Logo
image

ৰাইজৰ দল আৰু বিৰোধী ঐক্য

অৱশেষত অসমত গঠন হ’ল ‘ৰাইজৰ দল’ নামৰ আঞ্চলিক দলটো৷ দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত ৭ জানুৱাৰীৰ পৰা মৰাণত অনুষ্ঠিত অভিৱৰ্তনত দলটোৱে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিলে৷ অসমত আৰু এটা নতুন আঞ্চলিক দল গঠন হ’ল বুলি কোৱা কথাষাৰত বিশেষ গুৰুত্ব নাথাকিলহেঁতেন, যদিহে অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ সহযোগী সংগঠনসমূহ এই দলটোৰ পৃষ্ঠপোষক হৈ নাথাকিলহেঁতেন!

নৱগঠিত দলটোৱে ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱ পেলাব বুলি অনুমান কৰি অহা হৈছে৷ ‘কা’বিৰোধী আন্দোলনৰ পটভূমিত অসমত ৰাজনৈতিক বিন্যাস সলনি হৈছে৷ সৰ্বস্তৰৰ লোকৰ অংশগ্ৰহণৰ পাছতো আন্দোলনটো বদনামী আৰু মষিমূৰ কৰিবলৈ সকলোপ্ৰকাৰৰ চেষ্টা চলোৱা হৈছিল৷ শান্তিপূৰ্ণ গণ আন্দোলনটো হিংসাত্মক ৰূপ ল’বলৈ বাধ্য হৈছিল৷ বিজেপিৰ বাহিৰে ৰাজ্যৰ সকলো দল-সংগঠনে বিৰোধ কৰাৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰা হৈছিল৷ তেনে কাৰণতে ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল৷ ফলত সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছিল, সান্ধ্য আইন ভংগ কৰা হৈছিল৷ অৱশেষত পাঁচজন আন্দোলনকাৰী চৰকাৰী সশস্ত্ৰ  বাহিনীৰ হাতত নিহত হ’বলগীয়া পৰিস্থিতি হৈছিল৷ 

‘কা’বিৰোধী আন্দোলনটোৰ একপ্ৰকাৰ কৰুণ সমাপ্তি ঘটিল৷ বিষয়টো সৰ্বোচ্ছ ন্যায়ালয়লত বন্দী হোৱাৰ পাছতে আৱিৰ্ভাৱ হোৱা কৰ’না পৰিস্থিতিত আন্দোলন স্তিমিত হৈ পৰে৷ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মূল নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাৰুদ্ধ কৰা হয়৷

প্ৰথমাৱস্থাত অসমৰ ছাত্ৰ সমাজৰ লগতে সকলো ৰাইজ আগবাঢ়ি আহিছিল যদিও পাছৰফালে ‘কেব’-‘কা’ আন্দোলনটোৰ মূল নেতৃত্বত অৱতীৰ্ণ হয় সদৌ অসম  ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি৷ অসমৰ শিল্পী সমাজ আৰু বাঁও গণতান্ত্ৰিক শিবিৰৰ অংশগ্ৰহণ আছিল আন্দোলনটোৰ অন্যতম চালিকা শক্তি৷ অসমৰ আঞ্চলিক দলসমূহো এই আন্দোলনটোত চামিল হৈছিল৷ পৰিস্থিতিৰ তাগিদাত কংগ্ৰেছ দলো আন্দোলনটোৰ আগশাৰীত থিয় হোৱা দেখা গৈছিল৷

প্ৰথমাৱস্থাত ‘কা’বিৰোধী শক্তিটো বিজেপিবিৰোধী শক্তি হৈ পৰিছিল৷ আন্দোলনটোৰ ৰাজনৈতিক সমাধান বিচাৰি বিজেপিবিৰোধী এক নতুন শক্তিৰ জন্ম দিয়াৰ চিন্তা চলিছিল৷ পিছে, সবল নেতৃত্ব আৰু সুষ্ঠ পৰিকল্পনাৰ অভাৱত সকলোৱে এক হোৱাত বাধা আহি পৰে৷ ফলত ইতিমধ্যে জন্ম হয় তিনি-চাৰিটা দল৷ অজিত ভূঞা, অদীপ কুমাৰ ফুকনৰ নেতৃত্বত গঠিত হয় একোটা দল৷ অৰূপ বৰবৰা-জাহ্ন বৰুৱাৰ নেতৃত্বত গঠিত হয় আন এটা দল৷ শেষত ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম হয় অসম জাতীয় পৰিষদ [এজেপি]৷ আৰু সৰ্বশেষত জন্ম পালে ৰাইজৰ দল৷ অৱশ্যে অদীপ ফুকন নেতৃত্বাধীন দলে ‘এজেপি’ আৰু অৰূপ বৰবৰা-জাহ্নু বৰুৱাৰ দলে ‘ৰাইজৰ দল’ত চামিল হোৱা দেখা গৈছে৷ তথাপি দেখা গ’ল ‘কা’বিৰোধী শিবিৰ এতিয়াও চাৰিটা ভাগত বিভক্ত হৈ আছে৷

বিজেপিৰ আগ্ৰাসনত বিপৰ্যস্ত কংগ্ৰেছে এসময়ৰ শত্ৰু দল এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা গঢ়িবলৈ বাধ্য হৈছে৷ কংগ্ৰেছে মহাজোঁটবন্ধনৰ তৎপৰতা চলাই থকা অৱস্থাতে অসমত কেইবাটাও আঞ্চলিক দলৰ জন্ম হোৱা কথাটো তাৎপৰ্যপূৰ্ণ, কাৰণ ‘কা’বিৰোধী আন্দোলনৰ পটভূমিত ভূমিষ্ঠ হোৱা এজেপি আৰু ৰাইজৰ দলে ঘোষণা কৰিছে যে দুয়োটা দলেই ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক দলৰ পৰা সমদূৰত্ব বজাই ৰাখিব৷ প্ৰথমাৱস্থাত অখিল গগৈয়ে ছাত্ৰ সন্থা আৰু যুৱ-ছাত্ৰ পৰিষদক একে পতাকাৰ তলত সমৱেত হোৱাৰ বাবে আহ্বান জনাইছিল যদিও সেয়া হৈ নুঠিল আৰু সুকীয়া স্থিতিৰে দুটা দলৰ জন্ম হ’ল৷

অখিল গগৈক এবছৰৰ অধিক  বন্দী কৰি ৰখা হৈছে৷ শেষবাৰৰ বাবে জামিন নাকচ হৈছে৷ তেনে অৱস্থাত কাৰাৰুদ্ধ অখিল গগৈকে ৰাইজৰ দলৰ সভাপতি আৰু কেইজনমান বাঁওপন্থী আদৰ্শৰ ব্যক্তিক উপদেষ্টা পতা হৈছে৷ দলটোৱে এজেপিৰ স’তে মিত্ৰতাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইফালে নীতিগত কাৰণত অসমৰ বাঁওপন্থী দলসমূহে কংগ্ৰেছৰ নেতৃত্বত বিজেপিবিৰোধী জোঁটবন্ধন বিচাৰিছে৷ এনে কথা লক্ষ্য কৰিলে নিৰ্বাচনলৈ বেছিদিন নথকা অৱস্থাত সৰ্বশেষত বিৰোধী ঐক্য সফল হ’ব বুলি মনে নধৰা হৈছে৷ কংগ্ৰেছ-এ আই ইউ ডি এফৰ জটিল মিত্ৰতাৰ মাজত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব খোজা আঞ্চলিকতাবাদী দল এজেপি আৰু বাঁওপন্থী আদৰ্শৰ ব্যক্তিৰ পৰিচালনাত গঠিত প্ৰগতিশীল আঞ্চলিকতাবাদৰ পৃষ্ঠপোষক ৰাইজৰ দলৰ মিত্ৰতা বাস্তৱত কিমান ৰূপ লয়, সেয়াও সন্দেহৰ আৱৰ্তত৷ কেৱল ‘কা’ বিৰোধিতা আৰু অখিল গগৈৰ মুক্তিক মূল দাবী হিচাপে লৈ আগবাঢ়িলে এতিয়াও নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত নোহোৱা, নিজাকৈ নিৰ্বাচনী প্ৰতীকৰ গৰাকী নোহোৱা দল দুটাই বিধবংসী ৰূপ লোৱা, ধনে-জনে-কৌশলে প্ৰবল প্ৰতাপী হৈ উঠা বিজেপিৰ সন্মুখত কিমান প্ৰত্যাহ্বান সৃষ্টি কৰে, সেয়া সময়তহে ক’ব পৰা যাব৷