Logo
image

অনুদান প্ৰদান কৰি বিহুত সুৰা, চান্দা বৰ্জনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ১৩ এপ্ৰিলঃ ‘ব’হাগ বিহুক আমি কেতিয়াও মদ আৰু চান্দা সংস্কৃতিৰ লগত জড়িত কৰিব নালাগে৷ এই ব্যৱস্থাটোৱে বিশ্ব দৰবাৰত অসমীয়া জাতিটোক এটা টুলুঙা জাতিত পৰিণত কৰে৷’– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা ৰাজ্যৰ ২,১১৪খন বিহু সমিতিলৈ এককালীন আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এনেদৰে মন্তব্য কৰি কয় যে ব’হাগ বিহুত আমি কোন আৰ্টিছক মাতি বিহু কৰিম, ইয়াৰ দ্বাৰা আমাৰ জাতীয় সন্মান নিৰ্ধাৰণ নহয়৷ আমাৰ নৱপ্ৰজন্মক অসমৰ কৃষ্টি-সংস্কৃতিৰ বিষয়ে আমি জনাব পাৰিলোঁ নে নাই, হুচৰি আদিৰ প্ৰতি ল’ৰা-ছোৱালীক আকৰ্ষণ কৰিব পাৰিলোঁনে নাই সেইবোৰহে বিচাৰ্য বিষয়৷ কোনোবা মানুহৰ টেবুলত ধমকি দি উপাৰ্জন কৰা টকাৰে অসমীয়াৰ বিহু প্ৰাচীন কালৰে পৰা নাছিল৷ তেনেদৰে আমাৰ জাতীয়তা নিৰ্মাণো হ’ব নোৱাৰে৷ সেইবাবে মই অসমৰ সমগ্ৰ বিহু সমিতিবিলাকক আহ্বান জনাম যে আমাৰ জাতিটোৰ কপালত থকা আটাইতকৈ বদনামৰ বস্তুটোৱেই হৈছে চান্দা সংস্কৃতি৷ এই চান্দা সংস্কৃতি যেতিয়া আমি নোহোৱা কৰি দিম, আপোনালোকে দেখিব আমাৰ জাতিটোৰ সন্মান কিমান বৃদ্ধি পালে৷ যোৱা দুটা বছৰত চান্দাৰ ব্যৱসায় নোহোৱা হৈ যোৱাৰ কাৰণে বা কমি যোৱাৰ কাৰণে ব্যৱসায়ীসকলে শান্তিত থাকিব পাৰিছে৷ মই বিহু সমিতিসমূহক আহ্বান জনাম যে জাতিৰ গামোচা ডিঙিত লৈ আমি মানুহৰ ওচৰত হাত পাতিব নালাগে৷ বলপূৰ্বকভাৱে বিচৰাটো আৰু ডাঙৰ কথা৷ লাহে লাহে আমাৰ অসমীয়া মানুহ বলপূৰ্বকভাৱে চান্দা তোলাৰ পৰা আঁতৰি যাব৷ তেনে প্ৰৱণতাই আমাৰ জাতীয় সন্মানক আঘাত কৰে৷ তাৰ লগে লগে মই এই কথাও ক’ব খোজোঁ যে বিহুৰ পেণ্ডেলত মদৰ প্ৰচলনে আমাৰ জাতিটোক দুৰ্বল কৰি তুলিছে৷ কোনোবা কোনোবাই ঘৰত খাওক মোৰ ক’বলগীয়া একো কথা নাই৷ কিন্তু বিহুৰ পেণ্ডেলত মদ খাই ঢলং-পলং কৰি উঠি যোৱা কাণ্ডই সমগ্ৰ জাতিটোকে অনা অসমীয়াৰ ওচৰত হেয় প্ৰতিপন্ন কৰে৷ মদ খোৱাক আমিও বাধা নিদিও, দোকানটো আমিয়েই খুলি ৰাখিছোঁ৷ কিন্তু মদ খাবলৈ স্থান, কাল, পাত্ৰ জনাটো খুব প্ৰয়োজনীয়৷ মানুহৰ মনত এটা বিশ্বাস হ’ব লাগে যে চান্দা তোলা টকাৰে এওঁলোকে মদ খোৱা নাই৷ বিহু কমিটীৰ সভাপতি, সম্পাদকৰ দায়িত্ব লোৱা মানে অসমীয়া জাতিৰ সন্মান শিৰত প্ৰতিষ্ঠিত হয়৷ আমি নিয়ম কৰিব লাগে বিহু পেণ্ডেলৰ ২০০-৫০০ মিটাৰৰ ভিতৰত না কোনোবাই মদ খাব পাৰে না কোনোবাই মদ খাই সোমাব পাৰে৷ কাৰণ মহিলাসকলো তাত থাকে৷ বৰষুণ দিলে বিহু ফাংচনত বোকাৰ ওপৰত গৈ নচা পৰিহাৰ কৰিব লাগে৷ এপ্ৰিল মাহ শেষ মানে বিহুও শেষ হ’ব৷ মই জিলা উপায়ুক্তসকলকো নিৰ্দেশ দিছোঁ যে এক জেঠৰ পৰা কাকো আমি বিহু পাতিবলৈ অনুমতি নিদিও৷ সাংস্কৃতিক অনুষ্ঠান পাতিবৰ বাবেহে অনুমতি দিম৷ বিহু সমিতিসমূহে গাঁৱে গাঁৱে হুচৰি গোৱা পৰম্পৰা পুনৰ আৰম্ভ কৰিব লাগে৷ হুচৰি এটা আশীৰ্বাদ৷ মঞ্চ বিহু কৰিলেও সাত বিহুৰ পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব৷ অহা বছৰৰ পৰা চৰকাৰীভাৱে আমি সাতবিহু পতা আৰম্ভ কৰিম৷ কোনোবা জিলাৰ কোনোবা এটা স্থানত আমি গৰু বিহু পাতিম প্ৰতীকিভাৱে৷ অসমীয়া জাতিৰ যাতে ভৰিৰ তলৰ মাটি কেতিয়াও হেৰাই নাযায় তাৰ বাবেই এই ব্যৱস্থা কৰিছোঁ৷ দৰ্জা-খিৰিকী খোলা থাকিব কিন্তু ভৰিৰ তলৰ মাটিও ভৰিৰ তলতে থাকিব৷ বিহুৰ লগত বিহুৱানখন জড়িত হৈ আছে আৰু গামোচাই স্বকীয় বৈশিষ্টৰে অসমীয়া জাতিৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে৷ আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক পৰামনন্দ ৰাজবংশী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক বিভাগৰ সঞ্চালক মীনাক্ষী দাস নাথ, বিভিন্ন বিহু কমিটিৰ পৰা অহা বিষয়ববীয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ৬৬ গৰাকী প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিগৰাকী নিকটাত্মীয়ক প্ত লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়ায়৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৮ চনত ঠিকাভিত্তিক মৃত কৰ্মচাৰীক আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্তই সমাজৰ সকলো শ্ৰেণীৰ সৰ্বাংগীন বিকাশৰ প্ৰতি থকা ৰাজ্য চৰকাৰ দায়বদ্ধতাৰ কথাকে সূচাইছে৷ তেওঁ আশা প্ৰকাশ কৰি কয় যে এককালীন আৰ্থিক সাহায্যই ঠিকাভিত্তিক মৃত কৰ্মচাৰীসকলৰ আত্মীয়সকলক কিছু পৰিমাণে হ’লেও সকাহ প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক আজি এককালীন আৰ্থিক সাহায্য লাভ কৰা পৰিয়ালসমূহক অৰুণোদয় আঁচনিৰ অধীনত সামৰি লোৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ কয়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে ২০১৮ চনত ৰাজ্যৰ বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এই আঁচনিখন লোৱাৰ ক্ষেত্ৰত পদক্ষেপ লৈছিল৷ তেওঁ কয় যে মৃত কৰ্মচাৰীসকলে তেওঁলোকৰ কাৰ্যকালৰ সময়ছোৱাত আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশৰ চিনস্বৰূপে এই আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে৷