Logo
image

গুৱাহাটীলৈ তেৰ হাজাৰ নাচনী-ঢুলীয়া, প্ৰশাসন কাৰ্যতঃ স্তব্ধ

আমাৰ অসম, ১০ এপ্ৰিলঃ  গীনিজ ৱল্ডৰ্ ৰেৰ্কডৰ বাবে প্ৰায় ১৩ হাজাৰ নাচনী-ঢুলীয়াৰ প্ৰস্তুতিক লৈ ব্যস্ত এতিয়া দিছপুৰ৷ ১৪ এপ্ৰিলৰ গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানক কেন্দ্ৰ কৰি ব্যস্ততাৰ নাই মন্ত্ৰী-বিধায়কৰ লগতে প্ৰতিটো বিভাগৰে বিষয়া-কৰ্মচাৰীৰ৷ প্ৰায় ১৩ হাজাৰ নাচনী-ঢুলীয়াই বিহু নৃত্য পৰিৱেশন কৰিব যদিও সৰুসজাইৰ সমগ্ৰ অনুষ্ঠানটো ২০ হাজাৰো অধিক অতিথি তথা সাধাৰণ দৰ্শকৰ উপস্থিতিক কেন্দ্ৰ কৰি প্ৰশাসনৰ বৰমূৰীয়াসকলৰ এতিয়া খাবলৈ-শুবলৈ সময় নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ঢুলীয়া-নাচনীয়ে বিহু নৃত্য পৰিৱেশন কৰিলেও চৰকাৰী উক্ত কাৰ্যসূচীৰ বাবে প্ৰতিটো বিভাগেই জড়িত হৈ পৰিছে৷ আনকি এই অনুষ্ঠানক কেন্দ্ৰ কৰি কাইলৈৰ পৰা গুৱাহাটীৰ ৰাজপথত ব্যাপক যান-জঁট হোৱাৰো ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে৷ লক্ষণীয়ভাৱে বিহু নৃত্যৰ আখৰা কাইলৈৰ পৰা মূল ফিল্ডত অনুষ্ঠিত হ’বলগীয়া হোৱাৰ ফলত প্ৰতিখন জিলাৰে পৰা গুৱাহাটীলৈ এজন দুজনকৈ আগমণ ঘটিছে বিহুৱা-নাচনীৰ৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও বিহু অনুষ্ঠানটোক কেন্দ্ৰ কৰি গুৱাহাটীৰ সকলো হোটেল-লজৰে আগন্তুক ৪-৫ দিনলৈ সকলো কোঠা বুকিং কৰা হৈছে৷ গুৱাহাটীৰ তাজ ভিভাণ্টা-ৰেডিশ্বন ব্লু’ৰ দৰে বিলাসী হোটেলৰ পৰা আৰম্ভ কৰি মহানগৰীৰ হোটেল, লজ অতিথিশালৰ উপৰি সোণাপুৰৰ প্ৰতিখন ৰিজ’টৰে কোঠা অতিথিৰ বাবে বুক কৰিছে চৰকাৰ প্ৰশাসনে৷ তদুপৰি বিহু অনুষ্ঠানটোক কেন্দ্ৰ কৰি উজনি-নামনি দূৰণিবটীয়া বাছো পাবলৈ নোহোৱা হৈ পৰিছে৷ প্ৰতিখন জিলাৰে পৰা বিহুৱা নাচনি অনা-নিয়াৰ বাবে পৰিবহন বিভাগে অধিগ্ৰহণ কৰিছে সকলো বাহন৷ কেৱল বাছ বা হোটেলৰ কোঠা নোহোৱা হৈ পৰাই নহয়, অসম সচিবালয়ৰ লগতে আন আন চৰকাৰী কাৰ্যালয়সমূহতো এই কেইদিন সকলো কাম-কাজ স্তব্ধ হৈ পৰিছে৷ এক কথাত বিভাগীয় ফাইলত হাত দিবলৈও আহৰি নোহোৱা হৈ পৰিছে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ৷ কিয়নো প্ৰতিটো বিভাগৰে বিষয়া-কৰ্মচাৰীসকলে এসপ্তাহৰ আগৰে পৰা কেৱল গীনিজ ৱল্ডৰ্ৰ বিহু কাৰ্যসূচীটোৰ আনুসংগিক কামক লৈয়ে ব্যস্ত হৈ পৰিছে৷ চৰকাৰী কাম-কাজ স্তব্ধ হৈ পৰাত একাংশ লোকে হাহাকাৰ কৰিবলগীয়া হৈছে৷ ভি আই পি, ভি ভি আই পিৰ সুৰক্ষাৰ বাবে প্ৰতিখন জিলা আৰু বেটেলিয়নৰ পৰা আৰক্ষী জোৱান সকলকো গুৱাহাটীত নিয়োগ কৰিছে৷ যাৰ বাবে থানাৰ গোচৰসমূহৰ তদন্তও লেহেমীয়া হৈ পৰা বুলি চৰ্চা লাভ কৰিছে৷ লক্ষণীয়ভাৱে উক্ত দিনা প্ৰধানমন্ত্ৰীয়ে সৰুসজাই বিহুৰ গীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ কাৰ্যসূচীত অংশ লোৱাৰ পাছতেই তিনিখন মেডিকেল কলেজ, এইম্‌ছ আৰু ইথানল প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানতো ভাগ ল’ব৷