Logo
image

শোকাৱহঃ ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল তিনি বন্ধুৰ

ডিজিটেল সংবাদ, নগাঁওঃ মঙলবাৰৰ বিয়লি নগাঁও চহৰৰ কাষৰীয়া ডিমৰুগুৰিৰ শ্মশানত একেলগে জ্বলিল তিনিখন চিতাৰ জুই। এক শোকাকুল পৰিৱেশত একে স্থানৰ তিনি যুৱকক অকালতে বিদায় দিবলগীয়া হোৱাত শোকস্তব্ধ হৈ পৰে সমগ্ৰ অঞ্চল। সোমবাৰৰ নিশা ১০.৪৫ বজাত নগাঁও চহৰৰ দাঁতি কাষৰীয়া চকৰি গাঁৱত পুৰণা ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনি যুৱক থিতাতে নিহত হয়। এখন ট্ৰাকে স্কুটীত খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত স্কুটীত উঠি অহা তিনিজন যুৱকে একেলগে কৰুণ মৃত্যুক সাৱতি লয়। নিহত যুৱককেইজন হৈছে ডিমৰুগুৰিৰ পংকজ দাস (২১), মাধুৰ্য দাস (১৯) আৰু বিক্ৰম দাস (২০)। 

যুৱক তিনিজন উঠি অহা এ এছ ০২ ইউ ৬৭৩০ নম্বৰৰ স্কুটীখনৰ এ এছ ০১ এম চি ০৭৮৭ নম্বৰৰ ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও নিশাৰ আন্ধাৰৰ সুযোগ লৈ চালকজনে পলায়ন কৰে। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়‌। ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত একাংশ লোকে এখন ব্যক্তিগত বাহনৰ আৰোহীক আক্ৰমণৰ চেষ্টা চলায়। আনকি যান-বাহন আৰক্ষীৰ বাহনতো আক্ৰমণ কৰাৰ চেষ্টা চলাই উত্তেজিত লোকে।  

উত্তেজিত লোকৰ আক্ৰমণত নগাঁও যানবাহন শাখাৰ এজন বিষয়াৰ লগতে চালকজনো আঘাতপ্ৰাপ্ত হয়। অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়ে আৰক্ষীয়ে। মৃতদেহ ঘৰ আহি পোৱাৰ পিছত সমগ্ৰ অঞ্চলতে শোকাকুল পৰিবেশৰ সৃষ্টি হয়।