Logo
image

স্মাৰ্ট মিটাৰে সৰ্বস্বান্ত কৰিছে গ্ৰাহকক, তীব্ৰ ক্ষোভঃ দেশৰ ভিতৰতে সন্তুষ্ট অসমৰ মানুহ-মুখ্যমন্ত্ৰী

আমাৰ অসম, ১০ এপ্ৰিলঃ পোষ্ট পেইড মিটাৰ নহয়, এইবাৰ এপিডিচিএলৰ প্ৰি-পেইড মিটাৰে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ গ্ৰাহকক৷ পূৰ্বতে স্মাৰ্ট মিটাৰত অধিক বিলে গ্ৰাহকৰ মূৰত মাধমাৰ সোধোৱাৰ পাছত এতিয়া প্ৰি-পেইড মিটাৰৰ জৰিয়তে এপিডিচিএলে অধিক ধন সৰকোৱাৰ অভিযোগ উঠিছে৷ প্ৰি-পেইড মিটাৰত অধিক বিল দেখুওৱাত ৰাজ্যজুৰি ক্ষোভৰ উদগিৰণ ঘটাইছে৷ এপিডিচিএলৰ লুণ্ঠনে এনে পৰ্যায় পাইছে গৈ যে গ্ৰাহকৰ মাহেকীয়া বিদ্যুৎ বিল ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ কোনো কোনো গ্ৰাহকৰ পূৰ্বতে মাহে ২০০০ টকা বিল আহিছিল যদিও এতিয়া এসপ্তাহতে প্ৰি-পেইড মিটাৰত ২০০০ টকা বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছে৷ 

     
স্মাৰ্ট মিটাৰত মাহেকত ৮০০-১০০০ টকা বিল অহা গ্ৰাহকে এতিয়া সমপৰিমাণৰ শক্তি ব্যৱহাৰ কৰাৰ পাছতো ২০০০ টকা ৰিচাৰ্জ কৰিও মাহটো জোৰা মাৰিব পৰা নাই৷ যোৰহাটৰ নৱজ্যোতি বৰুৱা নামৰ এজন উপভোক্তাই অভিযোগ কৰি কয় যে–‘ঘৰৰ স্মাৰ্ট মিটাৰটো প্ৰি-পেইড মিটাৰলৈ উন্নীত কৰাৰ পাছত দুদিন পূৰ্বে ১০০০ টকা ৰিচাৰ্জ কৰিছিলো৷ কিন্তু দুদিন পাছত বেলেঞ্চ নিৰীক্ষণ কৰাত দেখা পালো ৮০০ টকা জমা আছে৷ অৰ্থাৎ দুদিনতে ঘৰত ২০০ টকা মূল্যৰ বিদ্যুৎ খৰচ কৰা বুলি দেখাইছে৷ কিন্তু পূৰ্বতে পোষ্ট পেইড মিটাৰত একেখিনি লাইট, ফেন, টিভি চলোৱাৰ পাছতো সৰ্বোচ্ছ বিল আহিছিল ১৫০০ টকা৷ এতিয়া দুদিনতে ২০০ টকা খৰচ দেখুৱাত নিশ্চয়কৈ মাহটোত বিদ্যুতৰ বিলৰ বাবদ ভৰিব লাগিব ৩০০০ টকা৷ এই ঘটনাই স্পষ্ট কৰিছে যে হয় প্ৰি-পেইড মিটাৰত কিবা জালিয়াতি সংঘটিত কৰিছে নতুবা এ পি ডি চি এলে গ্ৰাহকৰ অজ্ঞাতে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে৷’ লক্ষণীয়ভাৱে প্ৰি-পেইড মিটাৰৰ বিপৰীতে অধিক ধন আদায় কৰাৰ এইটো এটা মাত্ৰ উদাহৰণ যদিও ৰাজ্যৰ গাঁৱে-ভূঞে সৰ্বত্ৰ উপভোক্তাই একেই অভিযোগ কৰিছে৷ একেখিনি শক্তি ব্যৱহাৰ কৰাৰ পাছতো কিয় এপিডিচিএলে অধিক বিল আদায় কৰিছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ বহুতে আকৌ এপিডিচিএলৰ ৰ,৪০০ কোটি টকাৰ খাটি জোৰা মাৰিবলৈকে গ্ৰাহকৰ মূৰত কৌশলপূৰ্ণভাৱে ৰাম টাঙোন শোধোৱা বুলিও অভিযোগ কৰিছে৷ অৱশ্যে প্ৰি-পেইড মিটাৰৰ জৰিয়তে এপিডিচিএলে গ্ৰাহকক লুণ্ঠন চলোৱাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ দেওবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্মাৰ্ট মিটাৰৰ গ্ৰাহকসকল দেশৰ ভিতৰতে সন্তুষ্টিৰ শীৰ্ষত আছে বুল জানিবলৈ দি কয়–প্ৰি-পেইড মিটাৰত কিবা বিসংগতি থাকিলে পৰীক্ষা কৰিব পাৰি৷ পূৰ্বতে এপিডিচিএলে গড় হিচাপত বিল আদায় লৈছিল৷ এতিয়া প্ৰি-প্ৰেইড মিটাৰত ৰিচাৰ্জ কৰাৰ বিপৰীতে বিল আদায় লয়৷ প্ৰি-পেইড মিটাৰক লৈ কাৰোবাৰ আপত্তি থাকিলে পৰীক্ষা কৰিব পাৰে৷ মই এপিডিচিএলক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিবলৈ নিৰ্দেশ দিম৷ যাতে ৰাইজে আপত্তি থাকিলে অভিযোগ দিব পাৰে আৰু এপিডিচিএলৰ মানুহ গৈ মিটাৰসমূহ পৰীক্ষা কৰি কিবা বিসংগতি থাকিলে ঠিক কৰি দিব৷ বৰ্তমান গাঁওসমূহত প্ৰি-পেইড মিটাৰ হৈছে৷ দুটা-এটা অভিযোগ থাকে, সেই অভিযোগক ঠিক কৰি দিয়া হয়৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় জৰীপত অসমৰ বিদ্যুৎ গ্ৰাহকসকলে স্মাৰ্ট মিটাৰক লৈ আটাতকৈ সন্তুষ্ট বুলি প্ৰকাশ কৰিছিল৷