Logo
image

আৰম্ভ হ'ল নতুন শিক্ষা বৰ্ষ ; নহ'ল স্কুল গৃহ !

আমাৰ অসম, ১১ এপ্ৰিলঃ বৰ্তমান সময়ত নলবাৰীৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে ছাত্র-ছাত্ৰীয়ে হেতা-ওপৰা লগাইছে তেনে সময়তে শিক্ষা চহকী জিলা খনৰ বহু সংখ্যক চৰকাৰী সাহায্য প্ৰাপ্ত বিদ্যালয়ৰ পয়ালগা ছবিখনে শৈক্ষিক সমাজক হতচকিত কৰি তুলিছে।উল্লেখ্য, শিক্ষাৰ নৱদীপ খ্যাত জিলা খনৰ কেইবাটাও শিক্ষা খণ্ডৰ অন্তৰ্গত  বহু সংখ্যক শিক্ষানুষ্ঠান আন্ত:গাঠনিৰ অভাৱত আজি যেন জকাটো লৈহে বৰ্তি আছে ! প্ৰণিধানযোগ্য যে, জিলা খনত ২০১৩ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ভালেসংখ্যক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হৈছিল যদিও বিদ্যালয় গৃহৰ জৰাজীৰ্ণ ৰূপ আজিকোপতি অপৰিৱৰ্তিত হৈয়ে আছে। বিগত সময়ত একাংশ বিদ্যালয় বিধ্বংসী ধুমুহাৰ কবলত বিদ্যালয় গৃহ তচনচ কৰি পেলাইছে।এনে জৰাজীৰ্ণ গৃহতেই পাঠদান চলি আহিছে।গুণোৎসৱত অনুষ্ঠিত হৈ গৈছে।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ  এই দিনতো ২০১৩ চনত প্ৰাদেশীকৰণৰ আওতালৈ অহা বহু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কোনোমতে পাঠদান চলি আছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ ৩২খন নিম্ন প্ৰাথমিক ৭খন উচ্চ প্ৰাথমিক বিদ্যালয়, বড়িগোগ-বনভাগ শিক্ষাখণ্ডৰ ২২খন নিম্ন প্ৰাথমিক, ১৭খন উচ্চ প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকৰণৰ আওতালৈ অনা হয়। এইবোৰ বিদ্যালয়ত নতুনকৈ শৌচাগাৰ নিৰ্মাণ কৰিছে, পুথিভঁৰালৰ বাবে পৰ্যাপ্ত পুথি প্ৰদান কৰিছে যদিও আশী শতাংশ বিদ্যালয়ৰে নাই উপযুক্ত বিদ্যালয় শ্ৰেণী গৃহ।মাত্ৰ দুজনীয়া-তিনিজনীয়া  শিক্ষকেৰেও জিলাখনৰ প্ৰতিটো শিক্ষাখণ্ডৰে ভালে সংখ্যক বিদ্যালয়ত পাঠদান চলি আছে বুলিও জানিব পৰা গৈছে।য'ত পাঁচটা শ্ৰেণী থকা বিদ্যালয়ত শ্ৰেণী প্ৰতি এজনকৈ শিক্ষকৰ প্ৰয়োজন। এফালে আন্ত:গাঁঠনি শূন্য প্ৰায় আনহাতে  শিক্ষকৰ অভাৱ থকা এনেবোৰ বিদ্যালয় চলিত শিক্ষা বৰ্ষত অভাৱ মুক্ত হ'বনে বুলি স্থানীয় ৰাইজে প্ৰশ্ন তুলিছে। চৰকাৰী সাহায্য প্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰে যদি এনে পঁয়ালগা অৱস্থা হয়,ছাত্ৰ- ছাত্ৰী সকলে উচ্চ শিক্ষাত কেনে ফল দেখুৱাব সেয়া সহজে অনুমেয় বুলি শৈক্ষিক মহলত অতিকৈ চৰ্চিত হৈছে। ইতিমধ্যে এপ্ৰিলৰ পৰা আৰম্ভ হৈছে নতুন শিক্ষা বৰ্ষ। এনে অৱস্থাত পয়ালগা বিদ্যালয় সমূহৰ আন্ত:গাঁঠনি উন্নত কৰিবলৈ চৰকাৰৰ শিক্ষা বিভাগক সচেতন নাগৰিকে আহ্বান জনাইছে।