০১০ চনৰ ১৭ ছেপ্টেম্বৰত গেৰুকামুখত বিশাল প্ৰতিবাদী সভাত বিজেপিৰ তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে এই ঘোষণা কৰিছিল৷ কিন্তু ফুটুকাৰ ফেন হ’ল৷)

৪) আপুনি দিয়া প্ৰতিশ্ৰুতি মতে ১৫ লাখকৈ টকা বেংক একাউণ্টত কেতিয়া সোমাব? (২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে কৈছিল যে চুইছ বেংকত জমা থকা ভাৰতীয় ক’লা ধন ওভতাই আনি সকলো ভাৰতীয় মানুহৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিয়া হ’ব৷ তাৰ বাবে ২০১৪ চনত, এবছৰতে ৰাইজে ৪৭.৮ কোটি জনধন একাউণ্ট খুলিছিল৷)

৫) খাদ্য-দ্ৰব্য, ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্য  নিয়ন্ত্ৰণ হ’ব? আচ্ছে দিন আহিব বুলি কৈছিল৷ 

৬) অসমৰ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কেতিয়া হ’ব? (অসমৰ বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে৷ ২০১৪ চনৰ ৮ ফেব্ৰুৱাৰীত খানাপাৰাৰ খেলপথাৰত বিজেপিৰ ‘মহাজাগৰণ ৰেলী’ত এই প্ৰতিশ্ৰুতি দিছিল৷)

৭) জাগীৰোড-পাঁচগ্ৰাম কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা কৰিলে কিয়? (২০১৬ চনৰ মাৰ্চ মাহত পাঁচগ্ৰামৰ ওচৰৰ কালীনগৰৰ এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ২০১৬১ বিধানসভা নিৰ্বাচনৰ পাছতে কাছাৰ কাগজ কল পুনৰ আৰম্ভ কৰা হ’ব৷ বিজেপি দলে ২০১৬, ২০১৯ চনৰ নিৰ্বাচনী ইস্তাহাৰত কাগজ কল পুনৰ মুকলি কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷)

৮) অসমৰ ৰাইজৰ ওপৰত ২৭খন টোলগে’ট জাপি দিলে কিয়? টোল কৰ লোৱা সত্ত্বেও ঘাইপথৰ অৱস্থা শোচনীয় কিয়? (২০১৪ চনৰ পূৰ্বে অসমত এখনো টোলগে’ট নাছিল৷ বৰ্তমানে ৰাজ্যত ৭খন টোলগে’ট চলি আছে৷ অসম বিধান সভাৰ সদ্যসমাপ্ত অধিৱেশনত চৰকাৰে জনাইছে যে ৰাজ্যত মুঠ ২৭খন টোলগে’ট হ’ব৷ ঘাইপথ নিৰ্মাণৰ কাম শেষ নোহোৱাকৈ বা ঘাইপথৰ শোচনীয় অৱস্থা হৈ থকা সত্ত্বেও ইমান উচ্ছহাৰত টোল কৰ কিয় লৈ থকা হৈছে৷)

৯) মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধ্বংসৰ বাবে ৰাজ্য চৰকাৰে চলোৱা ষড়যন্ত্ৰত আপুনি মৌন কিয়? (ৰাষ্ট্ৰীয় শিক্ষানীতিত মাতৃভাষাত শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ আনকি আঞ্চলিক ভাষাত মেডিকেল-ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমো দেশৰ আন ৰাজ্যত বিজেপি চৰকাৰে আৰম্ভ কৰিছে৷ কিন্তু অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰ৷ আমি অসম চৰকাৰৰ এনে পদক্ষেপ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি হস্তক্ষেপ কৰিবলৈ অনুৰোধ কৰিছিলোঁ৷ কিন্তু প্ৰধানমন্ত্ৰী নিমাত৷)

১০) আদানিৰ বিত্তীয় প্ৰতাৰণাৰ তদন্ত কেতিয়া হ’ব? (পুঁজিপতি গৌতম আদানিৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় অনিয়ম, জালিয়াতি তথা অৰ্থনৈতিক অপৰাধৰ বিৰুদ্ধে দেশজুৰি প্ৰতিক্ৰিয়া হৈছে৷ সকলোৱে তদন্ত বিচাৰিছে৷ প্ৰধানমন্ত্ৰীয়ে তদন্তত আগ্ৰহ দেখুওৱা নাই কিয়?)

১১) কৃষকৰ আয় কেতিয়া দুগুণ হ’ব? (নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকৰ আয় দুগুণ কৰাৰ পদক্ষেপ হাতত লোৱাৰ কথা কৈছিল৷ এই বিষয়ে কওঁতে তেওঁ অসমৰো নাম উল্লেখ কৰিছিল৷ কিন্তু দেখা গৈছে যে কৃষকৰ আয় কমিছেহে৷)

১২) অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কেতিয়া ঘূৰাই দিব? (তৃতীয় মৰ্চা চৰকাৰৰ দিনত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ ৰাজ্য হিচাপে কিছু অতিৰিক্ত সুবিধা পাইছিল, তেতিয়া প্ৰধানমন্ত্ৰী আছিল ভি পি সিং৷ সকলো কেন্দ্ৰীয় ধবজাবাহী আঁচনিত ৯০ঃ১০ হাৰত ধন পাইছিল৷ মোদী চৰকাৰে সেয়া প্ৰত্যাহাৰ কৰিলে৷ কিয়? কেতিয়া উভতাই দিব?)

১৩) অসমৰ অবৈধ কয়লা খনন আৰু ছিণ্ডিকেট কেতিয়া বন্ধ হ’ব? (অসমত ব্যাপক হাৰত অবৈধ কয়লাৰ খনন, সৰবৰাহ আৰু ছিণ্ডিকেট চলি থকাৰ কথা সৰ্বজনবিদিত৷ স্বয়ং গুৱাহাটী উচ্ছ ন্যায়ালয়তো এই কথা উন্মোচিত হৈছে আৰু ন্যায়ালয়ে অবৈধ কয়লা খনন বন্ধ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিবলগীয়া হৈছে৷ প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডই অবৈধ সাম্ৰাজ্যৰ পৃষ্ঠা উন্মোচন কৰিছে৷ অসম জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছিল যদিও কিয় একো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই?)

১৪) অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ কেতিয়া তদন্ত হ’ব? (অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে অবৈধ উপায়েৰে চৰকাৰী মাটি হস্তান্তৰ কৰি বৃহৎ ভূমি কেলেংকাৰিত জড়িত হোৱাৰ তথ্য ৰাজহুৱা হৈছে৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগীৰ বিৰুদ্ধেও ব্যাপক বিত্তীয় অনিয়মৰ তথ্য ওলাইছে৷ এইবোৰৰ তদন্ত কিয় হোৱা নাই? হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰা হ’ব বুলি বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে পুস্তিকা প্ৰকাশ কৰি ‘হিমন্ত বিশ্ব শৰ্মাক জে’ললৈ পঠিয়াম’ বুলি দাবী কৰিছিল৷ তদন্ত কেতিয়া হ’ব?)